ট্ৰাম্পৰ শুল্কৰ ডাঙৰ প্ৰভাৱ ভাৰতত! ভাৰতৰ সকলো অৰ্ডাৰ স্থগিত ৰাখিলে আমাজন, ৱালমাৰ্ট, টাৰ্গেটে

আমাজন, ৱালমাৰ্ট, টাৰ্গেট, গেপৰ দৰে বৃহৎ কোম্পানীয়ে ভাৰতত দিয়া সকলো অৰ্ডাৰ বৰ্তমানলৈকে স্থগিত ৰাখিছে। জানিব পৰা মতে, ভাৰতীয় সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰাসকলে এই সন্দৰ্ভত পত্ৰ আৰু ইমেইল লাভ কৰিছে।

ট্ৰাম্পৰ শুল্কৰ ডাঙৰ প্ৰভাৱ ভাৰতত! ভাৰতৰ সকলো অৰ্ডাৰ স্থগিত ৰাখিলে আমাজন, ৱালমাৰ্ট, টাৰ্গেটে

প্ৰতীকী ফটো

Updated On: 

08 Aug 2025 | 08:21 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্কই সাংঘাতিক ধৰণে ক্ষতি কৰিছে ভাৰতক। ভাৰতৰ ওপৰত ৫০ শতাংশ শুক্ল আৰোপ কৰাৰ পাছতে এতিয়া ভাৰতে লাভ কৰা সকলো অৰ্ডাৰ বন্ধ কৰি দিয়া হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, আমাজন, ৱালমাৰ্ট, টাৰ্গেট, গেপৰ দৰে বৃহৎ কোম্পানীয়ে ভাৰতত দিয়া সকলো অৰ্ডাৰ বৰ্তমানলৈকে স্থগিত ৰাখিছে।

জানিব পৰা মতে, ভাৰতীয় সামগ্ৰী আমেৰিকালৈ ৰপ্তানি কৰাসকলে পত্ৰ আৰু ইমেইল লাভ কৰিছে। সেই পত্ৰত কোৱা হৈছে যে, পৰৱৰ্তী জাননী নিদিয়ালৈকে কাপোৰ আৰু বস্ত্ৰজাত সামগ্ৰীৰ ৰপ্তানি স্থগিত ৰখা সিদ্ধান্ত লোৱা হৈছে। সূত্ৰ অনুসৰি, ক্ৰেতা কোম্পানী অৰ্থাৎ আমাজন, ৱালমাৰ্টে ট্ৰাম্পৰ এই সিদ্ধান্তৰ বাবে বৃদ্ধি পোৱা অতিৰিক্ত খৰচ বহন কৰিবলৈ ইচ্ছুক নহয়। তেওঁলোকে বিচাৰে ভাৰতীয় সামগ্ৰী ৰপ্তানি কৰা সংস্থাসমূহে এই খৰচ বহন কৰক।

ট্ৰাম্পৰ শুল্কৰ বাবে ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ মূল্য প্ৰায় ৩০ৰ পৰা ৩৫ শতাংশ বৃদ্ধি পাবলৈ গৈ আছে। ইয়াৰ ফলত আমেৰিকালৈ ৰপ্তানি ৪০ৰ পৰা ৫০ শতাংশ হ্ৰাস পাব পাৰে, যাৰ বাবে ভাৰতৰ ৪ৰ পৰা ৫ বিলিয়ন ডলাৰ লোকচান হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ৪০ৰ পৰা ৭০ শতাংশ ভাৰতীয় কোম্পানী গোকালদাছ এক্সপ’ৰ্ট, ইণ্ডো কাউণ্ট, ৱেলছপান লিভিং, ট্ৰাইডেণ্টৰ পৰা যায়। এই কোম্পানীসমূহে ডাঙৰ লোকচানৰ সন্মুখীন হ’বলৈ গৈ আছে। ব্যৱসায়ীসকলে আশংকা কৰিছে যে, এইবাৰ এই অৰ্ডাৰ বাংলাদেশ আৰু ভিয়েটনামলৈ যাব, কাৰণ আমেৰিকাই এই প্ৰতিযোগী দেশসমূহৰ ওপৰত ২০ শতাংশ শুল্ক আৰোপ কৰিছে।

আমেৰিকালৈ বস্ত্ৰ ৰপ্তানি কৰা দেশসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰত। দেশখনলৈ ২৮ শতাংশ বস্ত্ৰ ভাৰতৰ পৰা ৰপ্তানি কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...