শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ২৭ জুলাই, দেওবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
পুৱাৰ মুখ্য খবৰ
manas-borah
Manas Borah | Updated On: 27 Jul 2025 07:21 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. এইবাৰ ৰাজ্য চৰকাৰে উচ্ছেদৰ বাবে চিনাক্ত কৰিছে মধ্য অসমৰ নগাঁও আৰু গোলাঘাটৰ উৰিয়ামঘাটৰ কেতবোৰ অঞ্চল। ইয়াৰ পাছতে নগাঁৱৰ চামগুৰি জিলাত উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে প্ৰশাসন। শুকুৰবাৰে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়াই খাটোৱাল মৌজাৰ অন্তৰ্গত বেলগুৰি কছাৰী গাঁৱৰ একাংশ লোকক ঠাই খালী কৰিবলৈ জাননী জাৰি কৰিছে বুলি জানিব পৰা গৈছে।
  2. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দিল্লীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি ৰাজ্যখনৰ শিক্ষা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰে। শৰ্মাই কয় যে, অনাগত দিনত শিক্ষা খণ্ডত “ৰোমাঞ্চকৰ উন্নয়ন”ৰ সম্ভাৱনা আছে। অসমৰ শৈক্ষিক আন্তঃগাঁথনি বৃদ্ধি আৰু সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে “অতি ভাল আলোচনা” হৈছিল বুলি কয় মুখ্যমন্ত্ৰীয়ে।
  3. বিহাৰৰ নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR)ক সমালোচনা কৰি তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে শনিবাৰে দাবী কৰে যে, অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমতো একে অনুশীলন কৰা হ’ব আৰু ভোটাৰ তালিকাৰ পৰা ৩০-৪০ লাখৰ নাম বাদ পৰিব। শেহতীয়াকৈ দেশত ‘অবৈধ বাংলাদেশী’ৰ ওপৰত দমন চলোৱাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তেওঁ অভিযোগ কৰে যে, এই দমন ভাষাৰ ভিত্তিত কৰা হৈছে আৰু বাঙালীক লক্ষ্য কৰি লোৱা হৈছে।
  4. অসমৰ দক্ষিণ শালমাৰাৰ পৰা ৮ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰি পুনৰ বিতাড়নৰ ব্যৱস্থা কৰা হয়। শনিবাৰে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, অনুপ্ৰৱেশত বাধা দিবলৈ অসম আৰক্ষীয়ে সীমান্তত কঠোৰ নজৰ ৰাখিছে। উল্লেখ্য যে,বৈধ নথি-পত্ৰ অবিহনে বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰী, বিশেষকৈ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যজুৰি দমন অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।
  5. আমেৰিকাৰ মিচিগানৰ ৱালমাৰ্টত বজাৰ কৰিবলৈ অহা লোকক অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। এজন লোকে হাতত ছুৰী লৈ নিৰ্বিচাৰে আক্ৰমণ কৰাৰ ফলত ১১ জন লোক আহত হৈছে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহতসকলৰ ভিতৰত ৬ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইতিমধ্যে আক্ৰমণ সংঘটিত ব্যক্তিজন আটক কৰিছে আৰক্ষীয়ে।
  6. ঘোষণা হ’ল এছিয়া কাপৰ সময়সূচী। এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ অধ্যক্ষ মহছিন নাকভিয়ে নিজা চ’ছিয়েল মিডিয়া হেণ্ডেল যোগে এই বিষয়ে ঘোষণা কৰিছে। সেই অনুসৰি অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ ২০ দিন ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।