আজি ৪ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম কৃষ্ণাংগ আৰু ৪৪ সংখ্যক ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ জন্ম। লগতে চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ ৪ আগষ্ট দিনটোৰ ইতিহাস।

আজি ৪ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

04 Aug 2025 09:46 AM

বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত আজি ৪ আগষ্টৰ দিনটো লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ইংলেণ্ডে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। আজিৰ দিনটোতে ভাৰতীয় গায়ক তথা অভিনেতা কিশোৰ কুমাৰৰ জন্ম। আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম কৃষ্ণাংগ আৰু ৪৪ সংখ্যক ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ জন্ম। লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

১৫২২ চনৰ আজিৰ দিনটোতে মেৱাৰৰ শাসক আৰু মহাৰাণ প্ৰতাপৰ পিতৃ ৰাণা উদয় সিংহৰ জন্ম।

১৭৩০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ইতিহাসৰ বিখ্যাত মাৰাঠা যোদ্ধা সদাশিৱৰাও ভাউৰ জন্ম।

১৮৬২ চনৰ আজিৰ দিনটোতে আমেৰিকা চৰকাৰে প্ৰথম আয়কৰ সংগ্ৰহৰ নিৰ্দেশ দিয়ে।

১৮৭০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰেড ক্ৰছ ছ’চাইটি স্থাপন কৰা হয়।

১৯১৪ চনৰ আজিৰ দিনটোতে ইংলেণ্ডে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯২৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় গায়ক তথা অভিনেতা কিশোৰ কুমাৰৰ জন্ম।

১৯৩০ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ বেলজিয়ামত সৰু ল’ৰা-ছোৱালীৰ শ্ৰমৰ বাবে এখন আইন প্ৰণয়ন কৰা হয়।

১৯৪৭ চনৰ আজিৰ দিনটোতে জাপানত উচ্চতম ন্যায়ালয় স্থাপন কৰা হয়।

১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম পাৰমাণৱিক গৱেষণা ৰিয়েক্টৰ অপচৰা আৰম্ভ হয়।

১৯৬১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম কৃষ্ণাংগ আৰু ৪৪ সংখ্যক ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ জন্ম।

১৯৮১ চনত ভাৰতৰ বিখ্যাত উদ্ভিদবিদ আৰু শিক্ষাবিদ পৰশুৰাম মিশ্ৰৰ মৃত্যু হয়।

১৯৯৭ চনৰ আজিৰ দিনটোতে মহম্মদ খাটামীয়ে ইৰাণৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

২০০১ চনৰ আজিৰ দিনটোতে ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ মাজত কৌশলগত চুক্তি।

২০০৪ চনৰ আজিৰ দিনটোতে নাছাই কল্পনা চাওলাৰ নামেৰে এলটিক্স ছুপাৰ কম্পিউটাৰ কেচি নামকৰণ কৰে।

২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাহাজ নিগম (SCI)ক চৰকাৰে নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰে।

২০১৪ চনৰ আজিৰ দিনটোতে হামাছ আৰু ইজৰাইলে ৭২ ঘণ্টাৰ বাবে যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰে।

২০২০ চনৰ আজিৰ দিনটোতে ভাৰতীয় থিয়েটাৰৰ বিখ্যাত পৰিচালক তথা নেচনেল স্কুল অৱ ড্ৰামাৰ প্ৰাক্তন পৰিচালক ইব্ৰাহিম আলখাজীৰ মৃত্যু।

ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! এনেকৈ ব্যৱহাৰ কৰক দৈ আৰু বিলাহী...
যুৱক-যুৱতীসকলৰ মাজত কিয় বৃদ্ধি পাইছে হৃদৰোগৰ সম্ভাৱনা? কাৰণ...
কেৱল মিঠাই খালেই নহয়, এই অভ্যাসসমূহে হঠাতে বৃদ্ধি কৰিব পাৰে আপোনাৰ ডায়েবেটিছ
বাৰে বাৰে কাহ হোৱাটো কি ৰোগৰ লক্ষণ? জানক