আজিৰ দিনটোতে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম, চাওঁ আহক দিনটোৰ ইতিহাস

বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ ১৮ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। চাওঁ আহক দিনটোৰ ইতিহাস।

আজিৰ দিনটোতে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম, চাওঁ আহক দিনটোৰ ইতিহাস
Published: 

18 Dec 2025 07:00 AM

আজি ১৮ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিব্ধ হৈ আছে। ১৯৬০ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰা হয়। ১৮৮৫ চনৰ আজিৰ দিনটোতে অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম। তেওঁ একাধাৰে কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী আছিল। অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী নামেৰেও পৰিচিত।

১৯৪৬ চনৰ আজিৰ দিনটোতে ষ্টীভেন এলেন স্পিলবাৰ্গৰ জন্ম। তেওঁ এগৰাকী আমেৰিকা চিত্ৰনাট্য লেখক, হলীউড চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। হলীউডৰ সৰ্বকালৰ আটাইতকৈ ব্যৱসায়িকভাৱে সফল পৰিচালক গৰিগণিত হৈছে স্পিলবাৰ্গ। স্পিলবাৰ্গে কৰ্ম জীৱনত তিনিটাকৈ অস্কাৰ বঁটা, এটা কেনেডি চেণ্টাৰ সন্মান, এটা চেচিল বি ডিমিল বঁটা আৰু এটা এএফআই লাইফ এচিভমেণ্ট বঁটা লাভ কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

১৩৯৮ চনত আমিৰ টাইমৰে চুলতান নুছৰত শ্বাহৰ পৰা দিল্লীৰ সিংহাসন দখল কৰে।

১৮৬৫ চনত আমেৰিকাৰ বিদেশ সচিবে ঘোষণা কৰা অনুসৰি সংবিধানৰ ত্ৰয়োদশ সংশোধনীৰ জৰিয়তে দেশত দাসত্ব আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰা হয়।

১৯৪৬ চনত প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক ষ্টিভেন স্পিলবাৰ্গৰ জন্ম হয়। তেওঁৰ অসাধাৰণ ছবিৰে তেওঁ বিশ্বব্যাপী প্ৰশংসা লাভ কৰিছিল।

১৯৬০ চনত নতুন দিল্লীত ৰাষ্ট্ৰীয় সংগ্ৰহালয় উদ্বোধন কৰা হয়।

১৯৮৯ চনত শচীনে পাকিস্তানৰ বিৰুদ্ধে প্ৰথম এদিনীয়া খেল খেলে।

১৯৯৫ চনত পশ্চিম বংগৰ পুৰুলিয়াত এখন অচিনাক্ত বিমানে অস্ত্ৰ-শস্ত্ৰৰ বিশাল ভঁৰাল এৰি যায়।

১৯৯৭ চনত কিম ডায়ে-জং দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। দেশৰ ইতিহাসত এই পদত অধিষ্ঠিত হোৱা প্ৰথমজন বিৰোধী নেতা।

২০১৭ চনত কমনৱেলথ ৰেছলিং চেম্পিয়নশ্বিপত ভাৰতে ৩০ টা স্বৰ্ণ পদকৰ ভিতৰত ২৯ টা স্বৰ্ণ পদক লাভ কৰি বৃহৎ সফলতা অৰ্জন কৰে।

ভাগ্যত নাথাকিলে বিচৰা বস্তুটো কেনেকৈ নিজৰ কৰিব?
উজ্জ্বল আৰু কোমল ছালৰ বাবে কিদৰে ব্যৱহাৰ কৰিব এলোভেৰা জেল?
টোপনিৰ এনে অভ্যাস হ’ব পাৰে আপোনাৰ জীৱনৰ বিপদ, কৰিব পাৰে হৃদযন্ত্ৰৰ ক্ষতি
আজিৰ জীৱনশৈলীত লিভাৰ কেনেকৈ সুস্থ ৰাখিব? ৫টা পৰামৰ্শ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...