শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold-Silver Price Today: পুনৰ বৃদ্ধি সোণৰ মূল্য, কিনাৰ পূৰ্বে পৰীক্ষা কৰক গুৱাহাটীৰ মূল্য

Gold-Silver Price Today: দেশজুৰি যোৱা দুসপ্তাহত ৫ হাজাৰ টকা হ্ৰাস পাইছিল সোণৰ মূল্য। এতিয়া যদি আপুনিও সোণ কিনাৰ পৰিকল্পনা কৰিছে, তাৰ পূৰ্বে আজিৰ সোণ-ৰূপৰ মূল্য জানি লওক...

Gold-Silver Price Today: পুনৰ বৃদ্ধি সোণৰ মূল্য, কিনাৰ পূৰ্বে পৰীক্ষা কৰক গুৱাহাটীৰ মূল্য
সোণৰ মূল্যImage Credit source: PTI
barasha-misra
Barasha Misra | Updated On: 22 Aug 2025 10:03 AM

Gold-Silver Price 22 August 2025: যোৱা দুসপ্তাহত সমগ্ৰ দেশতে সোণৰ মূল্য প্ৰায় ৫ হাজাৰ টকা হ্ৰাস পাইছিল, তাৰ পিছত আজি পুনৰ দামী হৈ পৰিছে সোণ। সোণ-ৰূপৰ বজাৰত ব্যাপক তৎপৰতা।

যোৱা কেইদিনমানৰ পৰা সস্তা হৈ অহা সোণৰ দাম আজি পুনৰ দেশজুৰি বৃদ্ধি পালে। ইয়াৰ পিছত সোণ ₹ ৩৫০ টকাকৈ দামী হৈ পৰিছে।একে সময়তে ৰূপ ১১১০ টকা বেছি হৈ পৰিছে। ইফালে, হালধীয়া ধাতু বুলিও জনাজাত সোণৰ প্ৰাৰম্ভিক ব্যৱসায় আজি কিমান বৃদ্ধি পাইছে জানি লওক। একে সময়তে আজি দেশত সোণ-ৰূপৰ হাৰ এনেধৰণৰ।

ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য কিমান?

আজি প্ৰতি ১০ গ্ৰাম সোণত ৯৯,৬৩০ টকা আৰু পূৰ্বে প্ৰতি ১০ গ্ৰামত ৯৯,২৮০ টকা আছিল। আজি ৰূপৰ মূল্য প্ৰতি ১ কেজিত ১১৪,২৬০ টকা আৰু পূৰ্বে ১১৩,১৫০ টকা প্ৰতি কেজিত আছিল।

যদি আমি গুৱাহাহাটীৰ সোণ-ৰূপৰ কথা কও, তেন্তে গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্য ৯৩,৪৫০ টকা আৰু ৯৩,৪৫০ টকা। গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৫৩ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২১৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৪০ টকা। আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১১৬.১০ আৰু প্ৰতি কিলোগ্ৰামত ১,১৬,১০০ টকা ।