বিশাল লভ্যাংশ দিব Tata Elxsi য়ে , শেষ তাৰিখ ১১ জুন !

শ্বেয়াৰহোল্ডাৰক লভ্যাংশ প্ৰদান কৰিব টাটা এলক্সিয়ে । সেই অনুসৰি টাটাই প্ৰতিটো শ্বেয়াৰত দিব ৭৫ টকা লভ্যাংশ । কিয়নো চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফলত ৭৫০ শতাংশ লভ্যাংশ ঘোষণা কৰিছিল টাটা এলক্সিয়ে ।

বিশাল লভ্যাংশ দিব Tata Elxsi য়ে , শেষ তাৰিখ ১১ জুন !

প্ৰতীকী ফটো

Updated On: 

11 Jun 2025 | 02:58 PM

অৱশেষত প্ৰতিগৰাকী শ্বেয়াৰহোল্ডাৰক লভ্যাংশ প্ৰদান কৰিব টাটা এলক্সিয়ে । সেই অনুসৰি টাটাই প্ৰতিটো শ্বেয়াৰত দিব ৭৫ টকা লভ্যাংশ । কিয়নো চতুৰ্থ ত্ৰৈমাসিকৰ ফলাফলত ৭৫০ শতাংশ লভ্যাংশ ঘোষণা কৰিছিল টাটা এলক্সিয়ে । অৱশেষত টাটা এলক্সিয়ে সেই লভ্যাংশ ১১ জুনত দিব । এই ৭৫০ শতাংশ লভ্যাংশ হ’ব টাটাৰ যিকোনো সংস্থাই দিয়া সৰ্বাধিক লভ্যাংশ ।

টাটা এলক্সিৰ ফেচ ভেলু ১০ টকা । ৭৫০ শতাংশ লভ্যাংশ দিয়াৰ অৰ্থ হ’ল টাটাই প্ৰতিটো শ্বেয়াৰত ৭৫ টকা লভ্যাংশ দিব । জনা যায় যে কোম্পানীটোৱে এই লভ্যাংশ প্ৰদানৰ বিষয়টোত কোম্পানীটোৰ ৩৬ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অনুমোদন জনাব পাৰে ।

বিএছইৰ কৰ্পৰেট একচনৰ তথ্য অনুসৰি টাটা এলক্সচিয়ে ১০ টকাৰ ফেচ ভেলুৰ প্ৰতি শ্বেয়াৰত ৭৫ টকা লভ্যাংশ ঘোষণা কৰিছে । লভ্যাংশ হ’ল কোম্পানী এটাৰ লাভৰ এটা অংশ যিটো শ্বেয়াৰহোল্ডাৰসকলক দিয়া হয় ।

কোম্পানীটোৱে এক্সচেঞ্জ ফাইলিঙত কয় যে, তেওঁলোকে ১১ জুনক ডিভিডেণ্ড ৰেৰ্কড তাৰিখ হিচাপে ল’ব । টাটা এলক্সিৰ ৩৬ সংখ্যক এজিএম চলিত মাহৰ ২৫ তাৰিখে অনুষ্ঠিত হ’ব । যদি তাত এই লভ্যাংশ নিশ্চিত হয় তেন্তে ৩০ জুনৰ ভিতৰত কোম্পানীয়ে লভ্যাংশ দিব ।

বম্বে ষ্টক এক্সচেঞ্জৰ ৱেবছাইটত কোৱা হৈছে যে, টাটা এলক্সিৰ ডিভিডেণ্ড য়িল্ড ১.১১ শতাংশ । যোৱা বছৰ অৰ্থাৎ ২০২৪ চনত এই কোম্পানীয়ে ৭০ টকা লভ্যাংশ দিছিল । তাৰ আগৰ বছৰ অৰ্থাৎ ২০২৩ চনত এই লভ্যাংশৰ পৰিমাণ আছিল ৬০ টকা ৬০ পইচা ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...