দিল্লী বিস্ফোৰণৰ পৰা লওক শিক্ষা, আপোনাৰ বিক্ৰী হোৱা বাহন অপৰাধত ব্যৱহাৰ হ’লে সমস্যাত পৰিব নেকি আপুনি?

দিল্লীৰ এই বিস্ফোৰণ সংঘটিত হোৱা বাহনখন আছিল এখন ছেকেণ্ড হেণ্ড হুণ্ডাই i-20। পিছত ফৰিদাবাদৰ পৰা উদ্ধাৰ হোৱা বাহনখনো আছিল ছেকেণ্ড হেণ্ড। এই ঘটনাত স্বাভাৱিকতেই সকলোৰে মনত এক প্ৰশ্ন উত্থাপন হ’ব পাৰে। যদি আপুনি বিক্ৰী কৰা বাহনখন ব্যৱহাৰ কৰি আন কোনোৱে অপৰাধ সংঘটিত কৰে, আপুনিও আৰক্ষী বা আইনী সমস্যাত পৰিব পাৰে নেকি?

দিল্লী বিস্ফোৰণৰ পৰা লওক শিক্ষা, আপোনাৰ বিক্ৰী হোৱা বাহন অপৰাধত ব্যৱহাৰ হ’লে সমস্যাত পৰিব নেকি আপুনি?

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

14 Nov 2025 14:27 PM

লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত অব্যাহত ৰাখিছে NIAএই তদন্তত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য দিল্লীৰ এই বিস্ফোৰণ সংঘটিত হোৱা বাহনখন আছিল এখন ছেকেণ্ড হেণ্ড হুণ্ডাই i-20 তদন্তৰ সময়ত পিছত ফৰিদাবাদৰ পৰা আন এখন ৰঙা ৰঙৰ বাহন উদ্ধাৰ হয়। এই বাহনখনো কেইবাবাৰো হাত বাগৰি চিকিৎসক ৰূপী এজন উগ্ৰপন্থীৰ হাতত পৰিছিল। এই ঘটনাত স্বাভাৱিকতেই সকলোৰে মনত এক প্ৰশ্ন উত্থাপন হ পাৰে যদি আপুনি বিক্ৰী কৰা বাহনখন ব্যৱহাৰ কৰি আন কোনোৱে অপৰাধ সংঘটিত কৰে, আপুনিও আৰক্ষী বা আইনী সমস্যাত পৰিব পাৰে নেকি?

এই প্ৰশ্নৰ সহজ উত্তৰটো হ’ল, হয়। বাহন বিক্ৰী হোৱাৰ পিছত যদি মালিকীস্বত্ব সলনি নহয়, তেতিয়া বাহনৰ প্ৰথম মালিকে আইনী সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়ভাৰতীয় দণ্ডবিধি আৰু মটৰ গাড়ী আইন ১৯৮৮ৰ অধীনত গোচৰ ৰুজু কৰা হয় যিকোনো দুৰ্ঘটনা বা অপৰাধত আৰক্ষীয়ে প্ৰথমে গাড়ীৰ নম্বৰ বিচাৰি অভিযুক্তক চিনাক্ত কৰিবলৈ চেষ্টা কৰে।

বহু সময়ত যিহেতু পঞ্জীয়ন বা মালিকীস্বত্বৰ কোনো পৰিৱৰ্তন নহয়, গতিকে গাড়ীখনৰ মূল মালিক বা প্ৰথম মালিকজন এই ক্ষেত্ৰত সমস্যাত পৰে। গাড়ী ব্যৱহাৰ কৰাৰ সময়ত যদি কোনো দুৰ্ঘটনা সংঘটিত হয় আৰু মৃত্যু হয়, তেতিয়া গাড়ীৰ মালিকে মটৰ গাড়ী আইনৰ ২(৩০) আৰু ১৬৫ নং ধাৰাত মৃতকৰ পৰিয়ালৰ সদস্যক ক্ষতিপূৰণ দিব লাগিব।

যদি হত্যা বা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত হয়, তেতিয়া পঞ্জীয়নভুক্ত গাড়ীৰ মালিকজন অপৰাধৰ বাবে প্ৰত্যক্ষভাৱে দায়ী নহয়। এই ক্ষেত্ৰত তদন্তকাৰীয়ে গাড়ীৰ মালিক আৰু অপৰাধৰ মাজত কোনো সম্পৰ্ক আছে নেকি, সেয়া প্ৰমাণ কৰিব লাগিব। যদি কোনো ব্যক্তিয়ে জানি-বুজি কোনো অচিনাকি লোকক অপৰাধ কৰিবলৈ গাড়ী দিয়ে, তেতিয়া অপৰাধত সহায়সহযোগ কৰাটো প্ৰমাণিত হ’ব।

যদি কোনো লোকে এনে অপৰাধৰ পৰা নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব বিচাৰে, তেতিয়া অপৰাধৰ বিষয়ে যে তেওঁৰ কোনো পূৰ্বাভাস নাছিল সেয়া তেওঁ প্ৰমাণ কৰিব লাগিব। যদি গাড়ীখন চুৰি হয় বা গাড়ীখন অনুমতি অবিহনে ব্যৱহাৰ কৰা হয়, তেতিয়া অপৰাধৰ বাবে তেওঁ প্ৰত্যক্ষভাৱে দায়ী নহয়

যদি কোনো চিগনেল ভংগ বা যান-বাহন সম্পৰ্কীয় কোনো অপৰাধ হয়, তেতিয়া এই গোচৰ আহিব গাড়ীৰ প্ৰথম মালিক বা মূল মালিকৰ নামত কাৰণ আৰ টি অ’ৰ হাতত পুৰণি মালিকৰ ৰেকৰ্ড থাকিব। কোনো ব্যক্তিগত চুক্তি মানি লোৱা নহ’ব। এনে ক্ষেত্ৰত প্ৰথম গাড়ীৰ মালিকে গাড়ী বিক্ৰী কৰা বুলি প্ৰমাণ কৰিব লাগিব। মালিকীস্বত্ব হস্তান্তৰৰ প্ৰমাণ দিব লাগিব।

মালিকীস্বত্ব হস্তান্তৰৰ প্ৰমাণপত্ৰৰ ভিতৰত আছে ডেলিভাৰী ৰচিদ, গাড়ী ক্ৰয় কৰা ব্যক্তিজনৰ চৰকাৰী পৰিচয় পত্ৰ, আৰ টি অ’ ফৰ্ম ২৯ আৰু ৩০ এই ফৰ্মত দুয়োপক্ষৰ স্বাক্ষৰ থাকিব লাগিব। গাড়ীৰ ক্ষেত্ৰত বিপদৰ পৰা ৰক্ষা পৰিবলৈ মালিকীস্বত্ব সলনিৰ নিয়মৰ বিষয়ে জানিব লাগিব

এইদৰে সলনি কৰিব পাৰিব গাড়ীৰ মালিকীস্বত্ব

গাড়ীখনৰ মূল নথি-পত্ৰ

প্ৰপত্ৰ ২৯ (মালিকত্ব সলনিৰ জাননী)ৰ দুটা কপি

প্ৰপত্ৰ ৩০ৰ এটা কপি (ক্ৰেতাৰ মালিকীস্বত্ব সলনিৰ জাননী)

বৈধ বীমা আৰু প্ৰদূষণৰ প্ৰমাণ পত্ৰ

ক্ৰেতা আৰু বিক্ৰেতাৰ পৰিচয় পত্ৰ

যদি গাড়ীখন ঋণত কিনা হয়, তেতিয়া ফৰ্ম ৩৫ আৰু আপত্তিহীন প্ৰমাণপত্ৰ।

গাড়ী বিক্ৰীৰ ৩০ দিনৰ ভিতৰত বিক্ৰেতাই গাড়ী বিক্ৰীৰ বিষয়ে আৰ টি অ’ক অৱগত কৰিব লাগিব।

মাহেকীয়াৰ সময়ত মহিলসকলে মুড ছুইঙৰ পৰা সাত সাৰিবলৈ কি কি কৰা উচিত?
ৰক্তচাপ নিয়ন্ত্ৰণৰ লগতে আছে একাধিক উপকাৰিতা, শীতকালত পুৱা খালী পেটত নহৰু খালে কি হয় ?
শীতৰ বতৰত মহৌষধি গুড়, পিছে ক্ৰয় কৰোঁতে সদায় মনত ৰাখিব ৪টা কথা
কম হৈ পৰিব ডায়েবেটিছৰ আশংকা! জানক ৫টা সহজ উপায়...