মেছিৰ নামত প্ৰায় ৮১০০ কোটি টকাৰ বীমা! প্ৰিমিয়ামৰ পৰিমাণে চকু থৰ কৰিব আপোনাৰ

মেছিৰ দৰে খেলুৱৈৰ ক্ষেত্ৰত এই বীমাৰ পৰিমাণ নিৰ্ভৰ কৰে তেওঁৰ দৰমহা, স্প’নচৰশ্বিপ আৰু ইমেজ ৰাইটসহ সৰ্বমুঠ ধনৰ ওপৰত। আৰু সেই অনুসৰি কোটি কোটি টকাৰ দায়িত্ব বীমা কোম্পানীয়ে লয়।

মেছিৰ নামত প্ৰায় ৮১০০ কোটি টকাৰ বীমা! প্ৰিমিয়ামৰ পৰিমাণে চকু থৰ কৰিব আপোনাৰ

লিঅ’নেল মেছি

Updated On: 

16 Dec 2025 13:59 PM

বহু লোকৰ বাবে হয়তো এক নতুন ধাৰণা হ’ব পাৰে ক্ৰীড়া অৰ্থনীতি, কিন্তু যিকোনো দেশৰ অৰ্থনীতিৰ এক বৃহৎ অংশ এই ক্ৰীড়া অৰ্থনীতিৰ সৈতে জড়িত। ক্ৰীড়াৰ সৈতে জড়িত সকলো ব্যৱসায়িক কাৰ্যকলাপ এই ক্ৰীড়া অৰ্থনীতিৰ সৈতে সংপৃক্ত। এইদৰেই আধুনিক ক্ৰীড়াবিশ্বত লিঅ’নেল মেছি বা ক্রিষ্টিয়ানো ৰোনাল্ডো কিম্বা আমাৰ বিৰাট কোহলী হৈ পৰে একো একোটা অমূল্য সম্পদ ৷ তেওঁলোকৰ দুভৰি অথবা বেটৰ যাদুৰ আধাৰত গঢ়ি উঠে কোটি কোটি টকাৰ ব্যৱসায়।

যোৱা ১৩ ডিচেম্বৰত ভাৰতলৈ আহিছিল লিঅ’নেল মেছি। তেতিয়াৰ পৰাই সকলোৰে মনত উত্থাপন হৈছে এক বিশেষ প্ৰশ্ন, ৩ দিন ভাৰতত থাকিও কিয় ভাৰতত এখনো মেচ নেখেলিলে মেছিয়ে? প্ৰকাশিত এক খবৰ মতে মেছিৰ নামত আছে ৯০ কোটি ডলাৰ অৰ্থাৎ প্ৰায় ৮১০০ কোটি টকাৰ বীমা। এই বীমা কোম্পানীটোৰ চৰ্তত কোৱা হৈছে যে মেছিয়ে ক্লাব বা ৰাষ্ট্ৰীয় দলৰ হৈ খেলিলেহে সেই বীমাৰ ধন লাভ কৰিব। অন্যথা লাভ নকৰে বীমাৰ ধন।

কেৱল মাত্ৰ ভৰিৰ বীমা!

এই বিপুল পৰিমাণৰ বীমাৰ আঁৰত আছে এক জটিল আৰ্থিক হিচাপ। অৱশ্যে এই বৃহৎ পৰিমাণৰ বীমা কেৱল মেছিৰ দুভৰিৰ বাবে বুলি ক’লে ভুল কোৱা হ’ব। বিশ্বৰ বিভিন্ন ক্লাবে দৰাচলতে খেলুৱৈৰ বাবে ‘sports disability insurance’ কৰায় ৷ এই বীমাৰ কভাৰেজ কেৱল আঘাতৰ বাবেই নহয়, কেৰিয়াৰ সংকটত পেলাব পৰা যিকোনো আঘাত বা দীৰ্ঘদিনলৈ ক্ৰীড়াৰ জৰিয়তে উপাৰ্জনত ব্যাঘাত জন্মাব পৰা ক্ষতিৰ বাবেও থাকে।

বাৰ্ষিক প্ৰিমিয়াম কিমান?

মেছিৰ দৰে খেলুৱৈৰ ক্ষেত্ৰত এই বীমাৰ পৰিমাণ নিৰ্ভৰ কৰে তেওঁৰ দৰমহা, স্প’নচৰশ্বিপ আৰু ইমেজ ৰাইটসহ সৰ্বমুঠ ধনৰ ওপৰত। আৰু সেই অনুসৰি কোটি কোটি টকাৰ দায়িত্ব বীমা কোম্পানীয়ে লয়। ক্ৰীড়াক সাধাৰণতে ‘হাই-ৰিস্ক স্প’ৰ্টছ’ হিচাপে গণ্য কৰা হয়। গতিকে ক্ৰীড়া সম্পৰ্কীয় বীমাৰ প্ৰিমিয়াম সাধাৰণতে মুঠ বীমাৰ মূল্যৰ ০.৮ শতাংশৰ পৰা ২ শতাংশৰ ভিতৰত হয়।

যদি মেছিৰ বীমাৰ মূল্য ৯০ কোটি ডলাৰ বা ৮১০০ কোটি টকা বুলি ধৰা হয়, তেতিয়া বাৰ্ষিক প্ৰিমিয়াম প্ৰায় ১ শতাংশ হ’ব। এই পৰিমাণ ভাৰতীয় মুদ্ৰাত প্ৰায় ৮১ কোটি টকা। অৰ্থাৎ কেৱল মেছিৰ সুৰক্ষাৰ বাবেই ক্লাবে প্ৰতি বছৰে এই ধন দিব লাগে। আকৌ, যদি বিপদৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া এই প্ৰিমিয়াম ৯ মিলিয়ন ডলাৰৰ পৰা ১৫ মিলিয়ন ডলাৰলৈ বৃদ্ধি পাব পাৰে। অৰ্থাৎ ভাৰতীয় মুদ্ৰাত হ’ব প্ৰায় ১৩৫ কোটি।

অৰ্থাৎ এক ‘বিলিয়ন ডলাৰৰ সম্পত্তি’ হিচাপে মেছিৰ এই বীমা কৰা হৈছে। ইয়াৰ পৰাই প্ৰমাণিত হয় আন এক দিশ, খেলপথাৰত মেছিৰ দুভৰিৰ অনন্য যাদুত আমি যিমানে মুগ্ধ হৈ পৰো, খেলপথাৰৰ বাহিৰত তেওঁৰ আৰ্থিক হিচাপ বহু বেছি জটিল।

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...