বছৰটোৰ শেষৰ দিনটোত ক’ত কি ঘটিছিল ? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক
বহু ঘটনা পৰিঘটনাৰ বাবেআজি ৩১ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। বছৰটোৰ এই শেষৰ দিনটো জন্মগ্ৰহণ কৰিছিল বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই। চাওঁ আহক দিনটোৰ ইতিহাস।

আজি ৩১ ডিচেম্বৰ। বছৰটোৰ এই শেষৰ দিনটো জন্মগ্ৰহণ কৰিছিল বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই। ১৯০৭ চনৰ আজিৰ দিনটোতে আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম। এই প্ৰখ্যাত অসমীয়া সাহিত্যিকগৰাকীৰ প্ৰথমটো কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত ‘বাঁহী’ত প্ৰকাশ পায়। সাংবাদিকতাৰ সৈতে জড়িত থকা আনন্দ চন্দ্ৰ বৰুৱাই এটা শিক্ষকতাও কৰিছিল। ১৯৬৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি নিৰ্বাচন কৰা হৈছিল আনন্দ চন্দ্ৰ বৰুৱা। ১৯৭০ চনত আনন্দ চন্দ্ৰ বৰুৱাক পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল। ইয়াৰ লগতে আজিৰ দিনটোত ঘটনা অন্যান্য পৰিঘটনা চাওঁ আহক।
দিনটোৰ ইতিহাস
- ১৬০০ চনত ইংৰাজ ৰাজকীয় চনদৰ দ্বাৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হয়।
- ১৯১১ চনত পোলেণ্ডৰ পদাৰ্থবিজ্ঞানী মেৰী কিউৰীয়ে তেজস্ক্রিয়তালৈ আগবঢ়োৱা অৱদানৰ বাবে ৰসায়ন বিজ্ঞানৰ দ্বিতীয়টো নোবেল বঁটা লাভ কৰে।
- ১৯৪৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰী এছ ট্ৰুমেনে আনুষ্ঠানিকভাৱে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত ঘোষণা কৰে।
- ২০১৯ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমবাৰৰ বাবে চীনৰ য়ুহানত ৰহস্যজনক নিউমোনিয়া ৰোগীৰ বিষয়ে জানিব পাৰিছিল, যিটো পৰৱৰ্তী সময়ত ক’ভিড-১৯ ভাইৰাছ বুলি ধৰা পৰিছিল আৰু বিশ্বজুৰি মহামাৰীৰ সূচনা কৰিছিল।
- ১৯৪৪ চনত হাংগেৰীয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯৫৫ চনত সৰ্থেবাৰীক নগৰ হিচাপে ঘোষণা কৰা হয়।
- ২০০০ চনত ইউৰোপৰ ১২খন দেশত ইউৰ’ মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়।
- ১৯৯৯ চনত বৰিছ য়েলচিনৰ পদত্যাগৰ পিছত ৰাছিয়াৰ প্ৰধানমন্ত্ৰী ভ্লাদিমিৰ পুটিন ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হয়।
- ১৯০৭ চনত “বকুল বনৰ কবি” নামেৰে পৰিচিত অসমীয়া সাহিত্যিক আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম।
- ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰলাইন্সৰ ফ্লাইট ৮১৪ অপহৰণৰ মুক্তি লাভ কৰে, য’ত ভাৰতত বন্দী হৈ থকা তিনিজন ইছলামিক সন্ত্ৰাসবাদীৰ বিনিময়ত ১৯০ জন জীৱিত লোকক মুকলি কৰি দিয়া হয়।