27 July 2025
TV9 ASSAM
Photos Credit: Getty Images
হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ হৈছে নাগ পঞ্চমী। নাগ পঞ্চমীৰ দিনটো ভক্তসকলে সাপৰ পূজা কৰে। ভাৰতত এই উৎসৱ বিশেষভাৱে পালন কৰা হয়।
বিশ্বাস অনুসৰি, এই দিনটোত ৰূপ, শিল, কাঠ বা চিত্ৰৰে নিৰ্মিত নাগ দেৱতাক গাখীৰেৰে গা ধোৱা হয়। লগতে মংগলৰ বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰা হয়।
শাওন মাহত এই উৎসৱ পালন কৰা হয়। কোৱা হয় যে, এই মাহত পালন কৰা প্ৰতি উৎসৱৰ বিশেষ তাৎপৰ্য আছে। এই দিনটোত কিছুমান কাম কৰিব নালাগে।
নাগ পঞ্চমীৰ দিনটোত কেতিয়াও চোকা বা জোঙা বস্তু ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক । কাৰণ বিপদত পৰিব পাৰে।
এই দিনটোত মাটি খন্দাৰ দৰে কিছুমান কাম কৰিব নালাগে। যেনে, পুখুৰী খন্দা, খাল খন্দা বা অন্যান্য মাটি খন্দাৰে জড়িত কাম কৰিব নালাগে।
এই দিনটোত সাপৰ কোনো ধৰণৰ ক্ষতি কৰিব নালাগে। যিহেতু এই দিনটোক সাপক পূজা কৰা হয়।
এই দিনটোত গছ-গছনি কাটিলে অশুভ বুলি গণ্য কৰা হয়। লগতে কাপোৰ চিলাই দৰে কামবোৰো কৰাৰ পৰা বিৰত থাকিব লাগে। এই কাম অশুভ গণ্য কৰা হয়।
পঢ়িবলৈ ক্লিক কৰক