ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
১৯৭২ চনৰ আজিৰ দিনটোতে পাকিস্তানে কমনৱেলথৰ সদস্যপদৰ পৰা পদত্যাগ কৰে। ১৭৭২ চনৰ আজিৰ দিনটোতে ৰাজা ৰাম মোহন ৰায়ৰ জন্ম হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

২২ মে’ৰ দিনটো বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১৯৭২ চনৰ আজিৰ দিনটোতে পাকিস্তানে কমনৱেলথৰ সদস্যপদৰ পৰা পদত্যাগ কৰে। ১৭৭২ চনৰ আজিৰ দিনটোতে ৰাজা ৰাম মোহন ৰায়ৰ জন্ম হয়। তেওঁক ভাৰতীয় নৱজাগৰণৰ পথ প্ৰদৰ্শক আৰু আধুনিক ভাৰতৰ পিতৃ বুলি কোৱা হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৯৭২ চনৰ আজিৰ দিনটোতে পাকিস্তানে কমনৱেলথৰ সদস্যপদৰ পৰা পদত্যাগ কৰে।
- ১৭৭২ চনৰ আজিৰ ৰাজা ৰাম মোহন ৰায়ৰ জন্ম হয়। তেওঁক ভাৰতীয় নৱজাগৰণৰ পথ প্ৰদৰ্শক আৰু আধুনিক ভাৰতৰ পিতৃ বুলি কোৱা হয়।
- ১৯১৫ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে অষ্ট্ৰিয়া, হাংগেৰী আৰু জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৯৭২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড এম নিক্সন মস্কোত উপস্থিত হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ছোভিয়েট ইউনিয়ন ভ্ৰমণৰ এইটোৱেই আছিল প্ৰথম।
- ১৯৮৪ চনৰ আজিৰ দিনটোতে বাচেন্দ্ৰী পাল বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
- ১৯৮৮ চনত ভাৰতে থলুৱাভাৱে নিৰ্মিত বেলিষ্টিক মিছাইল অগ্নি সফলতাৰে পৰীক্ষা কৰে।
- ১৯৯০ চনৰ আজিৰ দিনটোতে উত্তৰ আৰু দক্ষিণ য়েমেনৰ একত্ৰীকৰণৰ লগে লগে য়েমেন গণৰাজ্যৰ উত্থান ঘটে।
- ২০০৩ চনৰ আজিৰ দিনটোতে আলজেৰিয়াত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত দুহেজাৰৰো অধিক লোকৰ মৃত্যু হয়।