গ’ল্ড লোনৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম, লাভ হ’ব নে লোকচান, জানি লওক

ভাৰতীয় ৰিজাৰ্ভ বেংকে সোণৰ বাবদ ঋণ গ্ৰহণৰ নিয়ম সলনি কৰিবলৈ ওলাইছে । এই নতুন নিয়ম ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত ইয়াৰ দ্বাৰা সাধাৰণ মানুহ লাভৱান হ’ব নে লোকচানৰ সন্মুখীন হ’ব সেয়া জনাটো অতি প্ৰয়োজনীয়?

গল্ড লোনৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ নতুন নিয়ম, লাভ হব নে লোকচান, জানি লওক

প্ৰতীকী ছবি

Published: 

10 Jun 2025 10:56 AM

আমাৰ সকলোৰে ঘৰত এপদ-দুপদ হ’লেও সোণৰ আল-অলংকাৰ থাকে । এই অলংকাৰ কেৱল সৌন্দৰ্যবৰ্ধনৰ বাবে পৰিধান কৰিবলৈ নহয়, আপদে-বিপদে আৰ্থিক সকাহ প্ৰদানৰ বাবে ই এক সম্পদ । এই সোণৰ বিপৰীতে আপুনি বেংকৰ পৰা ঋণ ল’ব পাৰে ।

এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সোণৰ বাবদ ঋণ গ্ৰহণৰ নিয়ম সলনি কৰিবলৈ ওলাইছে । এই নতুন নিয়ম ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত ইয়াৰ দ্বাৰা সাধাৰণ মানুহ লাভৱান হ’ব নে লোকচানৰ সন্মুখীন হ’ব সেয়া জনাটো অতি প্ৰয়োজনীয়?

শেহতীয়াকৈ RBI ৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই যেতিয়া মুদ্ৰানীতিৰ পৰ্যালোচনা দাঙি ধৰে, তেতিয়া তেওঁ কয় যে গ’ল্ড লোনৰ বাবে এই নতুন নিৰ্দেশনাসমূহ আচলতে ইয়াৰ বিভিন্ন অৰ্ডাৰক একে ঠাইলৈ অনাৰ এক উপায় । একে সময়তে ই বেংকৰ পৰা নন-বেংকিং ফাইনেন্স কোম্পানী (এন বি এফ চি)লৈকে গ’ল্ড লোনৰ নিয়ম একাকাৰ কৰি তোলাৰ কাম কৰিব ।

নতুন গ’ল্ড লোনৰ নিয়মত এইবোৰ কথা মনত ৰখা হৈছে

RBI য়ে কয় যে গ’ল্ড লোনৰ সৈতে জড়িত নতুন নিয়মত কিছুমান বিশেষ কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । এইবোৰে গ’ল্ড লোন খণ্ডত ঋণগ্ৰহণকাৰীক সুৰক্ষা প্ৰদান কৰিব । গ’ল্ড লোন খণ্ডত স্বচ্ছতা আনিব, লগতে বাণিজ্যিক বেংকৰ দৰে ঋণ দিয়া বিত্তীয় প্ৰতিষ্ঠানসমূহৰ জবাবদিহিতা নিৰ্ধাৰণ কৰিব ।

গ্ৰাহকৰ বাবে সুবিধা আৰু অসুবিধা

গ’ল্ড লোনৰ ক্ষেত্ৰত RBI ৰ নতুন নিয়মত বহু বিধান আছে । আমি আপোনালোকক সেইবোৰৰ বিষয়ে ক’ম, যাৰ দ্বাৰা আপুনি নিজেই অনুমান কৰিব পাৰে যে এই নিয়ম আপোনাৰ বাবে উপকাৰী নে নহয় ?

  • নতুন নিয়মত স্পষ্টকৈ উল্লেখ আছে যে ২.৫ লাখ টকা পৰ্যন্ত গ’ল্ড লোন লোৱাসকলে বন্ধকত দিয়া সোণৰ মূল্যৰ বিপৰীতে ৮৫ শতাংশ পৰ্যন্ত ঋণ লাভ কৰিব । ইয়াৰ ভিতৰত ঋণৰ সুতো অন্তৰ্ভুক্ত হ’ব । আগতে ই সোণৰ মূল্যৰ ৭৫ শতাংশৰ সমান আছিল আৰু ইয়াত সুত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । বহু নন-বেংকিং ফাইনেন্স কোম্পানীয়ে মাত্ৰ ৬৫ শতাংশ গ’ল্ড লোন দি আছিল ।
  • নতুন নিয়ম অনুসৰি ২.৫ লাখ টকাৰ কম মূল্যত গ’ল্ড লোন লোৱাসকলে আয় মূল্যায়ন বা ক্ৰেডিট চেক কৰাৰ প্ৰয়োজন নহ’ব । ইয়াৰ দ্বাৰা কম আয়ৰ গোটৰ লোক বা ক্ষুদ্ৰ ঋণ লোৱা লোকসকল উপকৃত হ’ব ।
  • গ’ল্ড লোনৰ বাবে মূলধন আৰু সুত একেলগে পৰিশোধ কৰা হ’ব । ইয়াৰ কিস্তি মাত্ৰ ১২ মাহৰ হ’ব । অৰ্থাৎ এবছৰৰ ভিতৰত ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰিব লাগিব ।
  • গ’ল্ড লোনৰ বাবে আপুনি কিমান সোণ বন্ধকত ৰাখিব পাৰে আৰু ইয়াত কিমান সোণ কাৰ উপাদান হ’ব সেয়াও স্পষ্ট কৰি দিছে RBI য়ে । উদাহৰণস্বৰূপে, গ’ল্ড লোনৰ বাবে মাত্ৰ ১ কেজি সোণৰ গহনা বন্ধকত ৰাখিব পাৰিব, ইয়াৰ ভিতৰত সৰ্বোচ্চ সীমা ৫০ গ্ৰাম সোণৰ মুদ্ৰা অন্তৰ্ভুক্ত হ’ব ।
  • গ’ল্ড লোনৰ লগতে এতিয়া আপোনাক ৰূপৰ ওপৰতো ঋণৰ প্ৰস্তাৱ দিয়া হ’ব । অৰ্থাৎ ৰূপৰ গহনা আৰু মুদ্ৰাৰ বিপৰীতে নগদ ঋণ ল’ব পাৰিব ।
  • গ’ল্ড লোন প্ৰদান কৰা কোম্পানীসমূহৰ দায়িত্বও নিৰ্ধাৰণ কৰিছে RBI য়ে । যেনেকৈ ঋণ বন্ধ হোৱাৰ পিছত তেওঁলোকে বন্ধকত দিয়া সোণ বা ৰূপ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ঘূৰাই দিব লাগিব, নহ’লে ক্ষতিপূৰণ দিব লাগিব । যদি বন্ধকত দিয়া সোণ হেৰাই যায় বা তাত কোনো ধৰণৰ ক্ষতি হয়, তেন্তে ইয়াৰ বাবে কোম্পানী দায়ী হ’ব আৰু তাৰ ক্ষতিপূৰণ দিব লাগিব ।
  • কেৱল এয়াই নহয়, গ’ল্ড লোনৰ বাবে যি নথি-পত্ৰ প্ৰস্তুত কৰা হ’ব, সোণৰ কেৰেট, ইয়াৰ পৰিমাণ, যদি হীৰা বা অন্যান্য ৰত্ন ষ্টাড কৰা হয়, তেন্তে স্বচ্ছভাৱে চুক্তিখনত ইয়াৰ পৃথক ওজনৰ কথা উল্লেখ কৰিব লাগিব । আনহাতে যদি ঋণ পৰিশোধ কৰাত ডিফল্ট হয়, তেন্তে ইয়াৰ সম্পূৰ্ণ তথ্য প্ৰদান, নিলামৰ পূৰ্বে ঋণ লোৱাজনক জাননী দিয়া আদি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব ।
প্ৰস্ৰাৱ জ্বলা-পোৰা, পেটৰ তলৰ অংশত বিষ... মহিলাসকলে ভুলতেও আওকাণ নকৰিব এনে লক্ষণ
সাৱধান! এই ৫ টা অভ্যাসে আপোনাৰ বৃক্ক লাহে লাহে নষ্ট কৰিব পাৰে!
বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পালে চকুত কি কি লক্ষণে দেখা দিয়ে?
জীৱনত নাহে কোনো বাধা! পুৱা উঠি কৰক মাত্ৰ এই ৩ টা কাম...