পাকিস্তানৰ টোপনি হৰিব ভাৰতে, এইবাৰ টাটা গ্ৰুপে ভাৰতত নিৰ্মাণ কৰিব যুঁজাৰু বিমান ৰাফেল

টাটাই এক বিবৃতিত কয় যে চুক্তি অনুসৰি ২০২৮ চনত কাৰ্যক্ষম হ’ব হায়দৰাবাদৰ কাৰখানাটো । কাৰ্যক্ষম হ’লে প্ৰতিমাহে তাত দুটাকৈ ৰাফেল ফিউজেজ নিৰ্মাণ কৰা হ’ব ।

পাকিস্তানৰ টোপনি হৰিব ভাৰতে, এইবাৰ টাটা গ্ৰুপে ভাৰতত নিৰ্মাণ কৰিব যুঁজাৰু বিমান ৰাফেল

ৰাফেল (ফাইল ফটো)

Published: 

07 Jun 2025 15:13 PM

ফ্ৰান্সৰ ৰাফেল যুঁজাৰু বিমান নিৰ্মাতা ডাছল্ট এভিয়েশনৰ সৈতে চুক্তিবদ্ধ হৈছে টাটা গ্ৰুপৰ সহযোগী কোম্পানী টাটা এডভান্সড চিষ্টেমছ লিমিটেড । এই চুক্তি অনুসৰি টাটা কোম্পানীয়ে হায়দৰাবাদত এটা কাৰখানা স্থাপন কৰিবলৈ ওলাইছে । তাতেই নিৰ্মাণ কৰা হ’ব ৰাফেল বিমানৰ বাহিৰৰ অংশ । যোৱা ৫ জুনত ডাছল্ট এভিয়েশনে এক বিবৃতিত এই কথা ঘোষণা কৰে ।

ইয়াৰ পূৰ্বে টাটা এডভান্সড চিষ্টেমছে স্পেইনৰ এয়াৰবাছ ডিফেন্স এণ্ড স্পেচৰ সৈতে চুক্তিবদ্ধ হৈ ভাৰতত চি-২৯৫ পৰিবহণ বিমান নিৰ্মাণ কৰিছিল । টাটাই এক বিবৃতিত কয় যে চুক্তি অনুসৰি ২০২৮ চনত কাৰ্যক্ষম হ’ব হায়দৰাবাদৰ কাৰখানাটো । কাৰ্যক্ষম হ’লে প্ৰতিমাহে তাত দুটাকৈ ৰাফেল ফিউজেজ নিৰ্মাণ কৰা হ’ব । হায়দৰাবাদত নিৰ্মিত ৰাফেল ভাৰতকে ধৰি কেইবাখনো দেশৰ প্ৰতিৰক্ষা বাহিনীক যোগান ধৰা হ’ব ।

ইতিমধ্যে ভাৰতীয় নৌসেনাই মেৰিন ৰাফেলৰ বাবে ডাচল্ট এভিয়েশনৰ সৈতে চুক্তিবদ্ধ হৈছে । ফ্ৰান্সৰ যুদ্ধ বিমান নিৰ্মাতা কোম্পানীটোৱে ইয়াৰ পূৰ্বে ২০১৬ চনৰ চুক্তিৰ অধীনত পৰ্যায়ক্ৰমে ৪.৫ প্ৰজন্মৰ যুঁজাৰু বিমানখন ভাৰতক যোগান ধৰিছিল ।

ডাছল্ট এভিয়েশনে এক বিবৃতিত কয়, “টাটাৰ সৈতে হোৱা এই চুক্তিখন ‘মেক ইন ইণ্ডিয়া’ আৰু আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটাইছে ।” ডাছল্ট এভিয়েশনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া এৰিক ট্ৰেপিয়াৰে কয় যে ফ্ৰান্সৰ বাহিৰত ৰাফেল যুঁজাৰু বিমানৰ ফিউজেজ বা গঠন প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছে । এই পদক্ষেপে ভাৰতৰ প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণ খণ্ডক লাভৱান কৰিব ।

কেতিয়াও নষ্ট নহয়, ফ্ৰীজত মাংস সংৰক্ষণ কৰাৰ আগতে এই কথা মনত ৰাখক...
মৃত্যুৰ পিছত আত্মাই কেতিয়া নতুন শৰীৰ লাভ কৰে? কিদৰে কৰা হয় কৰ্মৰ ফলৰ বিচাৰ?
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? সবিশেষ জানক
ডিঙি আৰু ভৰিৰ বিষ কিয় হয়? জানক ই কোনটো ৰোগৰ লক্ষণ...