RBI on INR: টকা নিম্নতম স্তৰত উপনীত হোৱাৰ ফলত বাস্তৱত আপোনাৰ কি সমস্যা হ’ব?

Reserve Bank Of India: ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই অৱশ্যে কয় যে, ভয় কৰাৰ কোনো কাৰণ নাই। তেওঁৰ মতে যোৱা ১০-২০ বছৰৰ ইতিহাস চালে দেখা যায় যে টকাৰ মূল্য বছৰি ৩ৰ পৰা ৩.৪ শতাংশ হ্ৰাস পাই আহিছে। এইবাৰৰ পতন ৪.৬৮ শতাংশ হ’লেও ভাৰতৰ ‘বাহ্যিক খণ্ড’ যথেষ্ট শক্তিশালী।

RBI on INR: টকা নিম্নতম স্তৰত উপনীত হোৱাৰ ফলত বাস্তৱত আপোনাৰ কি সমস্যা হ’ব?
Published: 

26 Dec 2025 | 01:19 PM

১৬ ডিচেম্বৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৯১ টকা ১৬ পইচা নিম্নগামী হয়। ২০২৫ চনত এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতৰ মুদ্ৰাৰ প্ৰদৰ্শন আটাইতকৈ বেয়া। স্বাভাৱিকভাৱে সাধাৰণ মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে দেশখনৰ অৰ্থনীতি সংকটত নেকি?

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই অৱশ্যে কয় যে ভয় কৰাৰ কোনো কাৰণ নাই। তেওঁৰ মতে যোৱা ১০-২০ বছৰৰ ইতিহাস চালে দেখা যায় যে বছৰি ৩ৰ পৰা ৩.৪ শতাংশ টকাৰ মূল্য হ্ৰাস পাই আহিছে। এইবাৰৰ হ্ৰাস ৪.৬৮ শতাংশ হ’লেও ভাৰতৰ ‘বাহ্যিক খণ্ড’ যথেষ্ট শক্তিশালী।

কিয় এই অৱনতি?

টকাৰ মূল্য হ্ৰাসৰ তিনিটা স্পষ্ট কাৰণ। প্ৰথমতে বিশ্বৰ বজাৰত ডলাৰৰ উত্থান। দ্বিতীয়তে, বিদেশী বিনিয়োগকাৰীয়ে ধন উলিওৱা। তৃতীয়তে, ট্ৰাম্পৰ সম্ভাৱ্য শুল্ক নীতিৰ ভয়।

আৰ বি আইয়ে কি কৰিছে?

আপুনি হয়তো ভাবিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে কিয় হস্তক্ষেপ কৰা নাই? বজাৰতেই টকাৰ মূল্য নিৰ্ধাৰণ কৰিব বুলি স্পষ্ট কৰি দিছে গৱৰ্ণৰে। বজাৰত ‘অস্বাভাৱিক অস্থিৰতা’ হ’লেহে কেন্দ্ৰীয় বেংকে খোজ দিব। দৰাচলতে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থকাৰ বাবে আৰ বি আই এতিয়া কিছু নমনীয়।

কি ভাল খবৰ?

টকাৰ মূল্য হ্ৰাস পোৱাৰ পাছতো নৱেম্বৰ মাহত বাণিজ্যিক ঘাটি পাঁচ মাহৰ ভিতৰত সৰ্বনিম্ন, প্ৰায় ২৪.৫৩ বিলিয়ন ডলাৰ। সোণ আৰু তেলৰ আমদানিও হ্ৰাস পাইছে। আনহাতে, আমেৰিকালৈ ভাৰতৰ ৰপ্তানি প্ৰায় ২১ শতাংশ বৃদ্ধি পাইছে। ভাৰতত এতিয়া ৬৯০ বিলিয়ন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ মজুত আছে, যিয়ে ১১ মাহৰ আমদানি বিল আদায় কৰিব পাৰে।

ভাৰতৰ অৰ্থনীতি এতিয়াও সংকটত। কিন্তু এইটোও সঁচা যে ভয় আঁতৰিছে। ঋণৰ তুলনাত ভাৰতৰ সঞ্চয় যথেষ্ট শক্তিশালী। গতিকে এতিয়াৰ বাবে বিশ্ব বজাৰৰ জোকাৰণিৰ বাবে মুদ্ৰাৰ উঠা-নমা হ’লেও দেশৰ কেন্দ্ৰীয় বেংকে ভেটিটো শক্তিশালী বুলি দাবী কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...