১ লাখৰ ঘৰ অতিক্ৰম, ইজৰাইল-ইৰাণৰ যুদ্ধ চলি থাকিলে আকৌ বৃদ্ধি পাব সোণৰ দাম, বিনিয়োগৰ ওপৰত কেনে প্ৰভাৱ পৰিব?

মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (MCX)ত সোণৰ মূল্যই গঢ়িলে নতুন অভিলেখ। শুকুৰবাৰে প্ৰতি সোণৰ দাম ১০ গ্ৰামত ১,০০,৩১৪ টকাত বন্ধ হৈছিল। ঘৰুৱা বজাৰত ইতিমধ্যে সোণে এক লাখৰ ঘৰ অতিক্ৰম কৰিলে। ইয়াৰ প্ৰধান কাৰণ বিশ্বৰ ভূ-ৰাজনৈতিক উত্তেজনা আৰু ঘৰুৱা মুদ্ৰাৰ মূল্যৰ হ্ৰাস বুলি ধাৰণা কৰা হৈছে।

১ লাখৰ ঘৰ অতিক্ৰম, ইজৰাইল-ইৰাণৰ যুদ্ধ চলি থাকিলে আকৌ বৃদ্ধি পাব সোণৰ দাম, বিনিয়োগৰ ওপৰত কেনে প্ৰভাৱ পৰিব?

সোণৰ দাম

Updated On: 

16 Jun 2025 13:49 PM

বিশেষজ্ঞসকলৰ মতে ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই বিনিয়োগকাৰীক নিৰাপদ আশ্ৰয়স্থল অৰ্থাৎ নিৰাপদ বিনিয়োগৰ বিকল্পৰ দিশ হিচাপে আকৰ্ষণ কৰিছে। এছ এছ ৱেলথষ্ট্ৰীটৰ প্ৰতিষ্ঠাপক সুগন্ধা সচদেৱাই কয় যে ইৰাণৰ ঘাটিত ইজৰাইলৰ আক্ৰমণে সোণৰ মূল্য বৃদ্ধিত ডাঙৰ ভূমিকা পালন কৰিছে। তেওঁ কয়,  “যদিহে উত্তেজনা আৰু বৃদ্ধি পায় তেন্তে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য প্ৰতি আউন্সত ৩৫০০ ডলাৰলৈ বৃদ্ধি পাব পাৰে”।

আনহাতে, ডলাৰ সূচকাংকৰ দুৰ্বলতা আৰু ভাৰতীয় টকাৰ মূল্য হ্ৰাসেও সোণৰ দাম বৃদ্ধিত অৰিহণা যোগাইছে। এল কে পি ছিকিউৰিটিজৰ গৱেষক বিশ্লেষক যতীন ত্ৰিবেদীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতি ডলাৰত টকা ৬০ পইচা হ্ৰাস পাই ৮৬.১০ টকা হৈছে, যাৰ ফলত আমদানিকৃত সোণৰ ব্যয় আৰু অধিক বৃদ্ধি পাইছে। ইয়াৰ বাবেই ঘৰুৱা বজাৰত সোণৰ উত্থান তীব্ৰতৰ হৈ পৰিছে।

সোণৰ এই বৃদ্ধি কেৱল ভূ-ৰাজনৈতিক কাৰণত নহয়, জল্পনা-কল্পনাৰ সৈতেও জড়িত হৈ আছে। জুলিয়াছ বেয়াৰৰ গৱেষণা মুৰব্বী কাৰ্ষ্টেন মেংকেৰ মতে শেহতীয়াকৈ এই উত্থানৰ প্ৰধান কাৰণ  প্ৰকৃত চাহিদা নহয়, এলগৰিদমিক ট্ৰেডিং আৰু জল্পনা-কল্পনাৰ চুক্তি। তেওঁ লগতে কয় যে অতীতৰ তথ্য চালে ভূ-ৰাজনৈতিক সংকটৰ সময়ত সোণ সদায় নিৰ্ভৰযোগ্য নহয়।

জানুৱাৰী মাহৰ পৰা সোণে ৩১ শতাংশ ৰিটাৰ্ণ দিছে

২০২৫ চনৰ আৰম্ভণিৰ পৰা সোণে প্ৰায় ৩১% ৰিটাৰ্ণ প্ৰদান কৰিছে, যাৰ ফলত ই এই বছৰৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী সম্পত্তি হৈ পৰিছে। ভেন্টুৰা ছিকিউৰিটিজৰ এন এছ ৰামাস্বামীয়ে কয় যে অদূৰ ভৱিষ্যতে সোণৰ মূল্য ১,০২,০০০ টকালৈ বৃদ্ধি পাব পাৰে। একে সময়তে বেংক অৱ আমেৰিকা আৰু গোল্ডমেন চেক্সৰ দৰে বিশ্বব্যাপী বিনিয়োগ প্ৰতিষ্ঠানে বিশ্বাস কৰে যে ২০২৬ চনৰ ভিতৰত সোণে প্ৰতি আউন্সত ৪ হাজাৰ ডলাৰ অতিক্ৰম কৰিব পাৰে।

বিশ্বৰ অস্থিৰ পৰিস্থিতি আৰু অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতে পুনৰ বিনিয়োগকাৰীৰ বাবে নিৰাপদ আশ্ৰয়স্থল হিচাপে আত্মপ্ৰকাশ কৰিছে সোণে। পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে ইয়াৰ দাম শক্তিশালী হৈ থাকিব পাৰে। আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,১৫১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৩০৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৬১৪ টকা।

নিমিষতে মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়...জানক
পুৰীৰ ৰথ যাত্ৰাৰ আছে বহু ৰহস্য, জানিলে আপোনাৰ মন ভৰি পৰিব …
ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?