একাউণ্টত নাই নেকি লোণৰ EMIৰ বাবে পৰ্যাপ্ত ধন? UPI AutoPay বাতিল হ’লে কি কৰিব আপুনি!

প্ৰতিমাহে একাউণ্টত পৰ্যাপ্ত ধন নোহোৱাৰ বাবে বহু লোকৰ Auto-Pay স্বয়ংক্ৰিয়ভাৱে বাতিল হৈ পৰে। এনে পৰিস্থিতিত গ্ৰাহক আৰু Auto-Payৰ জৰিয়তে ধন কৰ্তন কৰা কোম্পানী দুয়োটাই সমস্যাৰ সন্মুখীন হয়।

একাউণ্টত নাই নেকি লোণৰ EMIৰ বাবে পৰ্যাপ্ত ধন? UPI AutoPay বাতিল হ’লে কি কৰিব আপুনি!

প্ৰতিনিধিত্বমূলক ছবি

Published: 

12 Sep 2025 | 06:17 PM

ভাৰতৰ ডিজিটেল পে’মেণ্ট ব্যৱস্থাত UPI- এ এক কথাত আনিছে এক বৈপ্লৱিক পৰিৱৰ্তন। এই ব্যৱস্থাৰ সহায়ত ধন পৰিশোধ সহজ হৈ উঠিছে। ইফালে UPIৰ Auto-Payৰ সুবিধাই আমাৰ জীৱনটো সহজ কৰি তুলিছে। ইয়াৰ জৰিয়তে এতিয়া নানা অ’টিটি প্লেটফৰ্মৰ চাবস্ক্ৰিপচন, ফোন বিল বা ঋণৰ EMI এতিয়া স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হয়। কিন্তু প্ৰতিমাহে একাউণ্টত পৰ্যাপ্ত ধন নোহোৱাৰ বাবে বহু লোকৰ Auto-Pay স্বয়ংক্ৰিয়ভাৱে বাতিল হৈ পৰে।

এনে পৰিস্থিতিত গ্ৰাহক আৰু Auto-Payৰ জৰিয়তে ধন কৰ্তন কৰা কোম্পানী দুয়োটাই সমস্যাৰ সন্মুখীন হয়। এনে সমস্যা কি কি হ’ব পাৰে, চাওক-

সেৱা সমাপ্তঃ যদি পে’মেণ্ট বিফল হয়, আপোনাৰ OTT বা এপ চাবস্ক্ৰিপচন বন্ধ হ’ব পাৰে।

অধিক ধনঃ যদি ঋণৰ EMI বা বীমাৰ প্ৰিমিয়াম সময়মতে পৰিশোধ নহয়, জৰিমনাৰ ৰূপত যথেষ্ট ধন ভৰিব লগা হ’ব পাৰে।

সময় খৰচ আৰু মানসিক চাপঃ বাতিল হোৱা ধন পুনৰ পৰিশোধ কৰিবলৈ বা নতুন Auto-Pay স্থাপন কৰিবলৈ চেষ্টা কৰিলে সময় নষ্ট হয় আৰু মানসিক চাপ বৃদ্ধি পায়।

কিছুমান সহজ উপায় অৱলম্বন কৰি এনে সমস্যাৰ পৰা ৰেহাই লাভ কৰিব পাৰি। জানো আহক এনে কেইটামান সহজ উপায়-

বেলেঞ্চৰ ওপৰত চকু দিয়কঃ Auto-Payৰ নিৰ্দিষ্ট তাৰিখৰ পূৰ্বে আপোনাৰ একাউণ্টত পৰ্যাপ্ত ধন আছে নে নাই সেয়া নিশ্চিত কৰক।

এলাৰ্ট অন কৰকঃ Auto-Payৰ নিৰ্দিষ্ট তাৰিখ সম্পৰ্কে যাতে সতৰ্কবাণী লাভ কৰে, বেংকৰ ল’ বেলেঞ্চ এলাৰ্ট অন কৰি ৰাখক।

বিকল্প একাউণ্টঃ UPI- ত একাধিক বেংক একাউণ্ট যোগ কৰক। আন এটা একাউণ্ট সংযোগ কৰক যাতে এটা একাউণ্টৰ টকা শেষ হ’লে আন একাউণ্টৰ পৰা ধন পৰিশোধ কৰিব পৰা যায়।

ৰিমাইণ্ডাৰ পৰীক্ষা কৰকঃ বেছিভাগ এপে পে’মেণ্টৰ ২৪ ঘণ্টা পূৰ্বে ৰিমাইণ্ডাৰ প্ৰেৰণ কৰে। সেই ৰিমাইণ্ডাৰসমূহৰ ওপৰত চকু ৰাখিলে এই ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...