‘কৰাচী বেকাৰী’ত লগোৱা হৈছে ভাৰতীয় পতাকা , চৌদিশে কঠোৰ নিৰাপত্তা বেষ্টনী, কাৰণ…

এফালে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ‘অপাৰেশ্যন সেন্দূৰৰ’ চলাইছে। আনহাতে, ‘কৰাচী বেকাৰী’ৰ দোকানত ভাৰতীয় ত্ৰিৰংগ পতাকা লগোৱাৰ কাম চলি আছে। পোহৰলৈ আহিছে ইয়াৰ আঁৰৰ ডাঙৰ কাৰণ ।

কৰাচী বেকাৰীত লগোৱা হৈছে ভাৰতীয় পতাকা , চৌদিশে কঠোৰ নিৰাপত্তা বেষ্টনী, কাৰণ...

'কৰাচী বেকাৰী'ত ভাৰতীয় পতাকা

Updated On: 

08 May 2025 16:26 PM

অপাৰেশ্যন সেন্দূৰ চলি থকাৰ মাজতে ‘কৰাচী বেকাৰী’ৰ ষ্ট’ৰত  আৰম্ভ হৈছে ভাৰতীয় ‘ত্ৰিৰংগ’ লগোৱাৰ কাম। এই সকলোবোৰে কাৰ্যৰ বাবে এতিয়া তুংগত উঠিছে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা । সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিস্থিতিৰ। পাকিস্তানৰ লাহোৰত সংঘটিত হৈছে বোমা বিস্ফোৰণ। বন্ধ হৈ আছে ইছলামবাগৰ পৰা কৰাচীলৈকে সকলো বিমানবন্দৰ। ইয়াৰ মাজতে ‘কৰাচী বেকাৰী’ৰ ষ্ট’ৰত ভাৰতৰ পতাকা লগোৱাৰ আঁৰৰ কাৰণ কি?

‘কৰাচী বেকাৰী’ হায়দৰাবাদৰ এটা বিখ্যাত কুকিজ ব্ৰেণ্ড। সমগ্ৰ দেশতে ই ওছমানিয়া বিস্কুটৰ বাবে পৰিচিত। হায়দৰাবাদ চহৰৰ সাধাৰণ মানুহৰ মাজত টি কেফে হিচাপে ই জনপ্ৰিয়। যেতিয়াই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বাঢ়ি যায় তেতিয়াই ‘কৰাচী বেকাৰী’ৰ পৰিচালনা সমিতিয়ে চহৰখনৰ ২০টা শাখাত ‘ত্ৰিৰংগা’ লগাবলৈ আৰম্ভ কৰে।

ইয়াৰ কাৰণ হ’ল ব্ৰেণ্ডটোৰ নাম ‘কৰাচী’ , যি পাকিস্তানৰ অন্যতম বৃহৎ চহৰ। যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পায় তেতিয়া মানুহে প্ৰায়ে ইয়াৰ ষ্ট’ৰক লক্ষ্য কৰি লয়। সেয়ে সতৰ্কতা স্বৰূপে কোম্পানীটোৱে নিজৰ ষ্ট’ৰৰ বাহিৰত ‘ত্ৰিৰংগা’ লগায়। ইয়াৰ যোগেদি কোম্পানীটোৱে মানুহৰ মাজত এই বাৰ্তা প্ৰেৰণ কৰে যে এইটো সম্পূৰ্ণ ভাৰতীয় ব্ৰেণ্ড। চহৰখনত প্ৰায় ২০ খন ‘কৰাচী বেকাৰী’ৰ ষ্ট’ৰ আছে। ডেকান ক্ৰনিকলৰ তথ্য অনুসৰি ‘কৰাচী বেকাৰী’ৰ পৰিচালনা সমিতিয়ে কয় যে, তেওঁলোকক উচ্চ কৰ্তৃপক্ষই সাৱধান হ’বলৈ কৈছে। একে সময়তে স্থানীয় আৰক্ষীয়েও কৰাচী বেকাৰী ষ্ট’ৰৰ আশে-পাশে নিজৰ কৰ্মচাৰী নিয়োগ কৰিবলৈ আৰম্ভ কৰিছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায়।

‘কৰাচী বেকাৰী’ৰ বাবে আটাইতকৈ বিখ্যাত ‘ওছমানিয়া বিস্কুট’। কোম্পানীটোৱে ২০খনতকৈও অধিক দেশলৈ ৰপ্তানি কৰে। ইয়াৰ ভিতৰত আমেৰিকা, কানাডা, ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়া আদি উল্লেখযোগ্য। কোম্পানীটোৱে প্ৰতিদিনে ১০ টনতকৈ অধিক বিস্কুট উৎপাদন কৰে। আনহাতে হায়দৰাবাদত ইয়াৰ প্ৰতিখন ষ্ট’ৰত দৈনিক গড় ফুটফল ২০০০ পৰ্যন্ত।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ‘কৰাচী বেকাৰী’ৰ বাৰ্ষিক ৰাজহ ১০০ কোটি টকাৰ ওপৰত। এইটো এটা কোম্পানীত ১০০০ৰো অধিক লোকে কৰ্মসংস্থাপন লাভ কৰিছে।

কৰাচী বেকাৰীৰ পোষ্টাৰ

কিয় কৰাচী নাম দিয়া হৈছিল?

খনচান্দ ৰামনানী নামৰ এটা সিন্ধী হিন্দু পৰিয়ালে ১৯৫৩ চনত আৰম্ভ কৰিছিল ‘কৰাচী বেকাৰী’। বিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়ালটো পাকিস্তানৰ কৰাচীৰ পৰা  হায়দৰাবাদলৈ আহিছিল। ইয়াৰ বাবেই তেওঁ নিজৰ বেকাৰীৰ নামত ‘কৰাচী’ ৰাখিলে। মোৱাজ্জাম জাহি মাৰ্কেটত মুকলি কৰা হয় হায়দৰাবাদৰ প্ৰথমটো কৰাচী বেকাৰী।

উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে  ‘অপাৰেশ্যন সেন্দূৰৰ’ আৰম্ভ কৰিছে ভাৰতে। ইয়াৰ যোগেদি বিমান আক্ৰমণ চলাই পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন ঘাটি ধ্বংস কৰে। ইয়াৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।

 

বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...