Lakhpati didi Yojana: মহিলাৰ বাবে চৰকাৰৰ ৫ লাখ টকাৰ সুতবিহীন ঋণ, জানক ইয়াৰ সুবিধা, কেনেকৈ কৰিব পাৰিব আবেদন…

Lakhpati didi yojana: চৰকাৰে বিভিন্ন সময়ত মহিলাসকলৰ বাবে বিভিন্ন আঁচনিৰ ৰূপায়ন কৰে। তেনে এক আঁচনি হ'ল- লাখপতি দিদি আঁচনি। ইয়াৰ অধীনত মহিলাসকলে সুতবিহীন ঋণ লাভ কৰিব।

Lakhpati didi Yojana: মহিলাৰ বাবে চৰকাৰৰ ৫ লাখ টকাৰ সুতবিহীন ঋণ, জানক ইয়াৰ সুবিধা, কেনেকৈ কৰিব পাৰিব আবেদন...

মহিলা (প্ৰতীকী ফটো)

Published: 

08 Jun 2025 21:54 PM

ভাৰত চৰকাৰে মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। মহিলাসকলৰ বাবে ৰূপায়ন কৰা এনে এটা আঁচনি হৈছে লাখপতি দিদি আঁচনি (Lakhpati didi yojana)। এই আঁচনিৰ অধীনত মহিলাসকলে কোনো সুত নোহোৱাকৈ ৫ লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰে। যিসকল মহিলাই নিজাকৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে বা বৰ্তমানৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে তেওঁলোকে এই আঁচনিৰ অধীনত ধন লাভ কৰিব।

লাখপতি দিদি আঁচনি  কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে। ইয়াৰ লক্ষ্য হৈছে মহিলাসকলক আৰ্থিকভাবে স্বাৱলম্বী কৰা। এই আঁচনিৰ অধীনত চৰকাৰে মহিলাসকলক কম সুত বা সুতবিহীন ঋণ দিয়ে যাতে তেওঁলোকে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। যদি কোনো মহিলাই সৰুকৈ দোকান খুলিব বিচাৰে বা আন কাম আৰম্ভ কৰিব বিচাৰে তেন্তে সেইসকল মহিলাই এই আঁচনিৰ লাভ উঠাব পাৰে। এই আঁচনিৰ উদ্দেশ্য হৈছে মহিলাসকলক বছৰি ১ লাখ বা তাককৈ বেছি উপাৰ্জনৰ পথ মুকলি কৰি দিয়া।

কোনে পাব ঋণ

কোনো আত্মসহায়ক গোট (SHG)ৰ সৈতে জড়িত যিকোনো মহিলাই এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰে। আত্মসহায়ক গোট হৈছে এনে এক গোট যত মহিলাসকলে একেলগে ক্ষুদ্ৰ ব্যৱসায় বা সঞ্চয়ৰ বাবে কাম কৰে। ইয়াৰোপৰি এই আঁচনিৰ বাবে মহিলাসকলে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। ইয়াৰোপৰি প্ৰয়োজন হ’ব নথি পত্ৰৰ।

কেনেকৈ পাব ঋণ

এই আঁচনিৰ অধীনত ঋণ ল’বলৈ আপুনি ওচৰৰ বেংক বা আত্মসহায়ক গোটৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। ইয়াৰ বাবে আপুনি এখন আবেদন পূৰণ কৰিব লাগিব আৰু আপোনাৰ ব্যৱসায়িক পৰিকল্পনাৰ বিষয়ে জনাব লাগিব । যদি আপোনাৰ আবেদনে মঞ্জুৰী লাভ কৰে তেন্তে সুত নোহোৱাকৈ ৫ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰে। এই ঋণ আপুনি কিস্তি হিচাপত আদায় দিব পাৰিব।

লাভ

এই আঁচনিৰ আটাইতক ডাঙৰ সুবিধাটো হ’ল ঋণৰ কোনো সুত দিব নালাগে। ইয়াৰ ফলত মহিলাৰ ওপৰত আৰ্থিক বোজা কমি যায়। ইয়াৰোপৰি চৰকাৰে বিশ্বাস কৰে যে এই আঁচনিয়ে মহিলাসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰে। ইয়াৰ জৰিয়তে মহিলাসকলে উপাৰ্জন কৰাৰ লগতে পৰিয়াল আৰু সমাজলৈও অৰিহনা যোগায়।

কেনেকৈ কৰিব আবেদন

এই আঁচনিৰ অধীনত ঋণ গ্ৰহণ কৰিবলৈ আপুনি ওচৰৰ বেংক, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ কাৰ্যালয়, বা কোনো আত্মসহায়ক গোটৰ প্ৰতিনিধিৰ সৈতে যোগাযোগ কৰিব লাগিব। আবেদন কৰাৰ সময়ত আপোনাক আধাৰ কাৰ্ড, পেন কাৰ্ড বা অন্যান্য প্ৰয়োজনীয় নথি পত্ৰ লাগিব। ইয়াৰোপৰি ঋণটো কি কামত ব্যৱহাৰ কৰিব বিচাৰে সেই বিষয়েও উল্লেখ কৰিব লাগিব।

 

অন্য খবৰ পঢ়কঃ ৰাজ্যৰ এইসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব চৰকাৰী ধন, মুখ্যমন্ত্ৰীৰ ঘোষণা…

IPLকৈও অধিক ধন লাভ কৰিব WTCৰ বিজয়ী দলে, ভাৰতে লাভ কৰিব ইমান পৰিমাণৰ ধন…
আপোনাৰ এনে দৈনন্দিন অভ্যাসে মাতি আনিব পাৰে বিপদ, লাহে লাহে কৰিব পাৰে হাওঁফাওঁৰ ক্ষতি
সঘনাই পেটৰ বিষ, গেছ হৈ থাকে নেকি? জানক ইয়াৰ কাৰণ...
যকৃতৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? এনেকৈ চিনাক্ত কৰক...