৮ হাজাৰ টকাত অনলাইনত বেচিছিল চোফা, বিক্ৰী মূল্যতো নাপালেই, হেৰুৱালে একাউণ্টৰ ৫ লাখ জমা ধন

অভিযন্তাজনে নিজৰ পুৰণি চোফাখন বিক্ৰী কৰিবলৈ অনলাইনত এটা বিজ্ঞাপন দিলে । বিজ্ঞাপনটো দেখি চাইবাৰ অপৰাধীয়ে চোফাখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি অভিযন্তাজনৰ সৈতে যোগাযোগ কৰে । পিচত তেওঁৰ একাউন্টৰ পৰা বুদ্ধিৰে সৰকাই নিয়ে ধন ।

৮ হাজাৰ টকাত অনলাইনত বেচিছিল চোফা, বিক্ৰী মূল্যতো নাপালেই, হেৰুৱালে একাউণ্টৰ ৫ লাখ জমা ধন

প্ৰতীকী ছবি

Published: 

15 May 2025 18:16 PM

যদি আপুনিও পুৰণি ঘৰুৱা সামগ্ৰী অনলাইনত বিক্ৰী কৰে তেন্তে সাৱধান হওক, শেহতীয়াকৈ অনলাইনত সামগ্ৰী বিক্ৰী কৰিবলৈ গৈ সৰ্বস্বান্ত হৈছে এজন যুৱক ।

ওড়িশাৰ এজন ২১ বছৰীয়া অভিযন্তা বলি হৈছে চাইবাৰ জালিয়াতিৰ । চাইবাৰ অপৰাধীয়ে কেনেকৈ এই অভিযন্তাজনক ফান্দত পেলাই একাউণ্ট খালী কৰিলে ? আমি আপোনালোকক এই বিষয়ে তথ্য দিম যাতে, গোটেই বিষয়টো গম পোৱাৰ পিছত আপোনালোকে এনে ভুল নকৰে আৰু অধিক সজাগ হয় ।

ঘটনাটো কি আচলতে?
অভিযন্তাজনে নিজৰ পুৰণি চোফাখন বিক্ৰী কৰিবলৈ অনলাইনত এটা বিজ্ঞাপন দিলে । বিজ্ঞাপনটো দেখি চাইবাৰ অপৰাধীয়ে চোফাখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি অভিযন্তাজনৰ সৈতে যোগাযোগ কৰে । টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি শুভ্ৰ জেনা নামৰ এই অভিযন্তাগৰাকীয়ে যোৱা ৮ মে’ত ১০ হাজাৰ টকাত এখন চোফা বিক্ৰী কৰিবলৈ অনলাইন বিজ্ঞাপন পোষ্ট কৰিছিল ।

বিজ্ঞাপনটো পোষ্ট কৰাৰ পিছত চাইবাৰ অপৰাধীয়ে শুভ্ৰক ফোন কৰি নিজকে ফাৰ্নিচাৰ ব্যৱসায়ী ৰাকেশ কুমাৰ শৰ্মা বুলি চিনাকি দিয়ে । ফোন কৰাৰ পিছত চাইবাৰ অপৰাধীয়ে আচবাব কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু চোফাখনৰ বাবে দুয়োৰে মাজত ৮০০০ টকাত চুক্তি কৰা হয় । পেমেণ্ট কৰিবলৈ চাইবাৰ অপৰাধীয়ে শুভ্ৰক বেংকৰ তথ্য বিচাৰিছিল, প্ৰথম অৱস্থাত সকলো ঠিক যেন লাগিছিল যদিও চাইবাৰ অপৰাধীয়ে ধন প্ৰেৰণ কৰাত বিফল হোৱাৰ পিছত শুভ্ৰক মাকৰ বেংকৰ তথ্য প্ৰেৰণ কৰিবলৈ কয় ।

ইয়াত শুভ্ৰই ভুল কৰিলে, কাৰণ তেওঁ বুজিব লাগিছিল যে কিবা এটা ভুল হৈছে । কিন্তু শুভ্ৰই অপৰাধীৰ লগত সবিশেষ শ্বেয়াৰ কৰিলে । ইয়াৰ পিছতে অপৰাধীয়ে শুভ্ৰৰ মাতৃ আৰু শুভ্ৰৰ বেংক একাউণ্টৰ পৰা ধন উলিয়াবলৈ আৰম্ভ কৰে । ১০ মে’ত অপৰাধীয়ে শুভ্ৰক জনাইছিল যে তেওঁৰ একাউণ্টৰ পৰা ৫.২২ লাখ টকা ভুলকৈ ডেবিট কৰা হৈছে আৰু অপৰাধীয়ে এই ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।

অপৰাধীজনে টকাখিনি ডেলিভাৰী কৰিবলৈ নাহিল আৰু তাৰ পিছত অপৰাধীৰ নম্বৰটোও চুইচ অফ পোৱা গ’ল । ইয়াৰ পিছত শুভ্ৰ আৰু শুভ্ৰৰ মাকে বেংক একাউণ্টটো চেক কৰি দেখিলে যে একাউণ্টৰ পৰা ৫ লাখ ২১ হাজাৰ ৫১৯ টকা উলিওৱা হৈছে । বেংক একাউণ্ট চেক কৰাৰ লগে লগে শুভ্ৰই থানালৈ গৈ চাইবাৰ বিভাগত এজাহাৰ দাখিল কৰে ।

চাইবাৰ কেলেংকাৰীকাৰীৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?
বেংক একাউণ্টৰ সবিশেষ, UPI PIN, OTP অচিনাকি ব্যক্তিৰ সৈতে শ্বেয়াৰ নকৰিব ।
কোনো ব্যক্তিৰ সৈতে লেনদেন কৰাৰ আগতে সেই ব্যক্তিজনৰ পৰিচয় পৰীক্ষা কৰক আৰু তাৰ পিছতহে যিকোনো আৰ্থিক লেনদেন কৰক।

শচীন নে কোহলী, ১২৩ খন টেষ্টলৈকে প্ৰদৰ্শনৰ ক্ষেত্ৰত পৰিসংখ্যাৰ দিশত কোন আছে আগত?
ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীয় কিমান হয় জানেনে? জানক...
অনবৰতে ঘাম ওলাই থাকে নেকি? তেন্তে আঁৰত থাকিব পাৰে এইসমূহ কাৰণ...
Shani Dev: কি কথাত আৰু কেতিয়া ক্ৰোধিত হয় শনি দেৱ? এইদৰে গম পাব আপুনি...