PM Kisan 21st Installment: এই দিনটোত মুকলি হ’ব PM KISANৰ ২১তম কিস্তি, এনে কাম কৰা নাই যদি নাপাব ধন

PM Kisan Samman Nidhi Yojana 21st Installment Date and Time: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে এই আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টলৈ প্ৰেৰণ কৰিব ২১তম কিস্তিৰ ধন। ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰে আনুষ্ঠানিক তাৰিখ ঘোষণা কৰিছে।

PM Kisan 21st Installment: এই দিনটোত মুকলি হ’ব PM KISANৰ ২১তম কিস্তি, এনে কাম কৰা নাই যদি নাপাব ধন

PM-KISANৰ ধন শীঘ্ৰেই সোমাব একাউণ্টত

Published: 

17 Nov 2025 15:31 PM

সমগ্ৰ দেশৰ কৃষকসকলে অতন্ত আগ্ৰহেৰে অপেক্ষা কৰি থকা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২১তম কিস্তি সন্দৰ্ভত এক ডাঙৰ আপডেট আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে এই আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টলৈ প্ৰেৰণ কৰিব ২১তম কিস্তিৰ ধন। ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰে আনুষ্ঠানিক তাৰিখ ঘোষণা কৰিছে। সেই অনুসৰি অহা ১৯ ​​নৱেম্বৰ অৰ্থাৎ বুধবাৰে PM-KISAN আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি কৰা হ’ব। ইয়াৰ দ্বাৰা কৃষকসকলে নিজা একাউণ্টত ২০০০ টকাকৈ লাভ কৰিব।

প্ৰতি বছৰে PM-KISAN আঁচনিৰ অধীনত হিতাধিকাৰীসকলে মুঠ ৬,০০০ টকা আৰ্থিক সাহাৰ্য লাভ কৰে। এই ধনৰাশি ২,০০০ টকাকৈ তিনিটা কিস্তিত আগবঢ়োৱা হয়। যিহেতু এইবাৰ আঁচনিৰ ভেৰিফিকেচন প্ৰক্ৰিয়া যথেষ্ট কঠোৰ হৈ পৰিছে, গতিকে ধন মুকলি কৰাৰ পূৰ্বেই আপুনি কিছু দিশ আগতেই পৰীক্ষা কৰা প্ৰয়োজনীয়।

যিসকল কৃষকে প্ৰয়োজনীয় সকলো পৰীক্ষণ যেনে eKYC, আধাৰ-বেংক লিংক আৰু ভূমিৰ বৈধ তথ্য প্ৰদান কৰিছে, তেওঁলোকেহে সময়মতে এই আঁচনিৰ ধন লাভ কৰিব। অসম্পূৰ্ণ তথ্য প্ৰকাশ কৰাসকলে আঁচনিৰ ধন লাভৰ ক্ষেত্ৰত বিলম্ব হ’ব পাৰে। অৱশ্যে শুধৰণি কৰাৰ পিছত তেওঁলোকে এই কিস্তি লাভ কৰিব।

কিদৰে পৰীক্ষা কৰিব

PM-KISAN আঁচনিত ক্ষণিকৰ ভিতৰতে আপোনাৰ ষ্টেটাছ পৰীক্ষা কৰিব পাৰিব। ইয়াৰ বাবে তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক-

PM-KISAN ৱেবছাইট চাওক

Beneficiary List নিৰ্বাচন কৰক।

এতিয়া আপোনাৰ ৰাজ্য, জিলা, ব্লক আৰু গাঁৱৰ তথ্য পূৰ কৰক

তালিকাত আপোনাৰ নাম সন্ধান কৰক

আনহাতে পে’মেণ্ৰট আপডেটৰ বাবে, Know Your Status নিৰ্বাচন কৰক

আপোনাৰ আধাৰ নম্বৰ, মোবাইল নম্বৰ, বা পঞ্জীয়ন আইডি দিয়ক

এতিয়া আপুনি কিস্তি লাভৰ বাবে অনুমোদন লাভ কৰিছে নে বাকী আছে নে স্থগিত আছে জানিব পাৰিব।

কিছু কৃষকৰ নাম নাথাকিব তালিকাত

এইবাৰ বহু কৃষকৰ নাম আঁচনিৰ হিতাধিকাৰী তালিকাৰ পৰা বাদ পৰিছে। ইয়াৰ কিছু কাৰণ হৈছে-

ভূমিৰ ৰেকৰ্ডত নামৰ সৈতে মিল নোহোৱা আধাৰ

বেংক একাউণ্টৰ ভুল তথ্য

বাকী থকা eKYC

ভূমিৰ ৰেকৰ্ড আপডেট নোহোৱা

ইয়াৰ উপৰিও বহু হিতাধিকাৰী আঁচনিৰ বাবে অযোগ্য বিবেচিত হোৱাৰ বাবে নাম বাদ দিয়া হৈছে। যদি আপোনাৰ নামো এই তালিকাৰ পৰা বাদ পৰিছে, ওচৰৰ CSC বা কৃষি কাৰ্যালয়ত আপোনাৰ সবিশেষ আপডেট কৰিব পাৰিব।

১৯ নৱেম্বৰৰ পূৰ্বে কৃষকসকলে কৰিবলগীয়া গুৰুত্বপূৰ্ণ কাম-

হিতাধিকাৰীৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰক

যদি ইতিমধ্যে eKYC সম্পূৰ্ণ কৰা নাই, তেতিয়াহ’লে এতিয়াই সম্পূৰ্ণ কৰক

আপোনাৰ আধাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰক

যিকোনো ভূমি ৰেকৰ্ডৰ সমস্যা আছিল যদি আপডেট কৰক।

দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে এইসমূহ খাদ্য! জানক সকলো...
এইসকল লোকে ভুলতো খাব নালাগে ৰঙালাউৰ গুটি! জানক সকলো...
শীতকালত ৰাতি গাখীৰৰ লগত খাওক এই বস্তু, আছে বহু উপকাৰ...
চুবুৰীয়াক কেতিয়াও নিদিব পাকঘৰৰ এইসমূহ সামগ্ৰী, অন্যথা বিলাই-বিপত্তি নোহোৱা হ’ব জীৱনৰ