আপোনাৰ নামো বাদ পৰিছে নেকি PM Kisanৰ পৰা? চৰকাৰে দিলে ডাঙৰ আপডেট, চাওক এতিয়াই

বিগত কিছুদিন ধৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি সন্দৰ্ভত সামাজিক মাধ্যম যোগে নানা খবৰ প্ৰচাৰ হৈ থকা পৰিলক্ষিত হৈছে। এনে ভুল তথ্যৰ বাবে কৃষকসকল বিভ্ৰান্ত হৈ পৰিছিল। এতিয়া কেন্দ্ৰীয় চৰকাৰে নিজৰ অফিচিয়েল ৱেবছাইটত গুৰুত্বপূৰ্ণ জাননী জাৰি কৰি এই উৰাবাতৰিৰ অন্ত পেলাইছে।

আপোনাৰ নামো বাদ পৰিছে নেকি PM Kisanৰ পৰা? চৰকাৰে দিলে ডাঙৰ আপডেট, চাওক এতিয়াই

PM Kisanক লৈ ডাঙৰ আপডেট

Published: 

10 Nov 2025 15:42 PM

দেশৰ কৃষকসকলক সকাহ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM Kisan) আঁচনি। এই আঁচনিৰ জৰিয়তে কৃষকসকলক বাৰ্ষিক ৬ হাজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়াই আহিছে কেন্দ্ৰই। এতিয়া এই আঁচনিখনক লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে গুৰুত্বপূৰ্ণ তথ্য। বিগত কিছুদিন ধৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি সন্দৰ্ভত সামাজিক মাধ্যম যোগে নানা খবৰ প্ৰচাৰ হৈ থকা পৰিলক্ষিত হৈছে। এনে ভুল তথ্যৰ বাবে কৃষকসকল বিভ্ৰান্ত হৈ পৰিছিল।

এতিয়া কেন্দ্ৰীয় চৰকাৰে নিজৰ অফিচিয়েল ৱেবছাইটত গুৰুত্বপূৰ্ণ জাননী জাৰি কৰি এই উৰাবাতৰিৰ অন্ত পেলাইছে। এই জাননীত চৰকাৰে আঁচনিখনৰ অধীনত কোনসকল লোকক যোগ্য হিচাপে বাচনি কৰা হৈছে আৰু কাৰ নাম সাময়িকভাৱে আঁতৰাই দিয়া হৈছে, সেয়া স্পষ্ট কৰি দিছে।

কিয় আঁতৰিল লাখ লাখ কৃষকৰ নাম?

চৰকাৰে উল্লেখ কৰা মতে আঁচনিৰ নিয়ম অনুসৰি বহু কৃষকে আঁচনিৰ বাবে আবেদন নকৰিলে। একাংশ ব্যক্তিয়ে এতিয়াও অযোগ্য হোৱাৰ পাছতো পি এম কিষাণ আঁচনিৰ দ্বাৰা উপকৃত হৈ আছে বুলি প্ৰকাশ পাইছে। ইফালে পৰিয়ালৰ এজন সদস্যইহে আঁচনিৰ সুবিধা লাভ কৰিব লাগে যদিও বহু পৰিয়ালত স্বামী, পত্নী বা নাবালক সন্তানে সুবিধা লাভৰ বাবে পৃথকে পৃথকে আবেদন কৰাৰ তথ্য তদন্তত পোহৰলৈ আহিছে। তদুপৰি ২০১৯ চনৰ ১ ফেব্ৰুৱাৰীৰ পিছত মাটি ক্ৰয় কৰা কৃষকসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব নালাগে।

যোগ্য কৃষকে আৰু এক সুযোগ পাব

চৰকাৰে জাননীত লগতে উল্লেখ কৰা মতে যিসকল কৃষকৰ নাম হিতাধিকাৰী তালিকাৰ পৰা আঁতৰিছে, তেওঁলোকৰ পৰীক্ষণ কৰা হ’ব। এই পৰীক্ষণৰ পিছত যদি তেওঁলোক যোগ্য হিচাপে প্ৰমাণিত হয়, তেতিয়া তেওঁলোকৰ নাম পুনৰ তালিকাত যোগ কৰা হ’ব। কিন্তু সঁচা অৰ্থত অযোগ্য বুলি ধৰা পৰা কৃষকসকলে আৰু এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিব।

আঁচনিখনৰ স্বচ্ছতা বৃদ্ধি আৰু প্ৰকৃত কৃষকসকলে যাতে এই আঁচনিখনৰ সুবিধা লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও প্ৰৱঞ্চক বা অযোগ্য ব্যক্তিয়ে চৰকাৰী ধনৰ যাতে অপব্যৱহাৰ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিব বিচৰা হৈছে।

কিদৰে পৰীক্ষা কৰিব আপোনাৰ নাম

চৰকাৰে কৃষকসকলক তেওঁলোকৰ নাম নিজে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে কৃষকসকলে পি এম কিছানৰ ৱেবছাইট https://pmkisan.gov.in ত গৈ দুটা খণ্ড পৰীক্ষা কৰিব লাগে:

Eligibility Status: এই শিতানত কৃষকসকলে আঁচনিৰ বাবে যোগ্য হয় নে নহয় সেই তথ্য চাব পাৰিব।

Know Your Status (KYS): এই শিতানলৈ গৈ কৃষকসকলে তেওঁলোকৰ নাম এতিয়াও হিতাধিকাৰী তালিকাত আছে নে নাই পৰীক্ষা কৰিব পাৰিব।

কেতিয়া মুকলি হ’ব ২১তম কিস্তি

বৰ্তমানলৈকে কেন্দ্রীয় চৰকাৰে প্রধানমন্ত্রী কিষাণ যোজনাৰ ২০টা কিস্তি মুকলি কৰিছে। আঁচনিৰ ২১ সংখ্যক কিস্তি এইপৰ্যন্ত মুকলি কৰা নাই৷ এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত অৰ্থাৎ ১৪ নৱেম্বৰৰ পিছত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি ধাৰণা কৰা হৈছে।

জীৱনৰ ২৪তম জন্মদিন উদযাপন ৰিয়ানৰ, জানেনে তেওঁৰ নামত থকা অভিলেখসমূহৰ বিষয়ে
মা লক্ষ্মীৰ আগমনৰ পূৰ্বে দেখা দিয়ে এইসমূহ সংকেত! জানক সকলো...
ফেটি লিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ? এই সমস্যা থকাসকলৰ বাবে ৭ টা পৰামৰ্শ
চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ খাওক এইসমূহ শাক-পাচলি...