শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

AAI Apprentice Recruitment 2024: এয়াৰপৰ্টছ অথ’ৰিটি অৱ ইণ্ডিয়াত চাকৰিৰ সুযোগঃ মুঠ পদ, দৰমহা তথা আবেদন প্ৰক্ৰিয়া সম্পৰ্কে চাওক বিতং তথ্য…

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই বহু পদত নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বানেৰে জাননী জাৰি কৰিছে। ইতিমধ্যে যোৱা ২৮ নৱেম্বৰৰ পৰা এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আনহাতে আবেদনৰ অন্তিম তাৰিখ হৈছে ২৫ ডিচেম্বৰ। এই পদসমূহত কিদৰে আবেদন কৰিব বা নিযুক্তিৰ পিছত কিমান দৰমহা লাভ কৰিব চাওক সবিশেষ।

AAI Apprentice Recruitment 2024: এয়াৰপৰ্টছ অথ’ৰিটি অৱ ইণ্ডিয়াত চাকৰিৰ সুযোগঃ মুঠ পদ, দৰমহা তথা আবেদন প্ৰক্ৰিয়া সম্পৰ্কে চাওক বিতং তথ্য…
এয়াৰপৰ্টছ অথ’ৰিটি অৱ ইণ্ডিয়াত চাকৰি
monjit-dutta
Monjit Dutta | Published: 01 Dec 2024 20:18 PM

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই বহু এপ্ৰেণ্টিছ পদৰ বাবে নিযুক্তিৰ কথা ঘোষণা কৰিছে। এই পদসমূহত নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বানেৰে জাননী জাৰি কৰিছে কৰ্তৃপক্ষই। ইচ্ছুক প্ৰাৰ্থীসকলে ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ আঁচনিৰ (NATS) অফিচিয়েল ৱেবছাইট www.nats.education.gov.in ত গৈ আবেদন কৰিব পাৰিব। এই নিযুক্তি অভিযানৰ অধীনত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণত মুঠ ১৯৭টা পদ পূৰণ কৰা হ’ব। ইতিমধ্যে যোৱা ২৮ নৱেম্বৰৰ পৰা এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আনহাতে আবেদনৰ অন্তিম তাৰিখ হৈছে ২৫ ডিচেম্বৰ।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষত এপ্ৰেণ্টিছশ্বিপ পদৰ বাবে আবেদন জনোৱা প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম হ’ব নালাগিব আৰু ২৬ বছৰৰ অধিক হ’ব নালাগিব। ইচ্ছুক প্ৰাৰ্থীসকলৰ ভাৰত চৰকাৰৰ AICTE ৰ স্বীকৃতিপ্ৰাপ্ত অভিযান্ত্ৰিক বিষয়ত নিয়মীয়াকৈ চাৰি বছৰীয়া ডিগ্ৰী বা তিনিবছৰীয়া ডিপ্লমা থাকিব লাগিব। লগতে ভাৰত চৰকাৰৰ AICTE ৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰাও প্ৰাৰ্থীৰ আই টি আই/এন চি ভি টিৰ প্ৰমাণ পত্ৰ থাকিব লাগিব।

এই পদসমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে এইদৰে কৰিব আবেদন-

প্ৰথমে NATS ৰ অফিচিয়েল ৱেবছাইট www.nats.education.gov.in লৈ যাওক।

তাৰ পিছত হোমপেজত থকা ‘Student’ টেবত ক্লিক কৰক।

ইয়াৰ পিছত ‘Student Register’ শিতানলৈ যাওক।

এতিয়া পঞ্জীয়ন প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ তালিকা পৰীক্ষা কৰক।

তাৰ পিছত আবেদন পত্ৰ পূৰণ কৰক।

আবেদন পত্ৰ জমা দিয়াৰ পূৰ্বে আপুনি পূৰণ কৰা সকলো নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰক।

এতিয়া প্ৰাৰ্থীসকলে নিজৰ ই-মেইল আইডি আৰু ফোন নম্বৰ দি অ’টিপি পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

প্ৰয়োজনীয় নথি-পত্ৰ জমা দি পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

আবেদন পত্ৰখন জমা দিয়ক আৰু আপোনাৰ কম্পিউটাৰ বা মোবাইলত পিডিএফ ফাইল হিচাপে সংৰক্ষণ কৰক।

উল্লেখ্য যে এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীৰ পৰা কোনো ধৰণৰ আবেদন মাচুল লোৱা নহ’ব। এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলক নথি পৰীক্ষণ, সাক্ষাৎকাৰ আৰু চিকিৎসা পৰীক্ষাত তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত নিৰ্বাচন কৰা হ’ব।

এই পদসমূহৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক এবছৰৰ প্ৰশিক্ষণৰ সময়ছোৱাত মাহিলী ষ্টাইপেণ্ড দিয়া হ’ব। স্নাতক এপ্ৰেণ্টিছসকলে মাহে ১৫ হাজাৰ টকা, নিৰ্বাচিত আই টি আই ট্ৰেড প্ৰাৰ্থীয়ে ৯ হাজাৰ আৰু ডিপ্লমা এপ্ৰেণ্টিছসকলে ১২ হাজাৰ টকা লাভ কৰিব।