অসমত বৃহৎ বিনিয়োগৰ বাবে সাজু আদানী গ্ৰুপ, দুটা শক্তি প্ৰকল্পত বিনিয়োগ কৰিব ৬৩ হাজাৰ কোটি টকা

দুয়োটা বিনিয়োগতে প্ৰকল্প পৰ্যায়ত মুঠ প্ৰায় ৩০ হাজাৰ নিযুক্তিৰ সুযোগ মুকলি হ’ব বুলিও বিবৃতিত উল্লেখ কৰা হৈছে। এই নতুন প্ৰকল্পক উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বিনিয়োগ হিচাপে অভিহিত কৰা হৈছে।

অসমত বৃহৎ বিনিয়োগৰ বাবে সাজু আদানী গ্ৰুপ, দুটা শক্তি প্ৰকল্পত বিনিয়োগ কৰিব ৬৩ হাজাৰ কোটি টকা

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী

Updated On: 

14 Nov 2025 | 05:55 PM

অসমত বৃহৎ পুঁজি বিনিয়োগ কৰিবলৈ সাজু হৈছে আদানী গ্ৰুপ। উত্তৰ-পূবৰ সৰ্ববৃহৎ ব্যক্তিগত কয়লা চালিত প্লাণ্টকে ধৰি বৃহৎ শক্তি প্ৰকল্প আৰু নতুন পাম্প-ষ্ট’ৰেজৰ সুবিধা নির্মাণৰ বাবে আদানী গ্ৰুপে ৰাজ্যত প্রায় ৬৩,০০০ কোটি টকা বিনিয়োগ কৰিব৷ এক বিবৃতি যোগে গৌতম আদানী মালিকানাধীন আদানী গ্ৰুপে ইতিমধ্যে অসমৰ দুটা বৃহৎ শক্তি প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত পোৱা বুলি উল্লেখ কৰিছে। আদানী পাৱাৰ লিমিটেডে ডিজাইন, বিল্ড, ফাইনেন্স, অন এণ্ড অপাৰেট (DBFOO) মডেলৰ অধীনত ৩,২০০ মেগাৱাটৰ গ্ৰীণফিল্ড আল্ট্ৰা-ছুপাৰ-ক্ৰিটিকেল থাৰ্মেল প্লাণ্ট নিৰ্মাণৰ বাবে প্ৰায় ৪৮,০০০ কোটি টকা ব্যয় কৰিব।

আগন্তুক ২০৩০ চনৰ ডিচেম্বৰৰ পৰা পৰ্যায়ক্ৰমে আৰম্ভ হ’বলগীয়া এই উদ্যোগটোৱে নিৰ্মাণৰ সময়ত ২০,০০০–২৫,০০০ আৰু কাৰ্যক্ষম অৱস্থাত প্ৰায় ৩,৫০০ চাকৰিৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। আদানী গ্ৰুপৰ অন্তৰ্গত আদানী গ্ৰীণ এনাৰ্জি লিমিটেডে ২৭০০ মেগাৱাটৰ মুঠ ক্ষমতাৰে দুটা পাম্পড ষ্ট’ৰেজ প্ৰজেক্ট (পি এছ পি)ত প্ৰায় ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব।

দুয়োটা বিনিয়োগতে প্ৰকল্প পৰ্যায়ত মুঠ প্ৰায় ৩০ হাজাৰ নিযুক্তিৰ সুযোগ মুকলি হ’ব বুলিও বিবৃতিত উল্লেখ কৰা হৈছে। এই নতুন প্ৰকল্পক উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বিনিয়োগ হিচাপে অভিহিত কৰা হৈছে। ইতিপূৰ্বে আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে উত্তৰ-পূৰ্বাঞ্চলত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল। এতিয়া ক্ৰমাৎ এই প্ৰতিশ্ৰুতি পূৰণৰ দিশত আগবঢ়া বুলিব পাৰি।

পাম্প-ষ্ট’ৰেজ প্ৰকল্পটোৰ জৰিয়তে ৰাজ্যত বিদ্যুতৰ বহনক্ষম আৰু স্থিতিস্থাপক যোগান নিশ্চিত হ’ব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই নবীকৰণযোগ্য শক্তিৰ উৎসসমূহক একত্ৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব তথা অসমৰ সেউজ ভৱিষ্যতৰ যাত্ৰাত সহায় কৰিব বুলি আদানী গ্ৰুপে প্ৰকাশ কৰা বিবৃতিটোত উল্লেখ কৰা হৈছে।

আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে এই পদক্ষেপ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ যাত্ৰাত অৰিহণা যোগাবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰে। এই দুই প্ৰকল্পই শক্তি সুৰক্ষা, ঔদ্যোগিক উন্নয়ন আৰু চাকৰি সৃষ্টিৰ দিশত দৃঢ় পদক্ষেপ ল’ব বুলি তেওঁ মন্তব্য কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...