ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোত এল টি টি ই উগ্ৰপন্থীয়ে হত্যা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক। শ্ৰীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰাত ক্ষুব্ধ তামিল বিদ্ৰোহীয়ে তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত ৰাজীৱৰ ওপৰত আত্মঘাতী আক্ৰমণ চলায়। তদুপৰি আজিৰ দিনটোত ঘটা আন আন পৰিঘটনাবোৰ চাওঁ আহক ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

21 May 2025 | 09:47 AM

২১ মে’ৰ দিনটো বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোত এল টি টি ই উগ্ৰপন্থীয়ে হত্যা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক। শ্ৰীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰাত ক্ষুব্ধ তামিল বিদ্ৰোহীয়ে তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত ৰাজীৱৰ ওপৰত আত্মঘাতী আক্ৰমণ চলায়। ফুলৰ মালা লৈ এগৰাকী মহিলাই লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা ৰাজীৱ গান্ধীৰ কাষ চাপিছিল আৰু তেওঁৰ অতি ওচৰলৈ যোৱাৰ পিছত বিস্ফোৰণ সংঘটিত হৈছিল । তদুপৰি আজিৰ দিনটোত ঘটা আন আন পৰিঘটনাবোৰ চাওঁ আহক ।

দিনটোৰ ইতিহাস

  1. ১৫০২ চনৰ আজিৰ দিনটোতে পৰ্তুগালৰ জোয়াও দা নোভাই দক্ষিণ আটলাণ্টিক মহাসাগৰত চেণ্ট হেলেনা দ্বীপ আৱিষ্কাৰ কৰে।
  2. ১৮৪০ চনৰ আজিৰ দিনটোতে নিউজিলেণ্ডক ব্ৰিটিছ উপনিবেশ হিচাপে ঘোষণা কৰা হয়।
  3. ১৮৫১ চনৰ আজিৰ দিনটোতে দক্ষিণ আমেৰিকাৰ কলম্বিয়াত দাসত্ব বিলুপ্ত কৰা হয়।
  4. ১৮৮১ চনৰ আজিৰ দিনটোতে আমেৰিকান ৰেড ক্ৰছ সংগঠন প্ৰতিষ্ঠা হয়।
  5. ১৯০৪ চনৰ আজিৰ দিনটোতে পেৰিছত ফুটবলৰ সৰ্বোচ্চ সংস্থা আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন (ফিফা) প্ৰতিষ্ঠা কৰা হয়।
  6. ১৯১৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভে মহিলাসকলক ভোটদানৰ অনুমতি প্ৰদান কৰে।
  7. ১৯২৯ চনৰ আজিৰ দিনটোতে কলিকতা আৰু বাংগালুৰুৰ মাজত ভাৰতৰ প্ৰথমটো বিমান মালবাহী সেৱা আৰম্ভ হয়।
  8. ১৯৯১ চনৰ আজিৰ দিনটোতে তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত আত্মঘাতী বোমা আক্ৰমণত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী মৃত্যু হয়।
  9. ১৯৯৪ চনৰ আজিৰ দিনটোতে মেনিলাত অনুষ্ঠিত ৪৩ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত সুস্মিতা সেনে বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলাৰ খিতাপ লাভ কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...