ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

১৯৯৬ চনৰ আজিৰ দিনটোতে সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যু হৈছিল । গুৱাহাটী ৰাজগড় ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল সাংবাদিক পৰাগ কুমাৰ দাসক । চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Updated On: 

17 May 2025 | 07:24 AM

আজি ১৯ মে’ৰ দিনটো অসমৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন । ১৯৯৬ চনৰ আজিৰ দিনটোতে সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যু হৈছিল । গুৱাহাটী ৰাজগড় ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল সাংবাদিক পৰাগ কুমাৰ দাসক ।

ইফালে, দেশ আৰু বিশ্বৰ বহু পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে সুনীল গাভাস্কৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। আজিৰ দিনটোতে ৰাছিয়াৰ সংসদৰ উচ্চ সদন ফেডাৰেলিষ্টসকলে পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তিত অনুমোদন জনায়। চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৭৬৯ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শিপিনীৰ ওপৰত কেইবাটাও বাধা আৰোপ কৰি বংগৰ বস্ত্ৰ উদ্যোগ ধ্বংস কৰি পেলায়।
  2. ১৯৭৫ চনৰ আজিৰ দিনটোতে জাপানী মহিলা মিচেছ জংকো টাবেই মাউণ্ট এভাৰেষ্ট বগাই যোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
  3. ১৯৯৬ চনৰ আজিৰ দিনটোতে সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক গুৱাহাটী ৰাজগড় ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে ।
  4. ১৯৮৭ চনৰ আজিৰ দিনটোতে সুনীল গাভাস্কৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।
  5. ২০০০ চন ৰা আজিৰ দিনটোতে ৰাছিয়াৰ সংসদৰ উচ্চ সদন ফেডাৰেলিষ্টসকলে পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তিত অনুমোদন জনায় ।
  6. ১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতে কমনৱেলথ দেশৰ গোটত থাকিবলৈ সিদ্ধান্ত লয়।

লগতে পঢ়ক : Horoscope Today : আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...