ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে জাপান আৰু আমেৰিকাৰ মাজত নিৰাপত্তা চুক্তি স্বাক্ষৰ হয়। আজিৰ দিনটোতে শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাশ্মীৰৰ মৃত্যু হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

23 Jun 2025 10:33 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৩ জুনৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে জাপান আৰু আমেৰিকাৰ মাজত নিৰাপত্তা চুক্তি স্বাক্ষৰ হয়। আজিৰ দিনটোতে শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাশ্মীৰৰ মৃত্যু হয়। ১৯৯৬ চনত শ্বেখ হাছিনা ৱাজিদে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৭৫৭ চনত চিৰাজ-উদ-দৌলাহ পলাশী যুদ্ধত ইংৰাজৰ হাতত পৰাস্ত হয় আৰু তেওঁ উটত উঠি পলায়ন কৰে।
  2. ১৯৫৩ চনত জন সংঘৰ প্ৰতিষ্ঠাপক শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাশ্মীৰৰ এখন চিকিৎসালয়ত মৃত্যু হয়।
  3. ১৯৬০ চনৰ আজিৰ দিনটোতে জাপান আৰু আমেৰিকাৰ মাজত নিৰাপত্তা চুক্তি হয়।
  4. ১৯৮০ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কনিষ্ঠ পুত্ৰ সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়।
  5. ১৯৮৫ চনত আয়াৰলেণ্ডৰ উপকূলৰ ওচৰত এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমানত বোমা বিস্ফোৰণ ঘটে। আটাইকেইজন যাত্ৰীৰ মৃত্যু হয়।
  6. ১৯৯৪ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে দক্ষিণ আফ্ৰিকাৰ সদস্যপদৰ অনুমোদন জনায়।
  7. ১৯৯৪ চনত উত্তৰ কোৰিয়াই নিজৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰাৰ কথা ঘোষণা কৰে।
  8. ১৯৯৬ চনত শ্বেখ হাছিনা ৱাজিদে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
  9. ২০১৬ চনত ব্ৰিটেইনৰ জনসাধাৰণে ইউৰোপীয় সংঘৰ পৰা পৃথক হোৱাৰ সপক্ষে ভোটদান কৰে। এই প্ৰস্তাৱৰ সপক্ষে ৫১.৯ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ৪৮.১ ভোটৰ বিৰোধিতা কৰে।
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক
"লেতেৰাৰ ভঁৰাল..." লিভ-ইন সম্পৰ্কক লৈ প্ৰেমানন্দ মহাৰাজৰ মন্তব্য