বাজেট ৫৩০০ কোটি টকাতকৈও অধিক! কিমান প্ৰত্যাহ্বানমূলক হ’ব ‘এক দেশ, এক নিৰ্বাচন’?

এক দেশ, এক নিৰ্বাচন সন্দৰ্ভত দেশত চৰ্চা চলি আছে। ইয়াৰ বাবে কোটি কোটি টকা খৰচ কৰিব লাগিব নির্বাচন আয়োগে৷ ১ কোটি ইভিএম আৰু ৩৪ লাখ VVPAT মেচিনৰ সৈতে একেলগে অনুষ্ঠিত হ’ব নিৰ্বাচন।

বাজেট ৫৩০০ কোটি টকাতকৈও অধিক! কিমান প্ৰত্যাহ্বানমূলক হব এক দেশ, এক নিৰ্বাচন?

এক দেশ, এক নিৰ্বাচন

Published: 

20 May 2025 13:08 PM

এক দেশ, এক নিৰ্বাচনক লৈ বহু দিনৰ পৰা দেশত চৰ্চা চলি আছে। এতিয়া লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিবলৈ কিমান খৰচ হ’ব সেই লৈ আলোচনা চলি আছে। প্ৰতিবেদন অনুসৰি ২০২৯ চনত এক দেশ, এক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক ১ কোটি ইভিএম, ৩৪ লাখ ভিভিপিএট মেচিন, ৪৮ লাখ বেলটিং ইউনিট আৰু ৩৫ লাখ কণ্ট্ৰল ইউনিটৰ প্ৰয়োজন হ’ব, যাৰ মুঠ ব্যয় হ’ব ৫৩০০ কোটি টকাতকৈও অধিক।

ইটিৰ প্রতিবেদন অনুসৰি নির্বাচন আয়োগে এই সন্দর্ভত আভ্যন্তৰীণ মূল্যায়ন কৰিছে, য’ত সমান্তৰালভাৱে নির্বাচন অনুষ্ঠিত কৰাত ৫৩০০ কোটিতকৈ অধিক টকা ব্যয় হ’ব বুলি অনুমান কৰিছে৷ বৰ্তমান যুটীয়া সংসদীয় সমিতিৰ ওচৰত আছে এক দেশ এক নিৰ্বাচনী বিধেয়ক , যাৰ ওপৰত পৰামৰ্শ লোৱা হৈছে।

এক দেশ এক নিৰ্বাচনত প্ৰত্যাহ্বান

ভাৰতীয় নিৰ্বাচন আয়োগ (ECI)ৰ বৰ্তমান ৩০ লাখৰো অধিক বেলটিং ইউনিট (BUs), ২২ লাখ কণ্ট্ৰল ইউনিট (CUs) আৰু প্ৰায় ২৪ লাখ  VVPATs  আছে। BU আৰু CU একলগ কৰি EVM বনোৱা হয়। কিন্তু ২০১৩-১৪ চনৰ বহু মেচিনে ২০২৯ চনৰ ভিতৰত ১৫ বছৰ বয়স সম্পূৰ্ণ কৰি অৱসৰ ল’ব। ইয়াৰ ফলত ২০২৯ চনত একেলগে হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰায় ২০ লাখ BU , ১৩.৬ লাখ CU আৰু ১০ লাখৰো অধিক VVPATs ৰ নাটনি হ’ব পাৰে।

ইভিএম-ভিভিপিএটিৰ প্ৰয়োজনীয়তা বুজিবলৈ তিনিটা মূল কথা আছে:

  1. ভোট কেন্দ্ৰৰ সংখ্যা – ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ১০.৫৩ লাখ ভোট কেন্দ্ৰ আছিল। ইচিআইৰ অনুমান অনুসৰি ২০২৯ চনত ভোট কেন্দ্ৰ সংখ্যা ১৫% বৃদ্ধি পাই ১২.১ লাখতকৈ অধিক হ’ব।
  2. ইভিএমৰ প্ৰয়োজনীয়তা- সাধাৰণতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে দুটা ছেটৰ ইভিএমৰ প্ৰয়োজন হয়।
  3. সংৰক্ষিত মেচিন – প্ৰথম স্তৰৰ পৰীক্ষা (FLC)ত কোনো ধৰণৰ দোষ হ’লে ৭০% BU, ২৫% CU আৰু ৩৫% VVPAT সংৰক্ষিত ৰখা হয়।

অৱশ্যে বৰ্তমান চৰকাৰৰ ইচিআইৰ সৈতে ৩০ লাখ BUs, ২২ লাখ CUs আৰু ২৩ লাখ  VVPATs আছে যদিও ২০২৯ চনৰ ভিতৰত ৩.৫ লাখ BU আৰু ১.২৫ লাখ CU অৱসৰ ল’ব, যাৰ ফলত মেচিনৰ নাটনি হ’ব পাৰে।

ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰবি শৰ্মাৰ ষ্টান্ট, সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ'...
গ্ৰীষ্মকালত কিদৰে সন্তানক নিৰোগী কৰি ৰাখিব?
ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? ত্যাগ কৰক পুৱাৰ এই বদ-অভ্যাস..
শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব লাগে জানক...