UPI ত ডাঙৰ পৰিৱৰ্তন, এতিয়াৰ পৰা নোৱাৰে আৰু এই কাম কৰিব!

Unified Payment Interface: ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যনে ‘পাৰ্চন টু পাৰ্চন মাৰ্চেণ্ট’ শিতানত ‘কালেক্ট’ ফিচাৰ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

UPI ত ডাঙৰ পৰিৱৰ্তন, এতিয়াৰ পৰা নোৱাৰে আৰু এই কাম কৰিব!
Published: 

24 Dec 2025 | 07:06 PM

ধৰি লওক আপোনাৰ ফোনত এটা পেমেণ্ট ৰিকুৱেষ্ট আহিছে, আৰু আপুনি লক্ষ্য নকৰাকৈয়ে Accept কৰিছে। মুহূৰ্তৰ ভিতৰতে আপোনাৰ একাউণ্ট খালী হৈ যাব! ইউ পি আই ব্যৱহাৰকাৰীক লক্ষ্য হিচাপে লৈছে প্ৰৱঞ্চকসকলে। ঠিক এইখিনিতে সময়তে ভাৰতীয় নেচনেল পেমেণ্টছ কৰ্পৰেশ্যনে চাৰ্জিকেল ষ্ট্ৰাইক কৰিছে।

কি সলনি হৈছে?

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্পৰেচনে ‘পাৰ্চন টু পাৰ্চন মাৰ্চেণ্ট’ শিতানত ‘কালেক্ট’ ফিচাৰ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে এজন বিক্ৰেতাই আপোনাক পেমেণ্টৰ অনুৰোধ পঠাব পাৰিছিল। এতিয়াৰ পৰা সেই সুযোগ কমি আহিছে। ইয়াৰ লগতে ‘অটোপে’ বা চাবস্ক্ৰিপচন পেমেণ্টৰ ক্ষেত্ৰতো নিয়ম কঠোৰ হৈ পৰিছে। এটা এপ বা সেৱাই কিমান টকা কাটে আপুনি অধিক স্পষ্টকৈ চাব পাৰিব। কিন্তু অনুমতি নিদিয়ালৈকে টকা কাটিব নোৱাৰিব।

বিশেষজ্ঞ ৰানাদুৰ্জয় তালুকদাৰে কয় যে, ইয়াৰ ফলত পেটিএম বা পাইন লেবছৰ দৰে বৃহৎ কোম্পানীসমূহৰ ব্যৱসায়ৰ কোনো বিশেষ ক্ষতি নহয়। কাৰণ, বৃহৎ দোকানত এতিয়া QR ক’ড বা পিন মেচিন থাকে। বিদত পৰিব পাৰে সৰু ব্যৱসায়ীয়ে, যি আগতে প্ৰত্যক্ষ ৰিকুৱেষ্ট পঠিয়াই ধন লাভ কৰিছিল। অৱশ্যে সাধাৰণ গ্ৰাহকৰ বাবে এয়া এক ডাঙৰ জয়। আন এজন বিশেষজ্ঞৰ মতে ইয়াৰ ফলত ইউপিআইৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি পাব। যদিহে জালিয়াতিৰ পথ বন্ধ কৰা হয় তেন্তে ডিজিটেল লেনদেন অধিক সুৰক্ষিত হ’ব।

ভৱিষ্যতৰ বাৰ্তা

হাতত স্মাৰ্টফোন থকাৰ অৰ্থ হ’ল আপুনি প্ৰৱঞ্চকৰ লক্ষ্য। গতিকে QR ক’ড স্কেন কৰাৰ আগতে বা পেমেণ্ট ৰিকুৱেষ্টত অনুমোদন জনোৱাৰ আগতে দুবাৰ ভাবি চাওক। প্ৰযুক্তিৰ সুৰক্ষা বাঢ়িছে, কিন্তু আপোনাৰ সজাগতাই আপোনাক ৰক্ষা কৰিব বিপদৰ পৰা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...