চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ! ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এই সিদ্ধান্ত

ভাৰত আৰু পাকিস্তানৰ মাজত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা উত্তেজনা আৰু যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত লৈছে। বৰ্তমান পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ বাহিৰেও পশ্চিমবংগ, পঞ্চকুলা আৰু চণ্ডীগড়ৰ বিদ্যালয়সমূহৰ বাবে বন্ধ ঘোষণা কৰিছে।

চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ! ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এই সিদ্ধান্ত

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এই সিদ্ধান্ত

Published: 

09 May 2025 06:32 AM

বৃহস্পতিবাৰে পাকিস্তানে ভাৰতৰ কেইবাখনো সীমান্তৱৰ্তী ৰাজ্যত ড্ৰ’ন আক্ৰমণৰ চেষ্টা চলাইছিল। ভাৰতীয় বাহিনীয়ে সময়মতে এই আক্রমণ বিফল কৰি পাকিস্তানে আকাশৰ মাজতে ড্ৰ’নবোৰ ধ্বংস কৰে। কিন্তু দুয়োখন দেশৰ মাজত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা উত্তেজনা আৰু যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। বৰ্তমান পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ বাহিৰেও পশ্চিমবংগ, পঞ্চকুলা আৰু চণ্ডীগড়ৰ বিদ্যালয়সমূহৰ বাবে বন্ধ ঘোষণা কৰিছে।

বৃহস্পতিবাৰে পাকিস্তানৰ আক্ৰমণৰ পিছত LOC ৰ গাতে লাগি থকা পঞ্জাৱ, ৰাজস্থান, জম্মু-কাশ্মীৰকে ধৰি বহু ৰাজ্যত বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। অহা তিনিদিনলৈ ব্যক্তিগত, চৰকাৰী, সাহায্যপ্ৰাপ্ত বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব।

পঞ্জাৱত তিনি দিন বিদ্যালয় বন্ধ

পাকিস্তানৰ এই কাপুৰুষকাণ্ডৰ পিছত পঞ্জাৱত বিদ্যালয় বন্ধ কৰাৰ প্ৰথম সিদ্ধান্ত লোৱা হয়। শিক্ষামন্ত্ৰী হৰজোৎ সিং বেইনছে ছ’চিয়েল মিডিয়া পোষ্টত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে, ৰাজ্যৰ সকলো ব্যক্তিগত, চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান আগন্তুক তিনিদিনলৈ বন্ধ থাকিব। ইয়াৰ পূৰ্বেও পঞ্জাৱ চৰকাৰে বন্ধৰ দিন ঘোষণা কৰিছিল। কিন্তু এই বন্ধ ক্ৰমে কেৱল সীমান্তৱৰ্তী জিলা ফিৰোজপুৰ, পাঠানকোট, ফাজিলকা, গুৰদাসপুৰ আৰু অমৃতসৰ অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু পাকিস্তানৰ এই কাৰ্যৰ পিছত এই আদেশ সমগ্ৰ ৰাজ্যতে কাৰ্যকৰী হ’ল।

ৰাজস্থান-গুজৰাটকে ধৰি এই ৰাজ্যসমূহত বিদ্যালয় বন্ধ

কেৱল পঞ্জাৱতে নহয় ৰাজস্থান, গুজৰাট, হাৰিয়ানা আৰু পশ্চিমবংগতো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। এইবোৰত বিশেষকৈ সীমান্ত জিলা আৰু আশে-পাশে থকা জিলাসমূহক সজাগ হৈ থাকিবলৈ কোৱা হৈছে। চণ্ডীগড়তো বিদ্যালয়ৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। ট্ৰাইচিটিত অন্তৰ্ভুক্ত পঞ্চকুলাতো বন্ধ ঘোষণা কৰিছে।

কাশ্মীৰৰ শিক্ষানুষ্ঠানো বন্ধ

আনহাতে, কাশ্মীৰৰ বিদ্যালয় শিক্ষা সঞ্চালকেও বিদ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। সমগ্ৰ ৰাজ্যৰ বাবে এই আদেশ জাৰি কৰা হৈছে। অৱশ্যে প্ৰথম অৱস্থাত কেৱল কঠুৱা, বাৰামুল্লা, কুপোৱাৰা, শ্ৰীনগৰ আৰু আৱন্তিপোৰা বিদ্যালয়তহে ছুটীৰ নিৰ্দেশ দিয়া হৈছিল। পাকিস্তানৰ এই কাৰ্যৰ পিছত সমগ্ৰ ৰাজ্যতে ইয়াক কাৰ্যকৰী কৰা হৈছে।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension