মাত্ৰ ৫০ টকা জমা কৰিলে পাব ৩৫ লাখ, ডাকঘৰৰ এই পলিচীয়ে মালামাল কৰিব আপোনাক!

ভাৰতীয় ডাক বিভাগৰ গ্ৰাম্য সুৰক্ষা যোজনা আচলতে গ্ৰাম্য ডাক জীৱন বীমা। ১৯ৰ পৰা ৫৫ বছৰৰ ভিতৰৰ লোকে এই বীমা ক্ৰয় কৰিব পাৰিব। বীমা ৰাশি ১০ হাজাৰৰ পৰা ১০ লাখ টকাৰ ভিতৰত হ’ব পাৰে।

মাত্ৰ ৫০ টকা জমা কৰিলে পাব ৩৫ লাখ, ডাকঘৰৰ এই পলিচীয়ে মালামাল কৰিব আপোনাক!

ডাকঘৰ (প্ৰতীকী ছবি)

Updated On: 

23 Jul 2025 | 12:04 PM

ডাকঘৰৰ এনে বহু আঁচনি আছে, যিবোৰ যথেষ্ট জনপ্ৰিয়। আমি জানো যে ডাকঘৰত বিনিয়োগ কৰিলে বিশেষ ৰিস্ক নাই। ফলত বহু লোকে ডাকঘৰৰ বিভিন্ন আঁচনিত বিনিয়োগ কৰে। ডাকঘৰৰ কিছুমান আঁচনি আছে য’ত মাত্ৰ ৫০ টকা বিনিয়োগ কৰিলেই ৩৫ লাখ টকা পৰ্যন্ত ৰিটাৰ্ণ পাব পাৰি।

ভাৰতীয় ডাক বিভাগৰ গ্ৰাম্য সুৰক্ষা যোজনা আচলতে গ্ৰাম্য ডাক জীৱন বীমা। ১৯ৰ পৰা ৫৫ বছৰৰ ভিতৰৰ লোকে এই বীমা ক্ৰয় কৰিব পাৰিব। বীমা ৰাশি ১০ হাজাৰৰ পৰা ১০ লাখ টকাৰ ভিতৰত হ’ব পাৰে। এই বীমাৰ অধীনত এজন ব্যক্তিয়ে ৫৫, ৫৮ আৰু ৬০ বছৰ বয়সত নিজৰ প্ৰিমিয়াম বন্ধ কৰিবলৈ আবেদন কৰিব পাৰে।

বীমাকৃত ব্যক্তিজনৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে বীমা ধন আৰু প্ৰয়োজনীয় বোনাছ লাভ কৰিব। এই বোনাছ নিৰ্ভৰ কৰে প্ৰিমিয়াম কিমান দিন পৰিশোধ কৰা হৈছে বা পলিচি আত্মসমৰ্পণ কৰা হৈছে নে নাই তাৰ ওপৰত। যদি বীমাকৃত ব্যক্তিজন পলিচিৰ মেচিউৰিটি তাৰিখলৈকে জীয়াই থাকে, তেন্তে তেওঁ বীমাকৃত ধন আৰু সম্পূৰ্ণ বোনাছ পাব।

তথ্য অনুসৰি এই আঁচনিখনত এজন ব্যক্তিয়ে প্ৰতিমাহে প্ৰায় ১,৫১৫ টকা বা প্ৰতিদিনে প্ৰায় ৫০ টকা বিনিয়োগ কৰিব পাৰে। যেতিয়া এই আঁচনিখন মেচিউৰ হ’ব তেতিয়া ৩৫ লাখ টকা পৰ্যন্ত ৰিটাৰ্ণ লাভ কৰিব পৰা যাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...