ডাঙৰ সুযোগ হেৰুৱালে ! ১৫ বছৰত Royal Enfieldৰ শ্বেয়াৰৰ মূল্য কিমান হ’ল জানেনে?

১৫ বছৰ আগতে ৯৯ হাজাৰ টকাত বুলেট কিনা ব্যক্তিজনে যদি সেইদিনটো ৰয়েল এনফিল্ডৰ শ্বেয়াৰত বিনিয়োগ কৰা হ’লে কি হ’লহেঁতেন? ১৫ বছৰৰ আগতে ৰয়েল এনফিল্ডৰ মূল কোম্পানী আইচাৰ মটৰ্ছৰ শ্বেয়াৰৰ মূল্য আছিল ৬২ টকা।

ডাঙৰ সুযোগ হেৰুৱালে ! ১৫ বছৰত Royal Enfieldৰ শ্বেয়াৰৰ মূল্য কিমান হ’ল জানেনে?

Royal Enfield

Published: 

24 Jun 2025 15:17 PM

ৰয়েল এনফিল্ড মানেই এটা বেলেগ অনুভৱ। বহুতৰ বাবে সপোনৰ বাইকখন হৈছে ৰয়েল এনফিল্ড। কেৱল যুৱ প্ৰজন্মৰ মাজতে নহয়, জ্যেষ্ঠসকলৰ বাবেও ৰয়েল এনফিল্ড এটা আবেগ। ৰাইডাৰ সকলেও দুঃসাহসিক যাত্ৰাৰ বাবে ৰয়েল এনফিল্ডৰ বাইক ব্যৱহাৰ কৰে। শেহতীয়াকৈ শ্বেয়াৰ বজাৰতো বিশেষ প্ৰভাৱ পেলাই ৰয়েল এনফিল্ডয়ে।

বৰ্তমান এখন ৰয়েল এনফিল্ড বুলেটৰ মূল্য প্ৰায় ১ লাখ ৩৪ হাজাৰ টকাৰ পৰা আৰম্ভ। প্ৰায় ১৫ বছৰ আগতে এখন বুলেটৰ দাম ৯৯ হাজাৰ টকাৰ পৰা আৰম্ভ হৈছিল। অৰ্থাৎ ১৫ বছৰত ৰয়েল এনফিল্ড বুলেটৰ মূল্য ৩৩ শতাংশ বৃদ্ধি পাইছে।

কিন্তু ১৫ বছৰ আগতে ৯৯ হাজাৰ টকাত বুলেট কিনা ব্যক্তিজনে যদি সেইদিনটো ৰয়েল এনফিল্ডৰ শ্বেয়াৰত বিনিয়োগ কৰা হ’লে কি হ’লহেঁতেন? ১৫ বছৰৰ আগতে ৰয়েল এনফিল্ডৰ মূল কোম্পানী আইচাৰ মটৰ্ছৰ শ্বেয়াৰৰ মূল্য আছিল ৬২ টকা। আৰু এতিয়া কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য প্ৰায় ৮,৮৫০ গুণ বৃদ্ধি পাইছে। আজি আইচাৰ মটৰ্ছৰ ১ টা শ্বেয়াৰৰ মূল্য ৫ হাজাৰ ৫৪৮ টকা।

যিহেতু ১৫ বছৰ পূৰ্বে এখন বুলেটৰ মূল্য আছিল ৯৯ হাজাৰ টকা। যদি সেই টকাৰে সেই সময়ত আইচাৰ মটৰৰ শ্বেয়াৰ ক্ৰয় কৰা হ’লে আপুনি লাভ কৰিলেহেঁতেন ১ হাজাৰ ৫৯৬ টা শ্বেয়াৰ। আৰু আজি সেই পৰিমাণৰ শ্বেয়াৰৰ মূল্য হ’লহেঁতেন ৮৮ লাখ ৫৪ হাজাৰ ৬০৮ টকা!

যদি আপুনি ক’ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে সেই বিষয়ত সঠিক গৱেষণা আৰু বিশ্লেষণ কৰক। এই লেখাটো কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমীয়াই বিনিয়োগৰ কোনো পৰামৰ্শ নিদিয়ে।

বিশেষ টোকা: যিকোনো বিনিয়োগত বজাৰৰ বিপদ থাকে। গতিকে প্ৰথমে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ ভালদৰে পঢ়ক। তাৰ পিছত বিনিয়োগৰ বিষয়ে এটা সিদ্ধান্ত লওক।

নাৰিকল তেল নে এলোভেৰা জেল, ছালৰ বাবে কোনটো উত্তম?
দাঁতৰ সমস্যা আছে নেকি? এই ৫ বিধ খাদ্যই নষ্ট কৰে আপোনাৰ দাঁত!
প্ৰস্ৰাৱ সংক্ৰমণ হ'লে কি কি সমস্যাৰ সৃষ্টি হয়? জানক...
হনুমানক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ উপায়! মঙলবাৰে কৰক এই কাম