গো-মাংসৰ মূল্যই অভিলেখ সৃষ্টি কৰিছে আমেৰিকাত, কাৰণটো কি ?
গো-মাংস দাম বৃদ্ধিয়ে আমেৰিকানসকলৰ মানিবেগত চাপ বৃদ্ধি কৰিবলৈ গৈ আছে। ২০২৪ চনৰ একে সময়ৰ তুলনাত ২০২৫ চনৰ জুন মাহত গো-মাংসৰ মূল্য ১০.৩ শতাংশ বৃদ্ধি পাইছে। ই প্ৰতি পাউণ্ডত ৬ ডলাৰ অতিক্ৰম কৰিছে।

গো-মাংস চাহিদা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে অৰ্থনৈতিকভাৱে বিশ্বৰ ভিতৰতে প্ৰথম স্থানত থকা আমেৰিকাত। যিয়ে আমেৰিকান সকলৰ বজাৰৰ খৰচ বৃদ্ধি কৰিবলৈ গৈ আছে। কিছুদিন পূৰ্বে দেশখনত বৃদ্ধি পাইছিল কণীৰ চাহিদা। বৰ্তমান কণীৰ বৃদ্ধি পোৱা মূল্য হ্ৰাস পাইছে যদিও গো-মাংস দাম বৃদ্ধিয়ে আমেৰিকানসকলৰ মানিবেগত চাপ বৃদ্ধি কৰিবলৈ গৈ আছে।
টাইম মেগাজিনৰ এক প্ৰতিবেদন অনুসৰি, ২০২৪ চনৰ একে সময়ৰ তুলনাত ২০২৫ চনৰ জুন মাহত গো-মাংসৰ মূল্য ১০.৩ শতাংশ বৃদ্ধি পাইছে। ই প্ৰতি পাউণ্ডত ৬ ডলাৰ অতিক্ৰম কৰিছে। ইফালে এই সময়ছোৱাৰ ভিতৰত ষ্টেকৰ মূল্য ১২.৪ শতাংশ বৃদ্ধি পাইছে বুলি কোৱা হৈছে।
ইয়াৰ পূৰ্বে, ২০২৪ চনৰ মাৰ্চৰ তুলনাত ২০২৫ চনৰ এপ্ৰিল মাহত কণীৰ দাম দুগুণতকৈও অধিক বৃদ্ধি পাইছিল। আমেৰিকাৰ ফাৰ্মত বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱৰ বাবেই এই তীব্ৰ বৃদ্ধিৰ ফলত ২.৩ কোটিৰো অধিক কণী উৎপাদনকাৰী চৰাই হত্যা কৰা হৈছিল। ইফালে, ২০২৫ চনৰ জুলাই মাহৰ আৰম্ভণিতে কণীৰ দাম এপ্ৰিল মাহত বৃদ্ধি পোৱা মূল্য ৬.২৩ ডলাৰৰ পৰা প্ৰতি ডজনত ৩.৭৮ ডলাৰলৈ পুনৰ হ্ৰাস পাইছে। সামগ্ৰিকভাৱে খাদ্যৰ সমাগ্ৰীৰ মূল্য যোৱা এটা বছৰৰ তুলনাত ২.৭ শতাংশ বৃদ্ধি পাইছে।
একে সময়তে দেশখনত গো-মাংসৰ চাহিদা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জলবায়ু পৰিৱৰ্তনে ব্যয়বহুল কৰি তুলিছে পশু খাদ্য। আমেৰিকান ফাৰ্ম ব্যুৰো ফেডাৰেচনে (এ এফ বি এফ) প্ৰকাশ কৰা অনুসৰি, ২০২৫ চনৰ আৰম্ভণিতে সমগ্ৰ দেশতে মাত্ৰ ৮.৭ কোটি গৰু আৰু পোৱালিৰ ৰেকৰ্ড কৰা হৈছে। অৰ্থাৎ পশু পালকসকলে পালন কৰা গৰু জাকৰ আকাৰ সৰু হ’বলৈ আৰম্ভ কৰিছে।
বিশ্লেষকৰ মতে,পশুধনৰ খাদ্য সামগ্ৰী ব্যয়বহুল হোৱাৰ লগে লগে কৃষকসকলে গৰু প্ৰজননৰ পৰিৱৰ্তে মাংসৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছে। উচ্চ দামৰ মাজতো লাভৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে কৃষকসকলে। গৰু-ম’হ পালকৰ লাভত প্ৰভাৱ পেলোৱা অন্যতম মূল কাৰক হৈছে পশু খাদ্যৰ উচ্চ মূল্য, যিটো জলবায়ু পৰিৱৰ্তনৰ বাবে প্ৰতিকূল বতৰৰ সৈতে জড়িত। এক কথাত জলবায়ু পৰিৱৰ্তনে প্ৰভাৱিত কৰিছে আমেৰিকাৰ গো-মাংস উৎপাদনক।
বিশ্লেষকসকলে আশংকা কৰিছে যে, ট্ৰাম্পৰ শুল্কৰ আৰোপৰ ভাবুকি যদি কাৰ্যকৰী হয়, তেন্তে দেশখনত আৰু বৃদ্ধি পাব পাৰে গো-মাংসৰ মূল্য। কাৰণ ঘৰুৱা উৎপাদন বহু পৰিমাণে হোৱাৰ পাছতো আমেৰিকাই এতিয়াও বৃহৎ পৰিমাণৰ গো-মাংস আমদানি কৰে। ২০২৫ চনৰ জুলাই মাহত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ব্ৰাজিলৰ বিৰুদ্ধে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল। ব্ৰাজিল হৈছে বিশ্বৰ সৰ্বাধিক গো-মাংস ৰপ্তানিকাৰক দেশ। প্ৰতিবেদনত কোৱা হৈছে যে, USDAৰ মতে মে’ মাহত আমেৰিকালৈ ব্ৰাজিলৰ ৰপ্তানি ২০ শতাংশ বৃদ্ধি পাইছে আৰু দেশখনৰ পৰা বৰ্তমানৰ আমদানি ২০২৪ চনৰ জুন মাহৰ তুলনাত প্ৰায় দুগুণ বৃদ্ধি পাইছে ।