বহু হাজাৰ কেজি সোণ ক্ৰয় কৰিছে ৰিজাৰ্ভ বেংকে, এয়া যুদ্ধৰ সংকেত নেকি?

সোণৰ মজুতৰ তালিকাত শীৰ্ষ ১০ খন দেশৰ ভিতৰত আছে ভাৰতীয় ৰিজাৰ্ভ বেংক। বহু অৰ্থনৈতিক বিশেষজ্ঞই কয় যে, ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বিভিন্ন কাৰণত ডলাৰৰ মূল্য অস্থিৰ হৈ পৰিছে।

বহু হাজাৰ কেজি সোণ ক্ৰয় কৰিছে ৰিজাৰ্ভ বেংকে, এয়া যুদ্ধৰ সংকেত নেকি?

RBI ৰ ডাঙৰ সিদ্ধান্ত

Updated On: 

30 Apr 2025 | 03:20 PM

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে দেশত উত্তেজনা বৃদ্ধি পাইছে। ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল সন্ধি স্থগিত কৰাৰ লগতে বহু পদক্ষেপ গ্ৰহণ কৰিছে। ইফালে পাকিস্তানেও ভাৰতক প্ৰত্যুত্তৰ দিবলৈ ন ন কৌশল প্ৰস্তুত কৰি আছে। একাংশ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞই এই দুখন পাৰমাণৱিক শক্তিধাৰী দেশৰ মাজত যুদ্ধৰ সম্ভাৱনাক নুই কৰা নাই।

ইয়াৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে বহু হাজাৰ কেজি সোণ ক্ৰয় কৰিছে। ইয়াৰ ফলত ভাৰতৰ সোণৰ মজুত বৃদ্ধি পাইছে। কিন্তু পাকিস্তানৰ সৈতে যুদ্ধ আৰু সোণ ক্ৰয়ৰ মাজত কি সম্পৰ্ক? আচলতে যুদ্ধ হ’লে মুদ্ৰাস্ফীতি আকাশলংঘী হ’ব। মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজিবলৈ সোণ এটা ভাল বিনিয়োগ। বৰ্তমান ৰিজাৰ্ভ বেংকে কিয় সোণ জমা কৰিছে তাৰ কোনো প্ৰত্যক্ষ উত্তৰ দিয়া নাই।

চৰকাৰী তথ্য অনুসৰি ভাৰতীয় কেন্দ্ৰীয় বেংকে ২০২৪-২৫ বিত্তীয় বৰ্ষত মুঠ ৫৭,৫০০ কিলোগ্ৰাম সোণ ক্ৰয় কৰিছিল। কিন্তু বিগত এটা বছৰত বিশ্বজুৰি ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতা কেইবাটাও কাৰণত বৃদ্ধি পাইছে। এই সময়ছোৱাত সোণৰ মূল্য ৩১ শতাংশ বৃদ্ধি পাইছে। ফলত বিভিন্ন দেশৰ কেন্দ্ৰীয় বেংকে খৰখেদাকৈ সোণ ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে।

প্ৰসংগক্ৰমে ২০১৭ চনৰ ডিচেম্বৰৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে সোণৰ মজুত বৃদ্ধি কৰি আহিছে।২০২১-২২ বিত্তীয় বৰ্ষত আৰ বি আইয়ে মুঠ ৬৬,০০০ কিলোগ্ৰাম সোণ ক্ৰয় কৰিছিল। ২০২২-২৩ বিত্তীয় বৰ্ষত সেই পৰিমাণ ৩৫,০০০ কিলোগ্ৰামলৈ হ্ৰাস পাইছে।

সোণৰ মজুতৰ তালিকাত শীৰ্ষ ১০ খন দেশৰ ভিতৰত আছে ভাৰতীয় ৰিজাৰ্ভ বেংক। বহু অৰ্থনৈতিক বিশেষজ্ঞই কয় যে, ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা বিভিন্ন কাৰণত ডলাৰৰ মূল্য অস্থিৰ হৈ পৰিছে। সেইবাবেই আৰ বি আইয়ে সোণ ক্ৰয় বৃদ্ধি কৰিছে। আন আন বিশেষজ্ঞসকলৰ মতে ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমানৰ উত্তেজনাৰ বাবে এই পৰিমাণ আৰু বৃদ্ধি কৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...