ভাৰতৰ পৰা ৰপ্তানি কৰা আমৰ ১৫ টা চিপমেণ্ট বাতিল কৰিলে আমেৰিকাই, কিন্তু কিয় ?

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকা কৰ্তৃপক্ষই ভাৰতৰ পৰা ৰপ্তানি কৰা কমেও ১৫টা চিপমেণ্ট বাতিল কৰিছে । কোৱা হৈছে যে,ৰপ্তানি কৰাৰ সময়ত নথিপত্ৰ প্ৰক্ৰিয়াত হোৱা ত্ৰুটিৰ কাৰণেই এই সিদ্ধান্ত লৈছে আমেৰিকাৰ কৰ্তৃপক্ষই ।

ভাৰতৰ পৰা ৰপ্তানি কৰা আমৰ ১৫ টা চিপমেণ্ট বাতিল কৰিলে আমেৰিকাই, কিন্তু কিয় ?

আম

Published: 

19 May 2025 | 03:23 PM

ভাৰতৰ আম ৰপ্তানিৰ কেইবাটও চিপমেণ্ট বাতিল কৰিছে আমেৰিকাই । ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকা কৰ্তৃপক্ষই ভাৰতৰ পৰা ৰপ্তানি কৰা কমেও ১৫টা চিপমেণ্ট বাতিল কৰিছে । কোৱা হৈছে যে,ৰপ্তানি কৰাৰ সময়ত নথিপত্ৰ প্ৰক্ৰিয়াত হোৱা ত্ৰুটিৰ কাৰণেই এই সিদ্ধান্ত লৈছে আমেৰিকাৰ কৰ্তৃপক্ষই ।

আমেৰিকা হৈছে ভাৰতৰ আমৰ সৰ্ববৃহৎ ৰপ্তানি বজাৰ। এই ফলবোৰ বিমানযোগে ৰপ্তানি কৰা হৈছিল আৰু আমেৰিকাত উপস্থিত হোৱাৰ লগে লগে এই চিপমেণ্ট বাতিল কৰা হৈছিল। ৮ আৰু ৯ মে’ত মুম্বাইত এই চিপমেণ্টসমূহ Irradiation কৰা হৈছিল যদিও লছ এঞ্জেলছ, ছান ফ্ৰান্সিস্কো, আটলান্টাকে ধৰি বিমানবন্দৰৰ পৰা ইয়াক ঘূৰাই দিয়া হৈছে।

Irradiation হৈছে এটা বাধ্যতামূলক চিকিৎসা যিয়ে ফল এটাক নিয়ন্ত্ৰিত মাত্ৰাৰ বিকিৰণৰ সন্মুখীন কৰি কীট-পতংগ নিৰ্মূল কৰি শেল্ফ লাইফ বৃদ্ধি কৰে। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, চিপমেণ্ট বাতিল হোৱাৰ পাছত ৰপ্তানিকাৰকসকলক হয় আমবোৰ ধ্বংস কৰিবলৈ কোৱা হৈছিল নহয় পুনৰ ভাৰতলৈ ঘূৰাই আনিবলৈ কোৱা হৈছিল আৰু তেওঁলোকে আমবোৰ নষ্ট হোৱাৰ সম্ভাৱনা আৰু ভাৰতলৈ ঘূৰাই অনাৰ ব্যয় বেছি হোৱাৰ বাবে পেলাই দিয়াৰ সিদ্ধান্ত লৈছিল।

আমেৰিকান কৰ্তৃপক্ষই Irradiation প্ৰক্ৰিয়াৰ সৈতে জড়িত নথিপত্ৰৰ অমিলৰ কথা উল্লেখ কৰে। দুই ৰপ্তানিকাৰকে উদ্বেগ প্ৰকাশ কৰি ইকনমিক টাইমছক জনাইছে যে, এই Irradiation প্ৰক্ৰিয়াটো নৱী মুম্বাইত আমেৰিকাৰ কৃষি বিভাগৰ (ইউ এছ ডি এ) বিষয়াৰ তত্বাৱধানত কৰা হয়। এই বিষয়াজনে PPQ203 প্ৰ-পত্ৰ প্ৰমাণীকৰণৰ দায়িত্ব লয় । ই হৈছে আমেৰিকালৈ যোৱা আমৰ বাবে বাধ্যতামূলক নথি । কিন্তু এই প্ৰক্ৰিয়াত ভুল ৰৈ যোৱাৰ বাবে আমি আজি শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে । প্ৰতিবেদনত কোৱা হৈছে যে,ৰপ্তানিকাৰকসকলে এই বাতিলৰ বাবে প্ৰায় ৫ লাখ ডলাৰৰ সম্ভাৱ্য লোকচানৰ হোৱা বুলি অনুমান কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...