আজি দিনটোত কি কি ঘটিছিল ? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা…

আজি ৮ ডিচেম্বৰ । বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটো কি কি ঘটিছিল চাওঁ আহক।

আজি দিনটোত কি কি ঘটিছিল ? ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ঘটনা পৰিঘটনা…
Published: 

08 Dec 2025 10:20 AM

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯২৩ চনত জাৰ্মানী আৰু আমেৰিকাৰ মাজত বন্ধুত্ব চুক্তি স্বাক্ষৰিত হয়। ১৯৪১ চনত আমেৰিকা আৰু ব্ৰিটেইনে জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ২০০৪ চনত পাকিস্তানে ৭০০ কিলোমিটাৰ দূৰত্বৰ শ্বাহীন-১ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে। ইতিহাসৰ পাতত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৮৬৩ চনত চিলিৰ ৰাজধানী ছান্টিয়াগোৰ জেচুইট গীৰ্জাত অগ্নিকাণ্ড সংঘটিত হয় আৰু ২৫০০ লোকৰ মৃত্যু হয়।
  2. ১৮৮১ চনত ইউৰোপীয় দেশ অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত থিয়েটাৰত অগ্নিকাণ্ডত ৮০০ৰো অধিক লোকৰ মৃত্যু হয়।
  3. ১৯২৩ চনত জাৰ্মানী আৰু আমেৰিকাৰ মাজত বন্ধুত্ব চুক্তি স্বাক্ষৰিত হয়।
  4. ১৯৪১ চনত আমেৰিকা আৰু ব্ৰিটেইনে জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  5. ১৯৫৬ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত ১৬ সংখ্যক অলিম্পিক গেমছৰ সামৰণি পৰে।
  6. ১৯৬৭ চনত প্ৰথমখন চাবমেৰিন আই এন এছ কালভাৰী নৌসেনাত কমিচন কৰা হয়।
  7. ১৯৭৬ চনত আমেৰিকাই নেভাদাত পাৰমাণৱিক পৰীক্ষা চলায়।
  8. ২০০০ চনত ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পাদিত হয়।
  9. ২০০৩ চনত জিম্বাবুৱেই নিলম্বনৰ সময়সীমা বৃদ্ধি কৰাৰ পিছত কমনৱেলথৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। বসুন্ধৰা ৰাজে সিন্ধিয়া ৰাজস্থানৰ মুখ্যমন্ত্ৰী হয়। উমা ভাৰতী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল।
  10. ২০০৪ চনত পাকিস্তানে ৭০০ কিলোমিটাৰ দূৰত্বৰ শ্বাহীন-১ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা কৰে।
  11. ২০০৭ চনত আমেৰিকা নেতৃত্বাধীন মিত্ৰশক্তিৰ বাহিনী আৰু নাটো বাহিনীয়ে দক্ষিণ আফগানিস্তানৰ মুছা কালা জিলাত তালিবান উগ্ৰপন্থীক আক্ৰমণ কৰে।
  12. ১৯৩৫ চনত আজিৰ দিনটোতে ভাৰতীয় প্ৰখ্যাত অভিনতা ধৰ্মেন্দ্ৰৰ জন্ম।
খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...