আপোনাৰ ধন ক’ত বিনিয়োগ কৰে LIC- এ? হ’ব পাৰে নেকি আপোনাৰ লোকচান!
যিসকল লোকে LICত এনডাউমেণ্ট পলিচি ক্ৰয় কৰে তেওঁলোকৰ বাবে দ্ৰুত লাভতকৈ সুৰক্ষা আৰু সুস্থিৰ সঞ্চয় অধিক গুৰুত্বপূৰ্ণ। অৰ্থাৎ দ্ৰুত মুনাফাতকৈ নিৰাপত্তা আৰু স্থিৰতাক গুৰুত্ব দিয়া গ্ৰাহকসকলৰ বাবে LIC এতিয়াও প্ৰথম পছন্দ। পিছে কোম্পানীটোৱে আপোনাৰ ধন ক’ত বিনিয়োগ কৰে?

LICৰ বিনিয়োগৰ কথা জানেনে?
ভাৰতীয় জীৱন বীমা নিগম, চমুকৈ LIC- এ দেশৰ অন্যতম বৃহৎ চেভিংছ বেংক পৰিচালনা কৰে। ৫৭ লাখ কোটি টকাৰো অধিক সম্পত্তি পৰিচালনা কৰে এই কোম্পানীটোৱে। এনে অৱস্থাত LICক কেৱল এক বীমা কোম্পানী বুলি গণ্য কৰিলে ভুল কৰা হ’ব। ভাৰতীয় শ্বেয়াৰ বজাৰতো দীৰ্ঘম্যাদী বিনিয়োগকাৰীৰ ভিতৰত অন্যতম LIC। বীমা আৰু বিত্তীয় দুয়োটা খণ্ডতে কোম্পানীটোৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ।
যদিও শ্বেয়াৰ বজাৰত তালিকাভুক্ত হোৱাৰ পাছত সংস্থাটোৰ শ্বেয়াৰে বিনিয়োগকাৰীক আশানুৰূপ ৰিটাৰ্ণ দিব পৰা নাই, তথাপি কোটি কোটি পলিচী ধাৰকৰ বাবে LIC আজিও নিৰাপদ সঞ্চয়ৰ এক অনন্য প্ৰতীক।
যিসকল লোকে LICত এনডাউমেণ্ট পলিচি ক্ৰয় কৰে তেওঁলোকৰ বাবে দ্ৰুত লাভতকৈ সুৰক্ষা আৰু সুস্থিৰ সঞ্চয় অধিক গুৰুত্বপূৰ্ণ। অৰ্থাৎ দ্ৰুত মুনাফাতকৈ নিৰাপত্তা আৰু স্থিৰতাক গুৰুত্ব দিয়া গ্ৰাহকসকলৰ বাবে LIC এতিয়াও প্ৰথম পছন্দ।
এসময়ত এল আই চিৰ শ্বেয়াৰৰ দাম হাজাৰ টকাৰ ওচৰ চাপিছিল। অৱশ্যে সেই শ্বেয়াৰৰ মূল্য বৰ্তমান ৮০০ৰ পৰা ৯০০ টকাৰ ভিতৰত আছে। ফলত যোৱা ৫ বছৰত LICৰ শ্বেয়াৰত এনে ৰিটাৰ্ণ দেখা পোৱা নাই।
আৰ্থিক দিশৰ পৰা চালে দেখা যায় যে কোম্পানীটোৱে জুলাইৰ পৰা ছেপ্টেম্বৰ ত্ৰৈমাসিকত ১০ হাজাৰ কোটিতকৈও অধিক নিট লাভ অৰ্জন কৰিছে। বিগত বৰ্ষৰ তুলনাত এই পৰিমাণ প্ৰায় ৩২ শতাংশ অধিক। একেদৰে প্ৰিমিয়ামৰ পৰা হোৱা উপাৰ্জনো বৃদ্ধি পাই ১.২৬ লাখ কোটি টকা হৈছেগৈ।
LIC-য়ে বিনিয়োগৰ ক্ষেত্ৰত সদায় এক সুৰক্ষিত আৰু কঠোৰ নীতি মানি চলে। ইয়াৰ মুঠ পুঁজিৰ অন্তত ৫০ শতাংশ চৰকাৰী ছিকিউৰিটীত বিনিয়োগ কৰা হয়। আনহাতে বাকী অংশ শ্বেয়াৰ, বণ্ড তথা আন্তঃগাঁথনিমূলক প্ৰকল্পত ব্যৱহাৰ কৰা হয়।
সেইবাবেই LIC-ৰ জৰিয়তে বিনিয়োগ কৰিলে মিউচুৱেল ফাণ্ডৰ দৰে ৰিটাৰ্ণ আশা কৰাটো সঠিক নহয়। ই মূলতঃ এক নিৰাপদ আৰু ভৰসাযোগ্য দীৰ্ঘম্যাদী সঞ্চয় আঁচনি।