এই সূত্ৰ মানি চলিলেই আপোনাৰ হাতৰ ধন হ’ব দুগুণ, বিশেষজ্ঞই দিছে সঠিক সমাধান…

ব্যক্তিগত বিত্তীয় দিশ শক্তিশালী কৰি ৰখাৰ আটাইতকৈ সহজ সূত্ৰটো জানেনে? এই সূত্ৰ আপোনাৰ ধন দুগুণ কৰাৰ এক সফল মন্ত্ৰ। বিশেষজ্ঞসকলে এই সূত্ৰটোক অৱশ্যে অন্যতম সহজ সূত্ৰ বুলিয়েই বাখ্যা কৰিছে। অর্থনৈতিক বিশেষজ্ঞসকলে কয় যে এই সূত্র মানি চলিলে সহজেই আপোনাৰ ধন দুগুণ হ’ব পাৰে৷

এই সূত্ৰ মানি চলিলেই আপোনাৰ হাতৰ ধন হ’ব দুগুণ, বিশেষজ্ঞই দিছে সঠিক সমাধান...

বিনিয়োগৰ সঠিক সূত্ৰ

Updated On: 

22 Nov 2025 | 01:18 PM

অৰ্থনীতিৰ কিছুমান বিশেষ নিয়ম আছে। এই নিয়মবোৰ মানি চলিলে সহজেই যথেষ্ট ধন জমা কৰিব পাৰি বুলি বিশেষজ্ঞসকলে কয়। কিন্তু ব্যক্তিগত বিত্তীয় দিশ শক্তিশালী কৰি ৰখাৰ আটাইতকৈ সহজ সূত্ৰটো জানেনে? এই সূত্ৰ আপোনাৰ ধন দুগুণ কৰাৰ এক সফল মন্ত্ৰ। বিশেষজ্ঞসকলে এই সূত্ৰটোক অৱশ্যে অন্যতম সহজ সূত্ৰ বুলিয়েই বাখ্যা কৰিছে। অর্থনৈতিক বিশেষজ্ঞসকলে কয় যে এই সূত্র মানি চলিলে সহজেই আপোনাৰ ধন দুগুণ হ’ব পাৰে৷

কি এই সূত্র?

ধৰি লওক, আপোনাৰ হাতত থকা ধনৰাশি দুগুণ কৰিব বিচাৰে। এই ক্ষেত্ৰত প্ৰথমে সেই বিনিয়োগৰ পৰা আপুনি কিমান শতাংশ ৰিটাৰ্ণ পাব, এয়া জানিব লাগিব। যদি আপুনি সেই বিষয়ে জানি লয়, তেতিয়া আপোনাৰ ভাগ্য সুপ্ৰসন্ন হ’ব। এই সূত্ৰৰ নাম হৈছে ‘ৰুল অৱ ৭২’।

ৰুল অৱ ৭২

আপুনি কোনো বিনিয়োগৰ পৰা যিমান শতাংশ হাৰত ৰিটাৰ্ণ লাভ কৰে, সেই সংখ্যাৰে ৭২ক ভাগ কৰক। তেতিয়া আপোনাৰ বিনিয়োগ দুগুণ হ’বলৈ কিমান সময় লাগিব, সেয়া জানিব পাৰিব। যদি আপোনাৰ ৰিটাৰ্ণ ৮ শতাংশ হয়, তেতিয়া ৯ বছৰত আপোনাৰ ধন দুগুণ হ’ব।

কিন্তু যদি ৰিটাৰ্ণ ৪ শতাংশতকৈ কম বা ১৫ শতাংশতকৈ বেছি হয়, তেতিয়া পিছে এই ‘ৰুল অৱ ৭২’-এ কাম নকৰে। ‘ৰুল অৱ ৭২’টো ৬ৰ পৰা ১০ শতাংশ ৰিটাৰ্ণৰ প্ৰসংগত ভালদৰে বুজিব পাৰি।

অৱশ্যে আপুনি যদি কোনো স্থানত বিনিয়োগ কৰিব বিচাৰে, তেতিয়া সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰি লওক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 Assam-এ কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।

বিশেষ দ্ৰষ্টব্যঃ যিকোনো বিনিয়োগৰ ক্ষেত্ৰত কিছু বিপদাশংকা থাকে। গতিকে প্ৰথমে বিনিয়োগৰ সকলো নথি-পত্ৰ ভালদৰে পঢ়ি তাৰ পিছত বিনিয়োগৰ সিদ্ধান্ত লওক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...