ৰূপৰ গহনা বিক্ৰীত ১ ছেপ্টেম্বৰৰ পৰা হ’ব ব্যাপক পৰিৱৰ্তন, কিনাৰ আগত চাই ল’ব ভালকৈ

ৰূপ দাম সোণৰ তুলনাত সস্তা হোৱাৰ বাবেই বিশেষকৈ মধ্যবিত্ত শ্ৰেণীয়ে এতিয়া ৰূপৰ ওপৰত নিৰ্ভৰ কৰে। ফেশ্বন জগতত এতিয়া ট্ৰেণ্ডিং হৈছে ৰূপালী গহনা। অৱশ্যে ৰূপালী গহনাত অতি সোনকালে আহি আছে এক বৃহৎ পৰিৱৰ্তন।

ৰূপৰ গহনা বিক্ৰীত ১ ছেপ্টেম্বৰৰ পৰা হব ব্যাপক পৰিৱৰ্তন, কিনাৰ আগত চাই লব ভালকৈ

প্ৰতীকী ছবি

Published: 

14 Aug 2025 17:15 PM

আকাশলংঘী হৈছে সোণৰ দাম। তাৰোপৰি সোণৰ গহন পিন্ধি বাটে-পথে ওলাবলৈও ভয়। কোন তলকত আহি চিলনী চোৰে থপিয়াই নিয়ে তাৰ কোনো ঠিক নাই। কিন্তু পুৰুষে নহ’লেও মহিলাই দুই-এপদ অলংকাৰ পিন্ধাটো আমাৰ পৰম্পৰা। কিন্তু সোণ পিন্ধিবলৈ ভয় আৰু সোণৰ চৰা দামৰ বাবে মানুহে ৰূপৰ অলংকাৰক বিকল্প হিচাপে ব্যৱহাৰ কৰে।

ৰূপ দাম সোণৰ তুলনাত সস্তা হোৱাৰ বাবেই বিশেষকৈ মধ্যবিত্ত শ্ৰেণীয়ে এতিয়া ৰূপৰ ওপৰত নিৰ্ভৰ কৰে। ফেশ্বন জগতত এতিয়া ট্ৰেণ্ডিং হৈছে ৰূপালী গহনা। অৱশ্যে ৰূপালী গহনাত অতি সোনকালে আহি আছে এক বৃহৎ পৰিৱৰ্তন। সোণৰ দৰে এইবাৰ ৰূপৰ গহনাতো হ’লমাৰ্কৰ ব্যৱস্থা কৰা হ’ব। ১ ছেপ্টেম্বৰৰ পৰা ৰূপালী গহনাত হলমাৰ্কিং বাধ্যতামূলক হ’ব।

প্ৰতিবেদন অনুসৰি ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে (BIS) ৰূপৰ গহনাসমূহৰ বাবে হ’লমাৰ্কিং বাধ্যতামূলক কৰিছে। এতিয়াৰ পৰা ৰূপৰ ৬ টা গ্ৰেড অৰ্থাৎ ৯০০, ৮০০, ৮৩৫, ৯২৫, ৯৭০ আৰু ৯৯০ বিশুদ্ধতাৰ স্তৰৰ বাবে হলমাৰ্কৰ প্ৰয়োজন হ’ব। সোণৰ গহনাত যেনেকৈ এটা চিহ্নযুক্ত একক চিনাক্তকৰণ নম্বৰ বা HUID থাকে, ৰূপৰ গহনাতো HUID চিহ্ন থাকিব।

পুৰণি হলমাৰ্কিঙৰ সলনি নতুন হলমাৰ্কিং ব্যৱহাৰ কৰা হ’ব। ইয়াৰ পূৰ্বে চৰকাৰে ২০২১ চনৰ পৰা সোণৰ গহনাসমূহৰ বাবে হলমাৰ্ক কৰাটো বাধ্যতামূলক কৰিছিল। ৰূপৰ গহনাসমূহৰ বিশুদ্ধতা পৰীক্ষাৰ বাবেও হলমাৰ্ক ব্যৱহাৰ কৰা হ’ব।

এতিয়া ৰূপৰ গহনাসমূহৰ বাধ্যতামূলক হ’লমাৰ্কিঙৰ দ্বাৰা গ্ৰাহক লাভৱান হ’ব। নকল বা মিশ্ৰিত ৰূপৰ সামগ্ৰী কোনেও বিক্ৰী কৰিব নোৱাৰিব। ৰূপৰ গহনা বা আন যিকোনো সামগ্ৰী কিনিলে ইয়াত কিমান বিশুদ্ধ ৰূপ আছে সেই কথা জানিবলৈ চাই আপুনি চিহ্নটো চাব পাৰে।

ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
কি কি কাৰণত চুগাৰ বাঢ়িব পাৰে ? আপোনাৰ যদি চুগাৰ আছে এই ৪ টা ভুল কেতিয়াও নকৰিব
আলমখি নে আলমখিৰ ৰস ! ছাল, চুলি আৰু হজম শক্তিৰ বাবে কোনটো বেছি উপকাৰী?
কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...