আপডেট চাৰ্জৰ পৰা KYC লৈ, আধাৰ সম্পৰ্কীয় নতুন নিয়ম প্ৰযোজ্য; কি কি পৰিৱৰ্তন কৰা হৈছে? জানক
এতিয়াৰ পৰা আধাৰ আপেডটৰ মাছুল বৃদ্ধি কৰিছে UIDAI য়ে। ইয়াৰ লগতে আধাৰ সম্পৰ্কীয় বিভিন্ন নিয়ম পৰিৱৰ্তন কৰিছে। গতিকে এই সম্পৰ্কে সবিশেষ জানক।

UIDAI ই আধাৰ আপডেটৰ বাবে নতুন মাচুল কাৰ্যকৰী কৰিছে, যিটো ১ অক্টোবৰ, ২০২৫ৰ পৰা কাৰ্যকৰী কৰা হৈছে। পূৰ্বতে জনগাঁথনিগত তথ্য (যেনে নাম, ঠিকনা, জন্ম তাৰিখ, মোবাইল নম্বৰ আদি) আপডেট কৰাৰ বাবে মাত্ৰ ৫০ টকা খৰচ হৈছিল, কিন্তু এতিয়া এই মাচুল ৭৫ টকালৈ বৃদ্ধি পাইছে। একেদৰে বায়’মেট্ৰিক আপডেট (যেনে ফিংগাৰপ্ৰিণ্ট, আইৰিছ বা ফটো)ৰ মাচুল ১২৫ টকালৈ বৃদ্ধি কৰা হৈছে, যিটো পূৰ্বে ১০০ টকা আছিল।
শিশুসকলৰ বাবে কিছু সকাহৰ ব্যৱস্থা কৰা হৈছে। ৫-৭ আৰু ১৫-১৭ বছৰ বয়সৰ শিশুৰ বাবে এককালীন বায়’মেট্ৰিক আপডেট বিনামূলীয়া হ’ব। ৭ৰ পৰা ১৫ বছৰ বয়সৰ শিশুৰ বাবে আপডেট ২০২৬ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বিনামূলীয়াকৈ থাকিব। এখন ফিজিকেল আধাৰ কাৰ্ড পুনৰ ছপা কৰাৰ বাবে খৰচ হ’ব ৪০ টকা। ইয়াৰ উপৰিও ব্যক্তিৰ বাবে ঘৰত নামভৰ্তি সেৱাৰ খৰচ হ’ব ৭০০ আৰু একেটা পৰিয়ালৰ আন ব্যক্তিৰ বাবে ৩৫০ টকা।
চৰকাৰে স্পষ্ট কৰি দিছে যে, যদি আপুনি আপোনাৰ পেন আধাৰৰ সৈতে লিংক নকৰে তেন্তে আপোনাৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ যাব। ইয়াৰ ফলত আপোনাৰ মিউচুৱেল ফাণ্ড, ডিমেট একাউণ্ট, আৰু কৰ-সঞ্চয় আঁচনিসমূহত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। ইয়াৰ বাবেই ইতিমধ্যে বহু লোকে লেনদেনত সমস্যাৰ সন্মুখীন হৈছে। যদি আপোনাৰ PAN নিষ্ক্ৰিয় হৈ থাকে তেন্তে আপুনি মিউচুৱেল ফাণ্ডৰ পৰা বিনিয়োগ বা ধন উলিয়াব নোৱাৰিব। গতিকে তৎক্ষণাত আয়কৰ পৰ্টেলত গৈ আপোনাৰ PAN-Aadhaar linking ৰ স্থিতি পৰীক্ষা কৰক।
UIDAIআৰু NPCI য়ে এতিয়া নতুন প্ৰযুক্তিৰ জৰিয়তে KYC ক আৰু অধিক সহজ আৰু সুৰক্ষিত কৰি তুলিছে। বেংক আৰু NBFC (Non-Banking Financial Institutions) সমূহে আপোনাৰ সম্পূৰ্ণ আধাৰ নম্বৰ নোহোৱাকৈও এতিয়া আপোনাক চিনাক্ত কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ গোপনীয়তা বজাই ৰাখিব আৰু বেংকিং প্ৰক্ৰিয়া ক্ষিপ্ৰ হ’ব। UIDAI য়েও নিশ্চিত কৰিছে যে আপোনাৰ আধাৰ নম্বৰ সক্ৰিয় আৰু প্ৰকৃত। যদি আপোনাৰ আধাৰ ডুপ্লিকেট বা অবৈধ বুলি ধৰা পৰে তেন্তে আপোনাৰ একাউণ্ট খোলা নহ’ব আৰু বিনিয়োগ ব্লক হ’ব পাৰে। গতিকে নিয়মিতভাৱে mAadhaar app বা UIDAI ৱেবছাইটত গৈ আধাৰৰ অৱস্থা পৰীক্ষা কৰক।
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা AePS (Aadhaar Enabled Payment System) নিয়মাৱলীও কটকটীয়া কৰা হৈছে। বেংক আৰু তেওঁলোকৰ ব্যৱসায়িক এজেণ্টসকলে এতিয়া অধিক নিৰীক্ষণ আৰু কে ৱাই চি পৰীক্ষণ কৰিব লাগিব। ইয়াৰ দ্বাৰা বিশেষকৈ গ্ৰাম্য অঞ্চলত নগদ ধনৰ লেনদেন নিৰীক্ষণ কৰা হ’ব। ইয়াৰ ফলত প্ৰৱঞ্চনা হ্ৰাস পাব যদিও কিছুমান ব্যৱহাৰকাৰীয়ে সেৱাসমূহ লাভ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে।
ইয়াৰ উপৰিও আধাৰ ভিত্তিক e-KYC ৰ জৰিয়তে এতিয়া RD, PPF আৰু NSC দৰে ডাকঘৰৰ আঁচনি মুকলি কৰা হ’ব। এইটো কাগজবিহীন প্ৰক্ৰিয়া হ’ব, কিন্তু যদি আপোনাৰ আধাৰ লিংক বা আপডেট কৰা নহয়, তেন্তে জমা বা উলিওৱাত ব্যাঘাত জন্মিব পাৰে। UIDAI য়ে অফলাইন KYC ৰ ব্যৱস্থাও সৰল কৰি তুলিছে। অতি সোনকালে, আপুনি কেৱল QR ক’ড ব্যৱহাৰ কৰি বেংকিংত প্ৰৱেশ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত হৈ থকাটো নিশ্চিত হ’ব।
এতিয়া কি কৰা উচিত?
যদি আপুনি আপোনাৰ বেংক, বিনিয়োগ আৰু সঞ্চয়ৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযুক্ত হৈ থাকিব বিচাৰে, তেন্তে এই কামবোৰৰ তৎক্ষণাত যত্ন লওক।
আপোনাৰ আধাৰ আপডেটৰ তাৰিখ আৰু অৱস্থা mAadhaar app বা UIDAI ৱেবছাইটৰ জৰিয়তে পৰীক্ষা কৰক।
আয়কৰ পৰ্টেলত গৈ PAN-Aadhaar লিংকৰ অৱস্থা পৰীক্ষা কৰক।
আপোনাৰ বেংক আৰু মিউচুৱেল ফাণ্ড একাউণ্টত আধাৰৰ তথ্য আপডেট কৰক।
যদি আপুনি কোনো গ্ৰাম্য অঞ্চলত থাকে, তেন্তে AePS সেৱাসমূহৰ যিকোনো পৰিৱৰ্তনৰ বাবে আপোনাৰ স্থানীয় বেংক বা সেৱা কেন্দ্ৰৰ সৈতে পৰীক্ষা কৰক।
আপোনাৰ আধাৰ-সংযুক্ত KYC নথিপত্ৰসমূহ অবিৰতভাৱে আপডেট কৰক।