ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
আজিৰ দিনটোতে হালদীঘাটীৰ যুদ্ধ আৰম্ভ হয় । আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জেমছ মেডিচনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঐতিহাসিক ঘটনা পৰিঘটনা ।

আজি ১৮ জুনৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে হালদীঘাটীৰ যুদ্ধ আৰম্ভ হয় । আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জেমছ মেডিচনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। আজিৰ দিনটোতে নেপোলিয়ন বোনাপাৰ্টে ৱাটাৰলু যুদ্ধত পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ঐতিহাসিক ঘটনা পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৫৭৬ চনৰ আজিৰ দিনটোতে আকবৰ আৰু মহাৰাণা প্ৰতাপৰ মাজত হালদীঘাটীৰ যুদ্ধ আৰম্ভ হয়।
- ১৮১২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জেমছ মেডিচনে ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
- ১৮১৫ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাপাৰ্টে ৱাটাৰলু যুদ্ধত পৰাজয়ৰ সন্মুখীন হয়।
- ১৯৪১ চনত তুৰস্কই নাজী জাৰ্মানীৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰে।
- ১৯৪৬ চনৰ আজিৰ দিনটোতে পৰ্তুগীজৰ পৰা গোৱাক মুক্ত কৰিবলৈ প্ৰথম সত্যগ্ৰহ আন্দোলন আৰম্ভ হয়।
- ১৯৭২ চনত ব্ৰিটিছ ইউৰোপীয় বিমান ৫৪৮ উৰণৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বিমানখনত থকা ১১৮ জন লোকৰ মৃত্যু হয়।
- ১৯৭৯ চনআ আজিৰ দিনটোতে আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি স্বাক্ষৰিত হয়।
- ২০০৯ চনত নাছাই পানীৰ সন্ধানত চন্দ্ৰলৈ এখন বিশেষ মহাকাশযান প্ৰেৰণ কৰে।
লগতে পঢ়ক : Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…