সলনি হ’ল SBIৰ নিয়ম, এতিয়া ATMৰ পৰা ধন উলিয়াওঁতে ভৰিব লাগিব অধিক ধন

এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা আন বেংকৰ এটিএম (ATM) ব্যৱহাৰ কৰাটো পূৰ্বতকৈ অধিক ব্যয়বহুল হৈ পৰিব। সেৱা মাচুল (Service Charge) বৃদ্ধিৰ এই সিদ্ধান্তই বিশেষকৈ বাৰে বাৰে নন-এছবিআই (Non-SBI) এটিএম ব্যৱহাৰ কৰা গ্ৰাহকসকলক প্ৰভাৱিত কৰিব।

সলনি হ’ল SBIৰ নিয়ম, এতিয়া ATMৰ পৰা ধন উলিয়াওঁতে ভৰিব লাগিব অধিক ধন

SBIৰ নতুন নিয়ম

Updated On: 

13 Jan 2026 | 02:21 PM

চৰকাৰী খণ্ডৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)-ই গ্ৰাহকসকলৰ বাবে এক নতুন নিয়ম জাৰি কৰিছে। ষ্টেট বেংকৰ এই নতুন নিয়মে প্ৰত্যক্ষভাৱে গ্ৰাহকৰ জমা ধনত প্ৰভাৱ পেলাব। এই নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা আন বেংকৰ এটিএম (ATM) ব্যৱহাৰ কৰাটো পূৰ্বতকৈ অধিক ব্যয়বহুল হৈ পৰিব। সেৱা মাচুল (Service Charge) বৃদ্ধিৰ এই সিদ্ধান্তই বিশেষকৈ বাৰে বাৰে নন-এছবিআই (Non-SBI) এটিএম ব্যৱহাৰ কৰা গ্ৰাহকসকলক প্ৰভাৱিত কৰিব।

কিয় বাঢ়িল মাচুল?

SBI- ৰ মতে, এটিএম আৰু এডিডব্লিউএম (ADWM) যন্ত্ৰত লগা ‘ইণ্টাৰচেঞ্জ ফি’ (Interchange Fee) বৃদ্ধি পাইছে। এই ইণ্টাৰচেঞ্জ ফি হৈছে এটা বেংকে আনটো বেংকৰ এটিএম ব্যৱহাৰ কৰাৰ বিনিময়ত পৰিশোধ কৰিব লগা খৰচ। এই বৰ্ধিত খৰচৰ বোজা এতিয়া গ্ৰাহকৰ ওপৰত জাপি দিয়া হৈছে।

সঞ্চয় একাউণ্টৰ ওপৰত প্ৰভাৱ

অৱশ্যে বিনামূলীয়া লেনদেনৰ (Free Transactions) সীমাত কোনো পৰিৱৰ্তন কৰা নাই SBI- এ। সঞ্চয় একাউণ্ট (Savings Account) থকা গ্ৰাহকসকলে আগৰ দৰেই মাহে ৫ টা বিনামূলীয়া লেনদেন কৰিব পাৰিব। কিন্তু এই সীমা অতিক্ৰম কৰাৰ পিছত নগদ ধন উলিয়ালে এতিয়াৰে পৰা GST সহ ২৩ টকা পৰিশোধ কৰিব লাগিব।

পূৰ্বে SBI- ৰ দ্বাৰা নিৰ্ধাৰিত এই আছিল ২১ টকা। ইফালে অ-বিত্তীয় লেনদেন, যেনে বেলেঞ্চ চেক) কৰে, তেতিয়া গ্ৰাহকসকলে ইয়াৰ বাবে GST সহ ১১ টকা পৰিশোধ কৰিব লাগিব। পূৰ্বে অ-বিত্তীয় লেনদেনৰ ক্ষেত্ৰত এই মাচুল আছিল ১০ টকা।

চেলেৰী একাউণ্ট থকাসকলৰ বাবে বেয়া খবৰ

নতুন নিয়মে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে চেলেৰী একাউণ্ট (Salary Account) থকা গ্ৰাহকসকলক। পূৰ্বে তেওঁলোকে আন বেংকৰ এটিএমত সীমাহীন বিনামূলীয়া লেনদেনৰ সুবিধা পাইছিল, কিন্তু এতিয়া এই সুবিধা বন্ধ কৰা হৈছে।

এতিয়াৰে পৰা চেলেৰী একাউণ্টত মাহে কেৱল ১০ টাহে বিনামূলীয়া লেনদেনৰ (নগদ উলিওৱা আৰু বেলেঞ্চ চেক মিলাই) সুবিধা উপলব্ধ হ’ব। ইয়াৰ পিছত প্ৰতিটো লেনদেনৰ ক্ষেত্ৰত নিৰ্ধাৰিত মাচুল কাটি লোৱা হ’ব।

কাৰ ওপৰত প্ৰভাৱ নপৰে?

বেচিক চেভিংছ বেংক ডিপজিট একাউণ্ট (BSBD) থকা গ্ৰাহকৰ বাবে কোনো নতুন মাচুল ধাৰ্য কৰা হোৱা নাই। একেদৰে যদি আপুনি SBI- ৰ ATM- ৰ পৰা SBI- ৰ ডেবিট কাৰ্ড ব্যৱহাৰ কৰি লেনদেন কৰে, তেতিয়া আপোনাৰ বাবে কোনো নিয়ম সলনি হোৱা নাই। এইক্ষেত্ৰত পুৰণি নিয়মসমূহেই বাহাল থাকিব।

১০০ বছৰৰ পাছত মাঘ বিহুত বিৰল সংযোগ, জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য!
লিভাৰৰ সংক্ৰমণৰ প্ৰধান ৪টা লক্ষণ কি কি? জানক..
মগু দাইল খোৱাৰ পূৰ্বে সাৱধান, এই ৫ সমস্যা থকা লোকৰ বাবে হ’ব পাৰে বিপদ!
গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি