কৃষকৰ বাবে ভাল খবৰ, পকেটৰ পৰা এটকাও নিদিয়াকৈ বছৰি ৩৬,০০০ টকা পেঞ্চন! এই আঁচনিৰ সবিশেষ জানক…

যদি আপুনি ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan)ত নাম পঞ্জীয়ন কৰিছে, তেন্তে এতিয়া চৰকাৰৰ আন এক ডাঙৰ আঁচনিৰ সুবিধা লোৱাৰ সুযোগ লাভ কৰিব । লাভ কৰিব বছৰি ৩৬০০০ টকা পেঞ্চন।

কৃষকৰ বাবে ভাল খবৰ, পকেটৰ পৰা এটকাও নিদিয়াকৈ বছৰি ৩৬,০০০ টকা পেঞ্চন! এই আঁচনিৰ সবিশেষ জানক...

কৃষক

Published: 

06 Aug 2025 14:15 PM

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত আপোনাৰ নাম পঞ্জীয়ন হৈ আছেনে? যদি আপুনি ইতিমধ্যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-Kisan)ত নাম পঞ্জীয়ন কৰিছে, তেন্তে এতিয়া চৰকাৰৰ আন এক ডাঙৰ আঁচনিৰ সুবিধা লোৱাৰ সুযোগ লাভ কৰিব । চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা (PM-KMY)ক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সৈতে সংযোগ কৰিছে। অৰ্থাৎ এতিয়া পেঞ্চন পাবলৈ অতিৰিক্ত কাগজ-পত্ৰ কৰিব নালাগিব।

এই আঁচনিখনত কৃষকসকলে বৃদ্ধ বয়সত প্ৰতিমাহে ৩ হাজাৰ টকাৰ ফিক্সড পেঞ্চন অৰ্থাৎ বছৰি ৩৬ হাজাৰ টকা লাভ কৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ বাবে কৃষকে পকেটৰ পৰা এটকাও দিব নালাগিব। PM-Kisan ৰ বাৰ্ষিক ৬ হাজাৰ টকাৰ সহায়ত পোনপটীয়াকৈ কৰ্তন কৰা হ’ব মাহিলী বৰঙণি।

৬০ বছৰ বয়সৰ পিছত পেঞ্চন লাভ কৰিব

পি এম কিষাণ মানধন পেঞ্চন আঁচনিৰ সুবিধা ল’বলৈ কৃষকৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগে। মাত্ৰ এবাৰ এই আঁচনিখনত পঞ্জীয়ন কৰক, তাৰ পিছত ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত প্ৰতিমাহে ৩,০০০ টকাৰ পেঞ্চন লাভ কৰিব। তাৰমানে গোটেই বছৰটোত আপুনি ৩৬ হাজাৰ টকা পাব। এই পেঞ্চন আজীৱন উপলব্ধ হ’ব। পঞ্জীয়নৰ পিছত চৰকাৰে আপোনাক এটা বিশেষ পেঞ্চন আইডি নম্বৰ দিব, যাৰ সহায়ত পিছত আপোনাক চিনাক্ত কৰা হ’ব।

পঞ্জীয়ন কেনেকৈ কৰিব?

পঞ্জীয়ন কৰিবলৈ কৃষকজনে মাত্ৰ নিজৰ ওচৰৰ লোকসেৱা কেন্দ্ৰ (CSC )লৈ যাব লাগিব। নাম পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড, বেংকৰ পাছবুক, মাটি সম্পৰ্কীয় নথি-পত্ৰ আৰু পাছপ’ৰ্ট আকাৰৰ ফটো প্ৰয়োজন হ’ব। CSC অপাৰেটৰে আপোনাৰ নথি-পত্ৰৰ ভিত্তিত অনলাইন ফৰ্ম পূৰণ কৰে আৰু অটো-ডেবিট প্ৰ-পত্ৰও পূৰণ কৰা হয়, যাতে মাহিলী বৰঙণি বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হয়। যদি আপুনি ইতিমধ্যে পি এম কিষাণ যোজনাৰ হিতাধিকাৰী, তেন্তে এই বৰঙণিৰ পৰিমাণ একেটা সাহায্যৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হয়।

পকেটৰ পৰা এক টকাও দিব নালাগে

এই আঁচনিৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ’ল, এই পেঞ্চন আঁচনিখনত কৃষকে পকেটৰ পৰা এক টকাও দিব নালাগে। ধৰি লওক, যদি কোনো কৃষকে ৪০ বছৰ বয়সত এই আঁচনিখনত যোগদান কৰে, তেন্তে তেওঁ প্ৰতিমাহে সৰ্বাধিক ২০০ টকা জমা কৰিব লাগিব। অৰ্থাৎ বছৰত ২৪০০ টকা, যিটো পি এম কিষাণ যোজনাৰ ধনৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হয়। বাকী ৩৬০০ টকা প্ৰতি বছৰে কৃষকৰ একাউণ্টত জমা হয়। এইদৰে কৃষকৰ দুগুণ লাভ হয়। এফালে প্ৰতি বছৰে ৬,০০০ টকাৰ প্ৰত্যক্ষ সহায়, আনফালে বৃদ্ধাৱস্থাৰ বাবে নিশ্চিত পেঞ্চন।

ডায়েবেটিছ ৰোগীয়ে শীতকালত ভুলতো খাব নালাগে এইসমূহ খাদ্য...
নিম্ন ৰক্তচাপৰ সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
অতিকৈ ভাগ্যৱান, এই ৪ ৰাশিৰ জীৱনলৈ কেতিয়াও নাহে দৰিদ্ৰতা!
ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...