ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজি দিনটোতে অস্পৃশ্যতা (প্ৰতিৰোধ) আইন বলবৎ হয়। আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানী ভংগ হয়। ইফালে ১ জুনৰ দিনটোতে এইচ ডি দেৱেগৌড়া দেশৰ একাদশ প্ৰধানমন্ত্ৰী হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

01 Jun 2025 10:15 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজি দিনটোতে অস্পৃশ্যতা (প্ৰতিৰোধ) আইন বলবৎ হয়। আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানী ভংগ হয়। ইফালে ১ জুনৰ দিনটোতে এইচ ডি দেৱেগৌড়া দেশৰ একাদশ প্ৰধানমন্ত্ৰী হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৮১৯ চনৰ আজিৰ দিনটোতে বংগত ছেৰামপুৰ মহাবিদ্যালয় স্থাপন।
  2. ১৮৭৪ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানী ভংগ হয়।
  3. ১৯২৯ চনৰ আজিৰ দিনটোতে ‘মাদাৰ ইণ্ডিয়া’ ছবিত হিন্দী ছবিত আটাইতকৈ স্মৰণীয় মাতৃৰ চৰিত্ৰত অভিনয় কৰা নাৰ্গিছ দত্তৰ জন্ম হয়।
  4. ১৯৫৫ চনৰ আজিৰ দিনটোতে অস্পৃশ্যতা (প্ৰতিৰোধ) আইন বলবৎ হয়।
  5. ১৯৭৯ চনৰ আজিৰ দিনটোতে ৰোডেছিয়াত ৯০ বছৰৰ পাছত সংখ্যালঘু বগা মানুহৰ শাসনৰ অন্ত পৰে আৰু ইয়াৰ ঘোষণা হয় আৰু দেশখনে নতুন নাম লাভ কৰে – জিম্বাবুৱে।
  6. ১৯৯৬ চনৰ আজিৰ দিনটোতে এইচ ডি দেৱেগৌড়া দেশৰ একাদশ প্ৰধানমন্ত্ৰী হয়।
  7. ১৯৯৯ চনৰ আজিৰ দিনটোতে মধ্য চীনৰ হুবেই প্ৰদেশত খ্ৰীষ্টপূৰ্ব ৭৭০-২৫৬ চনৰ তিনিশ প্ৰাচীন সমাধি আৱিষ্কাৰ হয়।
  8. ২০০১ চনৰ আজিৰ দিনটোতে নেপালৰ ৰাজপৰিয়ালৰ ৰজা বীৰেন্দ্ৰ বিক্ৰম শ্বাহ, তেওঁৰ পত্নী আৰু ৰাজপৰিয়ালৰ আন বহু সদস্যক নিৰ্মমভাৱে হত্যা কৰা হয়, ক্ৰাউন প্ৰিন্স দিপেন্দ্ৰেও আত্মহত্যাৰ চেষ্টা কৰে, জ্ঞানেন্দ্ৰ ভাৰপ্ৰাপ্ত ৰজা হয়।
  9. ২০০৪ চনৰ আজিৰ দিনটোতে চুন্নী নেতা তথা ইৰাকৰ প্ৰশাসনিক পৰিষদৰ মুৰব্বী গাজী মাছাল আজিজ আল ইয়াৱাৰ ইৰাকৰ নতুন ৰাষ্ট্ৰপতি হয়।
  10. ২০০৫ চনৰ আজিৰ দিনটোতে আপা শ্বেৰ্পাই ১৫ সংখ্যক বাৰৰ বাবে মাউণ্ট এভাৰেষ্টত সফলতাৰে আৰোহণ কৰে।
ভিটামিন A ৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
IPL ৰ প্ৰথমখন মেচ ভাৰতৰ কোনখন চহৰত হৈছিল?
আনৰ সফলতা দেখিলে আমাৰ মনত কিয় কষ্ট হয়? ক'লে প্ৰেমানন্দ মহাৰাজে
যকৃত সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে? সবিশেষ জানক