গাজাত পুনৰ চলিল ইজৰাইলৰ আক্ৰমণঃ প্ৰাণ হেৰুৱালে ৬৭ জনে, কেইবাজনো আহত
ইৰাণৰ সৈতে প্ৰত্যক্ষ সংঘাত অন্ত পৰিলেও পেলেষ্টাইনত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ। সোমবাৰে পুনৰ ইজৰাইলৰ আক্ৰমণত কঁপি উঠিল গাজা। ইজৰাইল সেনাৰ ভয়ংকৰ আক্ৰমণত গাজাত প্ৰায় ৬৭ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

মধ্য প্ৰাচ্যত শান্তিৰ বাতাৱৰণ এতিয়াও যেন কেৱল মাত্ৰ এক ধাৰণাহে। ইৰাণৰ সৈতে প্ৰত্যক্ষ সংঘাত অন্ত পৰিলেও পেলেষ্টাইনত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ। সোমবাৰে পুনৰ ইজৰাইলৰ আক্ৰমণত কঁপি উঠিল গাজা। ইজৰাইল সেনাৰ ভয়ংকৰ আক্ৰমণত গাজাত প্ৰায় ৬৭ জন লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। গাজা চহৰৰ আল-বাকা কেফেত ইজৰাইলে চলোৱা বিমান আক্ৰমণত ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে খাদ্যৰ সন্ধান চলাই পেলেষ্টাইনী লোকৰ ওপৰত চলোৱা গুলীচালনাত ২২ জন লোকৰ মৃত্যু হয়।
ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ লগতে গাজাৰ চিকিৎসালয় আৰু স্বাস্থ্য বিষয়াই এই তথ্য প্ৰদান কৰিছে। প্ৰকাশিত খবৰ অনুসৰি গাজাৰ আল-বাকা কেফেত এই ভয়ংকৰ বিমান আক্ৰমণ সংঘটিত হোৱাৰ সময়ত বহুসংখ্যক মহিলা আৰু শিশু সেই স্থানত আছিল। বিপদৰ কোনো আগতীয়া অনুমান লাভ কৰাৰ পূৰ্বেই হঠাতে এখন যুদ্ধ বিমানে সেই স্থানত আক্ৰমণ কৰে আৰু এই আক্ৰমণত ঘটনাস্থলী ভূমিকম্পৰ দৰে কঁপি উঠে বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰে।
উত্তৰ গাজাত স্বাস্থ্য মন্ত্ৰালয়ৰ জৰুৰীকালীন আৰু এম্বুলেন্স সেৱাৰ মুৰব্বী ফাৰেছ আৱাদে কয় যে এই আক্ৰমণত প্ৰায় ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবা ডজন লোক আহত হৈছে। আৱাদে লগতে আহতসকলৰ ভিতৰত বহু কেইজনৰে অৱস্থা সংকটজনক বুলি সদৰী কৰে। শ্বিফা হাস্পতালৰ তথ্য অনুসৰি গাজা চহৰৰ এক অঞ্চলত ইজৰাইলী সেনাই চলোৱা আক্ৰমণত ১৫ জন লোক নিহত হয়।
উল্লেখ যে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যোৱা ২০ মাহ ধৰি থকা যুদ্ধৰ সময়ছোৱাতো কাৰ্যক্ষম হৈ থকা ব্যৱসায়িক স্থানসমূহৰ ভিতৰত এই কেফে আছিল অন্যতম। ইণ্টাৰনেটৰ সুবিধা গ্ৰহণ আৰু মোবাইল চাৰ্জিঙৰ বাবে সেই স্থানত বহু লোকৰ দৈনিক সমাৱেশ ঘটে বুলি স্থানীয় লোকসকলে প্ৰকাশ কৰিছে। এই স্থানতে এতিয়া ইজৰাইলে চলোৱা আক্ৰমণত মহিলা আৰু শিশুসহ ৩০ জন লোকে শোকাৱহভাৱে প্ৰাণ হেৰুৱায়।
ইফালে আল-বাকা কেফেৰ উপৰিও ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে গাজা ষ্ট্ৰিপত সাহায্য সামগ্ৰী বিতৰণৰ চেষ্টা কৰা পেলেষ্টাইনীসকলৰ ওপৰতো গুলীচালনা কৰাৰ অভিযোগ উঠিছে। এই আক্ৰমণত ২২ জন লোক নিহত হয় বুলি তথ্য পোহৰলৈ আহিছে। ইয়াৰ উপৰিও গাজা চহৰৰ ৰাজপথত সংঘটিত হোৱা আন দুটা আক্ৰমণত ১৫ জন লোক নিহত হোৱা বুলিও শ্বিফা হাস্পতালে প্ৰকাশ কৰিছে।