শীঘ্ৰে কাৰ্যকৰী হ’ব UPIৰ নতুন নিয়ম, বন্ধ হ’ব এই বিশেষ সেৱা! কিদৰে পৰিব প্ৰভাৱ, চাওক

এতিয়া NPCI- ৰ এই নতুন গাইডলাইন কাৰ্যকৰী হ’লে অনুৰোধৰ জৰিয়তে ধন ল’ব নোৱাৰিব। অৰ্থাৎ এইদৰে দুৰ্বৃত্তৰ প্ৰৱঞ্চনাৰ জালো এইদৰে বন্ধ হ’ব। এই সেৱা বন্ধ হ’লেও পিছে এতিয়াৰ দৰেই UPI নম্বৰ বা স্কেনাৰৰ জৰিয়তে ধন প্ৰেৰণ কৰিব পৰা সুবিধা অব্যাহত থাকিব।

শীঘ্ৰে কাৰ্যকৰী হ’ব UPIৰ নতুন নিয়ম, বন্ধ হ’ব এই বিশেষ সেৱা! কিদৰে পৰিব প্ৰভাৱ, চাওক

UPIত হ’ব এক বৃহৎ পৰিৱৰ্তন

Published: 

16 Aug 2025 09:53 AM

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ডিজিটেল ইণ্ডিয়া ধাৰণাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ দেশতে ডিজিটেল পেমেণ্টৰ প্ৰয়োভৰ ঘটিছে সম্প্ৰতি সমগ্ৰ দেশৰ চহৰ অঞ্চলৰ লগতে গ্ৰামাঞ্চলতো ডিজিটেল পেমেণ্ট ব্যৱস্থা সহজলভ্য হৈ পৰিছে ব্যৱসায়িক খণ্ডতো নগদ ধনৰ লেনদেনৰ পৰিৱৰ্তে এতিয়া ডিজিটেল পেমেণ্টক অগ্ৰাধিকাৰ দিয়া হয় এই ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত অধিকাংশ লোকে ব্যৱহাৰ কৰে UPI ব্যৱস্থা ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ, চমুকৈ UPI ব্যৱস্থা নেচনেল পেমেণ্টছ কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়াই (NPCI) পৰিচালনা কৰে

এতিয়া এই সংস্থাটোৱে ডিজিটেল জালিয়াতি ৰোধ কৰাৰ বাবে এক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে তথ্য অনুসৰি ১ অক্টোবৰৰ পৰা peer-to-peer (P2P) Collect requests’ সেৱা বন্ধ কৰিবলৈ সাজু হৈছে NPCI। এই সন্দৰ্ভত সংস্থাটোৱে বেংক আৰু বিভিন্ন পেমেণ্ট এপক ইতিমধ্যে নিৰ্দেশনা দিছে।

এই সেৱাৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল পেলাইছিল দুৰ্বৃত্তই প্ৰৱঞ্চকে UPI ব্যৱহাৰকাৰীলৈ ধনৰ অনুৰোধ প্ৰেৰণ কৰিছিল। তাৰ পিছত যদি কোনো ব্যৱহাৰকাৰীয়ে ভুলতে সেই অনুৰোধ গ্ৰহণ কৰে, তেতিয়া একাউণ্টৰ পৰা ধন কৰ্তন কৰা হৈছিল। পূৰ্বে এনে প্ৰৱঞ্চনা সঘনাই হোৱাৰ পৰিপ্ৰেক্ষিতত NPCI- এ এই সেৱাৰ সৰ্বোচ্চ মূল্য ২০০০ টকা নিৰ্ধাৰণ কৰিছিল।

এতিয়া NPCI- এই নতুন গাইডলাইন কাৰ্যকৰী হ’লে অনুৰোধৰ জৰিয়তে ধন ল’ব নোৱাৰিব। অৰ্থাৎ এইদৰে দুৰ্বৃত্তৰ প্ৰৱঞ্চনাৰ জালো এইদৰে বন্ধ এই সেৱা বন্ধ লেও পিছে এতিয়াৰ দৰেই UPI নম্বৰ বা স্কেনাৰৰ জৰিয়তে ধন প্ৰেৰণ কৰিব পৰা সুবিধা অব্যাহত থাকিব

অৱশ্যে এই সেৱা ব্যক্তিগত UPI একাউণ্টৰ ক্ষেত্ৰতহে বন্ধ কৰা বাণিজ্যিক একাউণ্টৰ পৰা এনে লেনদেন অব্যাহত থাকিব। উল্লেখ্য যে যেতিয়া কোনো গ্ৰাহকে ই-কমাৰ্চ চাইট বা এপত পেমেণ্ট কৰিবলৈ চেষ্টা কৰে, তেতিয়া ই-কমাৰ্চ কোম্পানীয়ে এই Collect requestsৰ জৰিয়তে পেমেণ্ট গ্ৰহণ কৰে।

ডেটিং এপত প্ৰৱঞ্চনাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি? স্মাৰ্ট টিপছ জানক
এইসমূহ স্বাস্থ্যজনিত কাৰণত আপোনাৰ ভোক কমিব পাৰে !
পুৱা শুই উঠি আইনাত মুখ চোৱাটো ভাল নে বেয়া? আপুনিও কৰে নেকি এই ভুল?
চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে শৰীৰত দেখা যায় এই ৩টা লক্ষণ? সাৱধান হওক...