ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

১৯৭৩ চনৰ আজিৰ দিনটোতে শচীন তেণ্ডুলকাৰৰ জন্ম হৈছিল। আন বহু কেইটা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । চাওঁ আহক দিনটোৰ কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ইতিহাস

Published: 

24 Apr 2025 | 10:31 AM

আজি ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ জন্মদিন । ১৯৭৩ চনৰ আজিৰ দিনটোতে শচীন তেণ্ডুলকাৰৰ জন্ম হৈছিল। বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে বিবেচিত শচীন তেণ্ডুলকাৰে অতি কম বয়সতে ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল আৰু এটা সময়ত টেষ্ট ক্ৰিকেটত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ অভিলেখ গঢ়িছিল। শচীন তেণ্ডুলকাৰ হৈছে ‘ভাৰত ৰত্ন’ সন্মান লাভ কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈ।

আজিৰ দিনটোত ঘটা আন কেইটামান পৰিঘটনা চাওঁ আহক

  1. ১৮৭৭ চনৰ আজিৰ দিনটোতে ৰাছিয়াই অট্টোমান সাম্ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  2. ১৮৯৮ চনৰ আজিৰ দিনটোতে স্পেইনে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  3. ১৯২০ চনৰ আজিৰ দিনটোতে পোলেণ্ডৰ বাহিনীয়ে ইউক্ৰেইন আক্ৰমণ কৰে।
  4. ১৯৫৪ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়া আৰু তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ কূটনৈতিক সম্পৰ্কৰ অন্ত পৰে।
  5. ১৯৭৩ চনৰ আজিৰ দিনটোতে মুম্বাইত ‘ভাৰত ৰত্ন’ সন্মানেৰে সন্মানিত ‘মাষ্টাৰ ব্লাষ্টাৰ’ শচীন তেণ্ডুলকাৰৰ জন্ম হয়।
  6. ১৯৭৪ চনৰ আজিৰ দিনটোতে বিখ্যাত হিন্দী কবি ৰামধৰি সিং দীনকাৰৰ মৃত্যু।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...