Retirement- পাছতো টকাৰ অভাৱ নহয়, সুন্দৰ জীৱন-যাপনৰ বাবে কিমান টকা সঞ্চয় কৰিব লাগে?
Retirement Life: যদি কোনোবাই ৪০ বছৰ বয়সৰ পিছত অৱসৰৰ কথা চিন্তা কৰে, তেন্তে তেওঁ বহুত টকা সঞ্চয় কৰিব লাগিব। যদি কম বয়সৰ পৰা সঞ্চয় কৰিলে অৱসৰৰ বাবে প্ৰয়োজনীয় ধন সহজে সঞ্চয় হ'ব।

বহুতে চাকৰি পোৱাৰ লগে লগে অৱসৰৰ পিছৰ জীনৰ বাবে পৰিকল্পনা আৰম্ভ কৰে। এইটো আচলতে বুদ্ধিমানৰ কাম। কাৰণ কোনোবাই যদি ৪০ বছৰ বয়সৰ পিছত অৱসৰৰ কথা চিন্তা কৰে, তেন্তে তেওঁ বহুত টকা সঞ্চয় কৰিব লাগিব। কিন্তু তাৰ তুলনাত যদি কম বয়সৰ পৰা অলপ অলপকৈ সঞ্চয় কৰে, তেন্তে অৱসৰৰ বাবে প্ৰয়োজনীয় ধন সহজে সঞ্চয় কৰিব পাৰিব।
ভাৰতৰ দৰে দেশত মুদ্ৰাস্ফীতিৰ হাৰ ৬ৰ পৰা ৭ শতাংশ। এনে এখন দেশত যদি কোনোবাই ২২ৰ পৰা ২৭ বছৰ বয়সৰ ভিতৰৰ চাকৰি এটা পাই মাহে ২০,০০০ৰ পৰা ২৫,০০০ টকা উপাৰ্জন কৰে, তেন্তে ভৱিষ্যতেও তেওঁৰ আয় বছৰেকত ১০ শতাংশৰ হাৰত বৃদ্ধি পাই থাকিব বুলি ধৰি ল’ব পাৰি। এই ক্ষেত্ৰত সেই ব্যক্তিজনে বিনিয়োগ কৰিবলৈ বহু সময় পায়।
অৱসৰৰ পিছত এজন ব্যক্তিক জীৱন-যাপন কৰিবলৈ মাহে কমেও ৬০ হাজাৰ টকাৰ প্ৰয়োজন, যিটো আজিৰ ২৫ হাজাৰ টকাৰ সমতুল্য। ইয়াৰ উপৰিও সময়ৰ লগে লগে মুদ্ৰাস্ফীতিৰ বাবে খৰচ বৃদ্ধি আৰু বয়স বঢ়াৰ লগে লগে কিছুমান খৰচ বেছি হৈ আহে। ফলত ৬০ বছৰ বয়সৰ পিছত আৰামদায়ক জীৱন যাপন কৰিবলৈ ২.৫ কোটিৰ পৰা ৩ কোটি টকা সঞ্চয় কৰিব লাগিব।
যদি আপুনি এই লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়ি যায়, আৰু আপোনাৰ বয়স ২৫ বছৰ হয়, তেন্তে আপুনি প্ৰতিমাহে ২০০০ টকাৰে বিনিয়োগ আৰম্ভ কৰিব পাৰে। ইয়াৰ লগে লগে যদি আপুনি বছৰি ১০ শতাংশ ষ্টেপ আপ কৰে আৰু ৩৫ বছৰৰ পিছত যেতিয়া আপোনাৰ ৬০ বছৰ হ’ব, তেতিয়া আপোনাৰ হাতত ৩ কোটি টকাৰো অধিক হ’ব।