ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ইতিহাস

আজি ২১ ডিচেম্বৰ। আজিৰ দিনটোতে অসমবাসী হেৰুৱাইছিল প্ৰসিদ্ধ কণ্ঠশিল্পী দীপালী বৰঠাকুৰ আৰু অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী তুলতুল বৰুৱাক। চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ইতিহাস
Published: 

21 Dec 2025 07:00 AM

আজি ২১ ডিচেম্বৰ। বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন। এই দিনটো বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে অসমবাসীয়ে হেৰুৱাইছিল প্ৰসিদ্ধ কণ্ঠশিল্পী দীপালী বৰঠাকুৰক। এইগৰাকী প্ৰখ্যাত শিল্পীক বহু অনুৰাগীয়ে মৰমতে “অসমীয়া লতা মংগেশকাৰ” বুলি অভিহিত কৰিছিল।

“সোণৰ খাৰু নালাগে মোক”, “চেনাই মই ৰাজ দেই” আদি গানৰ মাজেৰে অসমবাসীৰ বুকুত স্থান দখল কৰিছিল দীপালী বৰঠাকুৰে। তেখেতে ১৯৯৮ চনত পদ্মশ্ৰী বঁটা, ২০১০ চনত অসম চৰকাৰৰ শিল্পী বঁটা আৰু ২০১২ চনত আইদেউ সন্দিকৈ শিল্পী বঁটা লাভ কৰিছিল। বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ পত্নী আছিল দীপালী বৰঠাকুৰ। ২০১৮ চনৰ আজিৰ দিনটোতে তেখেতৰ মৃত্যু হয়।

ইফালে, ২০২০ চনৰ আজিৰ দিনটো অসমৰ প্ৰথমগৰাকী মহিলা অনাতাঁৰ শিল্পী তুলতুল বৰুৱাৰ মৃত্যু হয়। ১৯৪৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰথম মহিলা কণ্ঠশিল্পী হিচাপে গীত পৰিবেশন কৰিছিল তুলতুল বৰুৱাই। তেখেত সাপ্তাহিক নীলাচলৰ সহকাৰী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে চাওঁ অন্যান্য ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

১৮৯৮ চনত ৰসায়নবিদ পিয়েৰ আৰু মেৰী কিউৰীয়ে ৰেডিয়াম আৱিষ্কাৰ কৰে।

১৯১০ চনত ইংলেণ্ডৰ হাল্টনত কয়লা খনিৰ বিস্ফোৰণত ৩৪৪ জন শ্ৰমিকৰ মৃত্যু হয়।

১৯১৪ চনত আমেৰিকাত প্ৰথমখন নিৰৱ কমেডী বৈশিষ্ট্যপূৰ্ণ ছবি টিলিছ পাংচাৰড ৰোমাঞ্চ মুক্তি পায়।

১৯৩১ চনত আৰ্থাৰ উইনে সৃষ্টি কৰা বিশ্বৰ প্ৰথম ক্ৰছৱৰ্ড নিউয়ৰ্ক ৱৰ্ল্ড কাকতত প্ৰকাশ পায়।

১৯৪৯ চনত পৰ্তুগীজ শাসকসকলে ইণ্ডোনেছিয়াক সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে।

১৯৫২ চনত ছাইফুদ্দিন কিচ্চলু তদানীন্তন ছোভিয়েট ইউনিয়নৰ লেনিন শান্তি বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।

১৯৭৪ চনত বিশাখাপট্টনমত প্ৰথমটো ছাবমেৰিন প্ৰশিক্ষণ প্ৰতিষ্ঠান INS Satavahana মুকলি কৰা হয়।

২০১১ চনত প্ৰখ্যাত পাৰমাণৱিক বিজ্ঞানী পি কে আয়েংগাৰৰ মৃত্যু।

যকৃত বিকল হ’লে শৰীৰত কি কি পৰিৱৰ্তন দেখা যায়? সবিশেষ জানক
আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...