আই পি এল ২০২৫ত কাৰ শিৰত থাকিব অ’ৰেঞ্জ কেপ!

23 May 2025

TV9 ASSAM

আই পি এল ২০২৫ৰ লীগ পৰ্যায়ৰ মেচ প্ৰায় অন্ত পৰাৰ দিশে। প্ৰতিযোগিতাৰ লীগ পৰ্যায় অন্ত পৰিবলৈ আৰু মাত্ৰ ৬ খন মেচ বাকী আছে।

আই পি এল ২০২৫

ইতিমধ্যে প্লে’ অফৰ চাৰিটা দল নিশ্চিত হৈ পৰিছে। এই দলকেইটা হৈছে গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু, পঞ্জাৱ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ।

প্লে’ অফ

প্ৰতিযোগিতাৰ প্ৰতিটো ছিজনতে সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰগৰাকীয়ে লাভ কৰে অ’ৰেঞ্জ কেপ। এই ছিজনত এতিয়ালৈকে হোৱা ৬৪ খন মেচত কোন আছে এই দৌৰত!

অ’ৰেঞ্জ কেপ

এতিয়ালৈকে ১৩টা ইনিংছত ৬৩৮ ৰান সংগ্ৰহেৰে অ’ৰেঞ্জ কেপৰ দৌৰত শীৰ্ষত আছে গুজৰাট টাইটানছৰ ছাই সুদৰ্শন।

শীৰ্ষত ছাই

সমসংখ্যক মেচত ৬৩৬ ৰান সংগ্ৰহেৰে তালিকাত দ্বিতীয় স্থানত আছে সুদৰ্শনৰে অধিনায়ক শুভমন গিল। অৰ্থাৎ অ’ৰেঞ্জ কেপৰ দৌৰত মাত্ৰ ২ ৰানত আগবাঢ়ি আছে সুদৰ্শন।

শুভমন গিল

মুম্বাই ইণ্ডিয়ানছৰ তাৰকা সূৰ্যকুমাৰ যাদৱ ১৩ খন মেচত ৫৮৩ ৰান সংগ্ৰহেৰে এই তালিকাত তৃতীয় স্থানত আছে।

সূৰ্যকুমাৰ যাদৱ

ইয়াৰ পিছতে তালিকাত আছে মাৰ্শ্ব, জয়ছোৱাল, বাটলাৰ, পুৰাণ আৰু কোহলী। অৱশ্যে মাৰ্শ্ব, পুৰাণ আৰু জয়ছোৱালৰ অভিযান এই ছিজনত ইতিমধ্যে অন্ত পৰিছে।

আৰু কোন

এতিয়া ছাই, গিল, সূৰ্য, বাটলাৰ আৰু কোহলীৰ মাজত দেখা যাব অ’ৰেঞ্জ কেপৰ বাবে প্ৰতিযোগিতা। এই ক্ষেত্ৰত কোন সফল হয়, সেয়া হ’ব লক্ষণীয়।

কাৰ শিৰত

পঢ়িবলৈ ক্লিক কৰক 

IPLত যশপ্ৰীত বুমৰাহে ৰচিলে অনন্য কৃতিত্ব