ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে পশ্চিম বাৰ্লিনলৈ যোৱা পথসমূহ বন্ধ কৰি দিয়ে। আজিৰ দিনটোতে দাস কেপিটেলৰ লেখক তথা সমাজবিজ্ঞানী কাৰ্ল মাৰ্ক্সৰ বিবাহ হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস ।

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে ৱাশ্বিংটনত প্ৰথম পিতৃ দিৱস পালন কৰা হয়। আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে পশ্চিম বাৰ্লিনলৈ যোৱা পথসমূহ বন্ধ কৰি দিয়ে। আজিৰ দিনটোতে দাস কেপিটেলৰ লেখক তথা সমাজবিজ্ঞানী কাৰ্ল মাৰ্ক্সৰ বিবাহ হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস ।
দিনটোৰ ইতিহাস
- ১২৬৯ ফ্ৰান্সৰ ৰজা লুইছে সকলো ইহুদীক বিশেষ বেজ পিন্ধিবলৈ নিৰ্দেশ দিয়ে।
- ১৮৪৩ চনত দাস কেপিটেলৰ লেখক তথা সমাজবিজ্ঞানী কাৰ্ল মাৰ্ক্সৰ বিবাহ হয়।
- ১৯১০ চনত ৱাশ্বিংটনত প্ৰথম পিতৃ দিৱস পালন কৰা হয়।
- ১৯৪৫ চনত ম্যানমাৰৰ আং ছান ছু কিৰ জন্ম।
- ১৯৪৭ চনত বিখ্যাত ব্ৰিটিছ-ভাৰতীয় লেখক তথা ঔপন্যাসিক ছলমান ৰুছদিৰ জন্ম।
- ১৯৪৮ চনত ছোভিয়েট ইউনিয়নে পশ্চিম বাৰ্লিনলৈ যোৱা পথসমূহ বন্ধ কৰি দিয়ে।
- ১৯৭০ চনত আজিৰ দিনটোতে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ জন্ম।
- ১৯৯১ চনত ছোভিয়েট ইউনিয়নে হাংগেৰীক নিজৰ দখলৰ পৰা মুক্ত কৰে।